ETV Bharat / state

Communal clashes: গোষ্ঠীগত সংঘৰ্ষ হ’ব পাৰে অসমত ! আশংকা সুস্থ সমাজ বিকাশ চক্ৰৰ - Manipur

বুধবাৰে গুৱাহাটী প্ৰেছক্লাৱত সংবাদমেল সম্বোধন সুস্থ সমাজ বিকাশ চক্ৰৰ ৷ ‘অসমত পুনৰ গোষ্ঠীগত সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে ৷ কেৱল হিন্দু মুছলমান নহয় এইবাৰ বড়ো আৰু কছাৰি বা কাৰ্বি আৰু গাৰো জনগোষ্ঠীৰ মাজত সংঘাতৰ আশংকা ৷’’ এই মন্তব্য সুস্থ সমাজ বিকাশ চক্ৰৰ সভাপতি ড° অপূৰ্ব কুমাৰ বৰুৱাৰ ৷

Dr Apurba Kumar Baruah
গোষ্ঠাগত সংঘৰ্ষ হ’ব পাৰে অসমত ভৱিষ্যৎ বাণী ড° অপূৰ্ব কুমাৰ বৰুৱাৰ
author img

By

Published : Jul 26, 2023, 8:27 PM IST

অসমত গোষ্ঠীগত সংঘৰ্ষৰ আশংকা ড° অপূৰ্ব কুমাৰ বৰুৱাৰ

গুৱাহাটী,২৬ জুলাই: মণিপুৰৰ সাম্প্ৰতিক হিংসাত্মক ঘটনাৰাজীৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ সুস্থ সমাজ বিকাশ চক্ৰৰ ৷ বুধবাৰে গুৱাহাটী প্ৰেছক্লাৱত সংবাদমেল সম্বোধন কৰি মণিপুৰত মহিলাক পণবন্দী হিচাপে ব্যৱহাৰ কৰি অকথ্য যৌন নিৰ্যাতন চলোৱা কাৰ্যৰ তীব্ৰ গৰিহণা দিয়ে সুস্থ সমাজ বিকাশ চক্ৰৰ সভাপতি ড° অপূৰ্ব কুমাৰ বৰুৱাই ৷

মণিপুৰৰ শেহতীয়া ঘটনা আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত সৰব হৈ পৰে সুস্থ সমাজ বিকাশ চক্ৰৰ সভাপতি ড° অপূৰ্ব কুমাৰ বৰুৱা ৷ তেওঁ কয়, ‘‘যেতিয়া নাৰীক সম্প্ৰদায়ৰ প্ৰতিনিধি বুলি ভাৱে আৰু তেওঁলোকৰ ওপৰত কৰা অত্যাচাৰ সেই সম্প্ৰদায়টোৰ ওপৰত কৰা অত্যাচাৰ বুলি প্ৰতিপন্ন কৰিব বিচাৰে সেইটোৱে এটা বেলেগ ৰূপ লয় ৷ মুখ্যমন্ত্ৰীয়ে আন ৰাজ্যতো ধৰ্ষণ হয় বুলি কৈ ধৰ্ষণক ন্যায্যতা প্ৰদান কৰাটোৱে মুখ্যমন্ত্ৰীজনাৰ নিকৃষ্ট নাৰী বিদ্বেষী ৰাজনীতিক প্ৰতিফলিত কৰিছে ৷’’

বৰুৱাই আৰু কয় ‘‘অসম আন্দোলনত হোৱা হিংসাত্মক ঘটনাতকৈ অধিক গোষ্ঠীগত সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে ৷ কেৱল হিন্দু-মুছলমান নহয় এইবাৰ বড়ো আৰু কছাৰি বা কাৰ্বি আৰু গাৰোৰ লগতে অন্যান্য জনগোষ্ঠীৰ মাজত সংঘাত হোৱাৰ সম্ভাৱনা আছে ৷ কাৰণ বিজেপিয়ে ধৰ্মীয় আৰু জনগোষ্ঠীয় সাম্প্ৰদায়িকতাৰ ৰাজনীতিৰ আশ্ৰয় লৈছে ৷ সেয়ে অসমবাসীয়ে হ’ব পৰা বিপদৰ পৰা সাৱধান হ’ব লাগিব ৷’

আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত ড° অপূৰ্ব কুমাৰ বৰুৱাই কয় ‘‘উজনি অসম জ্বলি আছে ৷ ইয়াৰ জৰিয়তে চৰকাৰে ঘৃণা বিয়পাই ফুৰিছে ৷ আহোম বিৰোধী স্থিতি লোৱাৰ লগতে চৰকাৰে লোৱা প্ৰস্তাৱৰ বিৰুদ্ধে অন্যান্য সমষ্টিতো প্ৰতিবাদ কৰি আহিছে ৰাইজে ৷’’

লগতে পঢ়ক:Guwahati Urban Forest: গুৱাহাটীৰ ১৮ খন পাহাৰৰ ব্যাপক অৱক্ষয়ৰ বিপৰীতে ‘আৰবান ফৰেষ্ট’ৰ পৰিকল্পনা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.