গুৱাহাটী, 21 মে': মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত অব্যাহত আছে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ চিকিৎসা ৷ চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ৰোগীসকলক কেনেদৰে আগবঢ়োৱা হৈছে চিকিৎসা সেৱা ? প্ৰকৃততে এজন কৰ'ণা ৰোগীৰ আৰোগ্য হ'বলৈ কিমান সময়ৰ প্ৰয়োজন হয় ? এই সকলো কথা জনালে মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ৷ চাওক ইটিভি ভাৰতৰ সৈতে অভিজিৎ শৰ্মাৰ এক আছুতীয়া সাক্ষাৎকাৰ ৷
উল্লেখ্য যে, বৰ্তমানলৈ চিকিৎসালয় খনত 61 জন কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীক চিকিৎসা আগবঢ়াই থকা হৈছে ৷ লগতে 21 জন ৰোগীক আৰোগ্য কৰি ঘৰলৈ যাবলৈও দিয়া হৈছে বুলি জানিবলৈ দিলে অধীক্ষক গৰাকীয়ে ৷ আনহাতে বৰ্তমান 60 খন বিচনা কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ বাবে সাজু কৰি ৰাখিছে বুলিও জনালে অধীক্ষক অভিজিৎ শৰ্মাই ৷
লগতে পঢ়কঃ ৰাজ্যত সুস্থ 7জন কৰ'ণাত আক্ৰান্ত ৰোগী, ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ