গুৱাহাটী, ৬ জানুৱাৰী : দিছপুৰ প্ৰেছ ক্লাৱত বুধবাৰে অনুষ্ঠিত হোৱা এখন সভাত উন্মোচন কৰা হয় কবি জানু নাথৰ কাব্য় সংকলন 'নতুন পৰিচয়' ৷ কবিগৰাকীয়ে জীৱনৰ বৰ্ণিল অনুভৱ-অভিজ্ঞতাৰ ভিত্তিত লিখা এই কাব্য় সংকলনখন উন্মোচন কৰে বিশিষ্ট লেখিকা, ঔপন্যাসিক, গল্পকাৰ জীমণি চৌধুৰীয়ে । উক্ত সভাত বিশিষ্ট অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক, চিত্ৰ সমালোচক তথা শিল্পী বিদ্যুৎ কুমাৰ ভূঞা, অসমীয়া খবৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথ, কবি কমলজিৎ কলিতা উপস্থিত থাকে । অনুষ্ঠানত 'প্ৰিয় সখী' আলোচনীৰ কাৰ্যবাহী সম্পাদক গুঞ্জন ফুকন, সমাজকৰ্মী, ভৃগু কুমাৰ দত্তও উপস্থিত থাকে ।
উল্লেখ্য যে, ২৭ টাকৈ কবিতা সন্নিৱিষ্ট 'নতুন পৰিচয়' কাব্যগ্ৰন্থখন প্ৰকাশ কৰিছে ৰেৱকান্ত নাথে ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত লেখিকা জানু নাথে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰি কয় যে, জীৱনৰ বহু অভিজ্ঞতা আৰু মনৰ কিছু অনুভৱ কবিতাৰ ৰূপত প্ৰকাশ কৰি তেখেতে জীৱনটোক ইতিবাচক দৃষ্টিৰে চাবলৈ প্ৰয়াস কৰিছে ৷
লগতে পঢ়ক : ছয়গাঁৱৰ চাম্পুপাৰাত জাল নোটসহ সৰবৰাহকাৰী আটক