গুৱাহাটী, ১৫ ফেব্ৰুৱাৰীঃ গুৱাহাটী মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত ২৭ সংখ্যক ডাউন টাউন সাৰ্বজনীন বক্তিতা অনুষ্ঠান । এই অনুষ্ঠানতেই আঁঠুৰ ক্ষেত্ৰত হোৱা বিভিন্ন ৰোগৰ চিকিৎসা আৰু ইয়াৰ প্ৰতি ল'ব লগা সাৱধানতাৰ ওপৰত আলোচনা কৰা হয়। কেইবাজনো দেশী বিদেশী চিকিৎসকে অংশ গ্ৰহণ কৰে এই অনুষ্ঠানত ।
এই অনুষ্ঠানতে ডাউন টাউন এৱাৰ্ড ফৰ এক্সচেলেন্স ২০১৯ প্ৰদান কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ তিনিজন চিকিৎসকক প্ৰদান কৰা হয় এই বঁটা। ডাউন টাউন এৱাৰ্ড ফৰ এক্সচেলেন্স ইন মেডিচিন বঁটা লাভ কৰে ইম্ফলৰ ছিজা হস্পিতালৰ অধ্যক্ষ ড0 পালিন খুণ্ডংবাম (Dr Palin Khundongbam) ইপিনে প্ৰফেছৰ যোগেশ মহন্ত মেমৰিয়েল এৱাৰ্ড লাভ কৰে আইজল চিভিল হস্পিতালৰ চুপাৰেণ্ডতটেণ্ড ড০ কে আই ৰামসংগাই (Dr K I Remsanga) আৰু প্ৰফেছৰ প্ৰত্যুল গোস্বামী মেমৰিয়েল এৱাৰ্ড লাভ কৰে ডাউন টাউন হস্পিতালৰ চিকিৎসক ড০ ইন্দিৰা কুলাধিপতিয়ে ( Dr indra kuladhipati) । এই বঁটাত আছে নগদ এক লাখ টকাৰ লগতে সোণৰ পদক আৰু এখন মানপত্ৰ ।