গুৱাহাটী,২২ এপ্ৰিল: ক'ভিড ১৯ৰ নতুন ভয়াবহ ৰূপ ডাবল মিউটেন্ট বি-1617 সংক্ৰমিত লোক অসমতো চিনাক্ত হৈছে ।ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত ধৰা পৰিছে এই ৰোগৰ বীজানু । স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে প্ৰকাশ কৰিছে এই কথা । বৃহস্পতিবাৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত সৰ্বদলীয় বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত এই নতুন খবৰ সদৰী কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে, সম্প্ৰতি অসমত ক'ভিডৰ ইউ কে ষ্ট্ৰেইন ধৰা পৰিছে । কিন্তু ডাবল মিউটেন্ট হৈছে ইউ কে ষ্ট্ৰেইন আৰু কেলিফ'ৰ্ণিয়া ষ্ট্ৰেইনৰ সংমিশ্ৰণ । সেয়েহে স্বাভাৱিকতে ইয়াৰ ভয়াবহতা অধিক । মহাৰাষ্ট্ৰত এই ডাবল মিউটেন্টেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ।
লগতে পঢ়কঃ ক'ভিড পৰীক্ষাৰ ভয়ত শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন ৩০০ যাত্ৰীৰ