ETV Bharat / state

ৰাইজক ভয় দেখুৱাই শাসন নচলাবঃ দেৱব্ৰত শইকীয়া

author img

By

Published : May 25, 2020, 9:19 PM IST

বিগত দিনত আদিবাসী সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি বলদেৱ তেলী, দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অসমীয়া ছাত্ৰী দেৱাংগনা কলিতা আৰু তেওঁৰ সহপাঠী এগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰাইজৰ স্বাধীনতাক খৰ্ব কৰাৰ প্ৰয়াস কৰিছে ৷

don't show fear to the people: Debabrata Saikia
ৰাইজক ভয় দেখুৱাই শাসন নচলাবঃ দেৱব্ৰত শইকীয়া

গুৱাহাটী,25মে': শেহতীয়াভাৱে ৰাজনৈতিক অভিসন্ধিৰে চৰকাৰে 'কা' বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে বিভিন্ন দল সংগঠনৰ লগত জড়িত ব্যক্তিসকলক তথা ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ কৰি ৰাজ্যৰ ৰাজনৈতিক বাতাৱৰণৰ লগতে সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ প্ৰয়াসত নামি পৰিছে । এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ।

আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাত বিৰোধী দলপতিগৰাকীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে, বিগত দিনত আদিবাসী সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি বলদেৱ তেলী, দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী দেৱাংগনা কলিতা আৰু তেওঁৰ সহপাঠী এগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰাইজৰ স্বাধীনতাক খৰ্ব কৰাৰ প্ৰয়াস কৰিছে ৷

ইপিনে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে, তেওঁ নিজেই আন্দোলনৰ মাজেৰে গৈ আজি মুখ্যমন্ত্ৰীৰ আসন পালে, তেনেক্ষেত্ৰত গণতান্ত্ৰিকভাৱে চৰকাৰৰ ভুল নীতি আৰু জনবিৰোধী আইনৰ বিৰুদ্ধে মাত মতা লোকসকলক পুলিচ প্ৰশাসনৰ জৰিয়তে বল প্ৰয়োগ কৰি বাকৰুদ্ধ কৰিব বিচৰা কাৰ্য্য গৰিহণাৰ যোগ্য ৷

জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰক মোহাৰি স্বৈৰাচাৰী শাসন চলাবলৈ চেষ্টা কৰি থাকিলে আগন্তুক সময়ত ৰাজপথত ইয়াৰ বিৰুদ্ধে ৰাইজ তথা দল সংগঠন আন্দোলনৰ বাবে ওলাই আহিবলৈ বাধ্য হ'ব বুলিও কয় বিৰোধী দলপতিগৰাকীয়ে । আনহাতে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বলদেৱ তেলীক অতিশীঘ্ৰে মোকলাই দিবলৈও ৰাজ্য চৰকাৰক দাবী জনায় ৷

লগতে পঢ়কঃকোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰতে যুগ্ম জীৱনৰ পাতনি মেলিলে দৰা-কইনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.