গুৱাহাটী,5 মাৰ্চঃ জালুকবাৰী আৰক্ষীৰ জালত পৰিল দুটা দুধৰ্ষ ডকাইত । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিহাৰৰ অজয় যাদৱ আৰু মিঠুন কুমাৰ নামৰ ব্যক্তি দুজনক । ব্যক্তি দুগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন থানাত চুৰি-ডকাইতিৰ গোচৰ ৰুজু হৈ আছে ৷ ডকাইত দুটাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে । বিশেষকৈ মালিগাঁৱত সংঘটিত ডকাইতি কাণ্ডত তৃতীয় ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ।
উল্লেখ্য যে, বিগত বৰ্ষৰ ৫ ছেপ্তেম্বৰত সংঘটিত হৈছিল এক ডকাইতি কাণ্ড । এইচ ডি এফ চি বেংকৰ পৰা ধন লৈ অহা অৱস্থাত দুৰ্বৃত্তই লুটি নিছিল উক্ত ধনখিনি । বেংকত সংস্থাপিত চি চি টিভি কেমেৰাৰ দৃশ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে । অধিক তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য ৷
লগতে চাওকঃঅসমত কৰ’ণা ভাইৰাছ ! বঙাইগাঁৱত এজন আক্ৰান্ত হোৱাৰ সন্দেহ