গুৱাহাটী,26 মাৰ্চঃ মহানগৰীৰ গুৱাহাটীত জীৱনযাত্ৰা চলাই যোৱা এজন ব্যক্তি ৷ পদপথৰ ব্যৱসায়ী হিচাপে পৰিচিত ব্যক্তিজনৰ নাম তুলতুল কছাৰী । বিগত 10বছৰ পূৰ্বে বহিঃৰাজ্যৰ চাকৰি এৰি অসমলৈ ঘূৰি আহি ভঙাগড়ৰ পদপথত এখন ভাতৰ দোকান দিছিল তুলতুলে ৷ তেতিয়াৰ পৰা একেদৰে জীৱন নিৰ্বাহ চলাই আহিছে ব্যক্তিজনে । শেহতীয়াকৈ নিজ কৰ্মৰ জৰিয়তে খবৰৰ শিৰোনাম দখল কৰিছে ব্যক্তিজনে ৷
বৰ্তমান সময়ত কৰ’ণা ভাইৰাছৰ আতংকৰ মাজত জনসাধাৰণে দিন কটাবলগীয়া হৈছে ৷ এই সময়তে বাহিৰলৈ ওলাই আহি এইজন ব্যক্তিয়ে বিনামূলীয়াকৈ সকলোকে খাদ্য বিলোৱাৰ দৃশ্য দেখা গৈছে এইখন মহানগৰীতে ৷ কৰ’ণা ভাইৰাছৰ বাবে দেশত 21 দিন লক ডাউন ঘোষণাৰ পিছত ঘৰত খাদ্য প্ৰস্তুত কৰি আনি তুলতুলে পদপথৰ লোকসকলক বিলাইছে খাদ্য ।
উল্লেখ্য যে,গণেশগুৰিৰ পৰা উলুবাৰীলৈ পদপথত থকা সকলো লোকৰ মাজতে খাদ্য বিলায় তুলতুলে ৷ খাদ্য বিলোৱাৰ পূৰ্বে পদপথৰ লোকসকলক পৰিস্কাৰকৈ হাত ধুবলৈ সজাগ কৰাৰ লগতে একাংশক নিজ হাতেৰে হাত ধুবলৈ পানী ঢালি দিয়ে ৷ ব্যক্তিজনক এই কাৰ্যত সহায় কৰে আন তিনিজন ব্যক্তিয়ে । বৃহস্পতিবাৰৰ দিনটোত প্ৰায় 70 জন ব্যক্তিক খাদ্য যোগান ধৰে দলটোৱে ৷ দলটোৱে পদপথৰ লোকসকল কৰ’ণাৰ ফলত মৃত্যু ঘটাতকৈ অনাহাৰে মৃত্যুবৰণ কৰিব বুলি ভাবি খাদ্যৰ যোগান ধৰা বুলি ব্যক্ত কৰে ৷
তুলতুলৰ এই মহানুভৱতাই হয়তো জীৱন ৰক্ষা কৰিব আন বহুজনৰ । এইসকল ব্যক্তিৰ নিঃস্বার্থ কাৰ্যৰ ফলতে পৃথিৱীত হয়তো মানৱতাবোধ জীয়াই থাকিব বহুদিনলৈকে ৷ তুলতুল কছাৰী এই কাৰ্যৰ এক সামান্য উদাহৰণ ৷ দলটোৰ এই কাৰ্য সঁচাকৈয়ে প্ৰশংসনীয় বুলি মহানগৰবাসীৰ মাজত পৰিচিত হৈছে ৷