গুৱাহাটী, ১৫ এপ্ৰিল: বিহুৰ উলাহৰ মাজতে এক ৰাজনৈতিক চৰ্চা, অসমত সলনি হ’ল নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'ব্লু আইড বয়' (Internal clash in BJP)? দূৰত্ব বৃদ্ধি পাইছে নেকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Cabinet Minister Sarbananda Sonowal) ? গৰুবিহুৰ দিনা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ পিচত ৰাজ্যজুৰি এটা বিষয় চৰ্চিত হৈ পৰিছে ।
![নৰেন্দ্ৰ মোডীৰ আদৰণিতো দেখা নগ’ল সৰ্বানন্দ সোণোৱালক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/distancebetweensonwalandhimantabiswawidening_15042023150043_1504f_1681551043_1076.jpg)
এটি ভিডিঅ’ আৰু এখন বিশেষ ফটো আছে চৰ্চাৰ শীৰ্ষত ৷ সেয়া হ’ল, ৰোড শ্ব’ কৰি প্ৰধানমন্ত্ৰী আগুৱাইছে সৰুসজাইৰ বিহু অনুষ্ঠানলৈ ৷ দুয়োকাষে হাজাৰ হাজাৰ জনতা ৷ প্ৰধানমন্ত্ৰীয়ে নিজৰ গাড়ীত একাষে দৰ্জাৰ কাষত থিয় দি সম্ভাষণ জনাইছে পথৰ কাষত থকা জনতাক ৷ প্ৰধানমন্ত্ৰীৰ গাড়ীৰ আনখন দৰ্জাত ধৰি থিয় দি প্ৰধানমন্ত্ৰী মোডীক সংগ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰধানমন্ত্ৰী মোডীৰ (PM Narendra Modi) সৈতে একেখন গাড়ীত উঠি ৰোড শ্ব’ত ভাগ ল’লে হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু সৰ্বানন্দ সোণোৱাল ক’ত আছিল তেতিয়া ?
![এইমছৰ উদ্বোধনী অনুষ্ঠানত দেখা নগ’ল সৰ্বানন্দ সোণোৱালক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/distancebetweensonwalandhimantabiswawidening_15042023150043_1504f_1681551043_48.jpg)
বিহুৰ বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠানৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দিনজোৰা অসম ভ্ৰমণৰ কাৰ্যসূচীসমূহত দেখা নগ’ল । যি সামান্য অংশগ্ৰহণ কৰিলে তাকো তেনেই নিস্প্ৰভ ৰূপত দেখা গ’ল সৰ্বানন্দ সোণোৱালক । শুকুৰবাৰৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসমত আছিল মুঠতে চাৰিটা কাৰ্যসূচী ৷ তাৰে প্ৰথম তিনিটা কাৰ্যসূচীত একেবাৰে দেখা নগ’ল প্ৰধানমন্ত্ৰী মোডীৰ 'ব্লু আইড বয়' (Blue Eyed Boy of Modi) বুলি সুনাম থকা সৰ্বানন্দ সোণোৱালক ৷ চতুৰ্থটো কাৰ্যসূচীত সোণোৱালক দেখা গ’ল যদিও কাৰ্যত সেয়া আছিল যেন একেবাৰে নিস্প্ৰভ আৰু সৌজন্যমূলক (PM Modi road show in Assam)।
![গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীত দেখা গ‘ল সোণোৱালৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/distancebetweensonwalandhimantabiswawidening_15042023150043_1504f_1681551043_1032.jpg)
প্ৰধানমন্ত্ৰীৰ প্ৰথম তিনিটা কাৰ্যসূচী আছিল ক্ৰমে আইআইটি, চাংসাৰিত এইমছ উদ্ঘাটন আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ (Gauhati High court diamond jubilee) অনুষ্ঠান ৷ এই তিনিওটা অনুষ্ঠানতে দেখা নগ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷ বিপৰীতে একেবাৰে সন্ধিয়াৰ ভাগলৈ সৰুসজাইৰ বিহু অনুষ্ঠানতহে উপস্থিত থকা দেখা গ’ল সৰ্বানন্দ সোণোৱালক ৷ কিন্তু সক্ৰিয় ৰূপত দেখা নগ’ল সোণোৱালক ৷
![ৰোড শ্ব’ৰ এফালে মোডী সিফালে সোণোৱাল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/distancebetweensonwalandhimantabiswawidening_15042023150043_1504f_1681551043_257.jpg)
আনহাতে, ১৩ এপ্ৰিলৰ বিহুৰ বিশ্ব ৰেকৰ্ড অনুষ্ঠানতো দেখা পোৱা নগ’ল প্ৰাক্তন মুখ্যমন্ত্ৰীজনক । কিন্তু সেইদিনা গুৱাহাটীতে উপস্থিত আছিল সৰ্বানন্দ সোণোৱাল ৷ হোটেল তাজ ভিভান্তাত মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়ন লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা জনোৱা এক অনুষ্ঠানতো সেইদিনা অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱাল ৷
![সৰুসজাই ষ্টেডিয়ামৰ বিহু নৃত্যৰ অনুষ্ঠানত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/18261020_kk.jpg)
আনকি শুকুৰবাৰে পুৱবেলা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱা আৰু সন্ধিয়া বিদায় জনোৱা পৰ্বতো ৰাজ্যপাল, মুখ্যমন্ত্ৰী শৰ্মা, বিজেপিৰ সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰা আদিক দেখা গ’ল যদিও দেখা নগ’ল সৰ্বানন্দ সোণোৱালক ।সেয়ে প্ৰধানমন্ত্ৰী দিল্লীলৈ ৰাওনা হোৱাৰ পিচত এতিয়া বিহুৰ উলাহৰ মাজতে এক বিস্তৰ ৰাজনৈতিক চৰ্চা কালিলৈকে ৰাজ্যৰ ৰাজনীতিত ক্ৰমাৎ অচল হৈ পৰিছে নেকি সৰ্বানন্দ সোণোৱাল ? দূৰত্ব অধিক বৃদ্ধি হৈছে নেকি সোণোৱাল-হিমন্তৰ ? বিশেষকৈ চৰ্চা হৈছে কালিলৈকে মোডীৰ 'ব্লু আইড বয়' ৰূপে চৰ্চিত সৰ্বানন্দ সোণোৱালৰ ঠাই গ্ৰহণ কৰিলে নেকি হিমন্ত বিশ্ব শৰ্মাই ?
![নৰেন্দ্ৰ মোডীৰ বিদায়ক্ষণতো দেখা নগ’ল সৰ্বানন্দ সোণোৱালক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/distancebetweensonwalandhimantabiswawidening_15042023150043_1504f_1681551043_701.jpg)
লগতে পঢ়ক: Barpeta Satra: বৰপেটা সত্ৰৰ বৰ্ষফল গণনা অনুসৰি কেনেদৰে যাব বছৰটো ?
অসমত প্ৰধানমন্ত্ৰী মোডীৰ 'ব্লু আইড বয়' সলনি হ’ল নে নাই সেয়া পৰৱৰ্তী দিনবোৰত গম পোৱা যাব ৷ কিন্তু এটা কথা ঠিক যে, প্ৰধানমন্ত্ৰীৰ এদিনীয়া অসম ভ্ৰমণে দেখুৱাই দিলে যে দূৰত্ব অধিক হৈছে হিমন্ত বিশ্ব আৰু সৰ্বানন্দ সোণোৱালৰ ৷