ETV Bharat / state

Sikha Sarma Arrested : শিখা শৰ্মাক ন্যায়িক জিন্মালৈ প্ৰেৰণ - ৰঙাঘৰৰ আলহী হ’ল বিতৰ্কিত লেখিকা শিখা শৰ্মা

অৱশেষত ৰঙাঘৰৰ আলহী হ’ল বিতৰ্কিত লেখিকা শিখা শৰ্মা ৷ সামাজিক মাধ্যমত গোৱালপাৰাৰ বিজেপি নেত্ৰী জোনালী নাথ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল ৷ সেই অপৰাধতে শিখা শৰ্মাক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হয় ৷

Dispur police arrest Sikha Sarma regarding her post on social media
ৰঙাঘৰৰ আলহী হ’ল বিতৰ্কিত লেখিকা শিখা শৰ্মা
author img

By

Published : Jun 17, 2023, 1:51 PM IST

গুৱাহাটী, ১৭ জুন : হত্যাৰ বলি হোৱা গোৱালপাৰাৰ বিজেপি নেত্ৰী জোনালী নাথ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ’ল বিতৰ্কিত লেখিকা শিখা শৰ্মা । নিজৰা বৰ্মন আৰু ইপ্সিতা বৰুৱাই বৃহস্পতিবাৰে দিছপুৰ থানাত দিয়া এজাহাৰৰ ভিত্তিতে শিখা শৰ্মাক বৃহস্পতিবাৰে নিশা দিছপুৰ আৰক্ষীয়ে আটক কৰে । তাৰ পাচত আৰক্ষীয়ে শিখা শৰ্মাক সোধপোছ কৰাৰ পিছত শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰে ।

গ্ৰেপ্তাৰৰ পিচতে আদালত হাজিৰ কৰোৱা হয় বিতৰ্কিত শিখা শৰ্মাক । তাৰ পাচতে আদালতে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে শিখা শৰ্মাক । উল্লেখ্য যে, জোনালী নাথৰ মৃত্যুৰ পিচত তেওঁৰ চৰিত্ৰক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য আগবঢ়াইছিল লেখিকা শিখা শৰ্মাই ৷

সেই বিতৰ্কিত মন্তব্যৰ পাচতে সৰ্বত্ৰে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইয়াৰ পিচতে শিখা শৰ্মাৰ ফেচবুক পষ্টটোৰ বিৰুদ্ধে সৰৱ হৈ পৰে মহিলা আয়োগ ৷ আনকি মহিলা আয়োগে বিভাগীয় কৰ্তৃপক্ষক এই ফেচবুক পোষ্টৰ তদন্ত কৰিবলৈ আবেদন কৰে ।

মহিলা আয়োগে অসম আৰক্ষী সঞ্চালক প্ৰধানলৈ লিখা পত্ৰত এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় । আনকি পৰৱৰ্তী পৰ্যায়ত এই অভিযোগৰ তদন্ত কৰি ৩ দিনৰ ভিতৰত কাৰ্যব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন বিচাৰি বৃহস্পতিবাৰে আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী জাৰি কৰিছিল মহিলা আয়োগৰ অধ্যক্ষ হেমপ্ৰভা বৰঠাকুৰে । আয়োগৰ এই জাননী ৰাজহুৱা হোৱাৰ পিচতে ইয়াক লৈ বিভিন্ন প্ৰশ্নৰ উদ্বেগ ঘটিছিল ।

সকলোৰে জ্ঞাত যে, সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি চৰ্চাৰ শিৰোনাম দখল কৰি আহিছে শিখা শৰ্মাই ৷ বিতৰ্কিত মন্তব্য কৰাৰ বাবে পূৰ্বেও কাৰাগাৰলৈ গৈছিল শিখা শৰ্মা ৷ এইবাৰো ব্যক্তিক্ৰম নহয় ৷ আদালতে শিখা শৰ্মাৰ জামিন আবেদন নাকচ কৰি ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : Sikha Sarma detained: দিছপুৰ আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত শিখা শৰ্মাক, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.