ETV Bharat / state

বহু প্ৰতীক্ষাৰ অন্তত মুখ খুলিলে ফলপ্ৰিয় বিধায়ক অতুল বৰাই

author img

By

Published : Jul 1, 2022, 8:31 PM IST

এজনে বিধায়কৰ আম খাই ৰঙাঘৰৰ ভাত খাবলগীয়া ঘটনাৰ প্ৰায় এটা সপ্তাহৰ পাচত মুখ খুলিলে আমৰ মালিকে ৷ 5 টা আমে জীৱনৰ বাবে আমৰ সোৱাদ টেঙা কৰি দিয়া সুভাষ বৰ্মনৰ লগত আচলতে কি হৈছিল, ক’লে বিধায়ক অতুল বৰাই (Dispur MLA Atul Bora)৷ উপহাৰ হিচাবে আম লাভ কৰিও কিয় নাখালে বিধায়কগৰাকীয়ে সেয়াও জানিব পাৰিব এই প্ৰতিবেদনত ৷

Dispur MLA Atul Bora
বহু প্ৰতীক্ষাৰ অন্তত মুখ খুলিলে ফলপ্ৰিয় বিধায়ক অতুল বৰাই

গুৱাহাটী, ১ জুলাই: বিধায়ক আৱাসৰ আম খাই এনিশাৰ বাবে ৰঙাঘৰৰ ভাত খাবলগীয়া হৈছিল সুভাষ বৰ্মন নামৰ এজন লোকে (Man detained for plucking mango from MLAs residence)৷ 25 জুনত দিছপুৰৰ বিধায়ক অতুল বৰাৰ চৰকাৰী আৱাসগৃহৰ চৌহদত থকা এজোপা আম গছৰ পৰা আম পাৰি খোৱাৰ পাছতেই কোনোকালে সন্মুখীন নোহোৱা ঘটনাৰ সাক্ষী হৈছিল সুভাষ বৰ্মন (Dispur MLA Atul Bora mango incident)৷ 5 টা আম আম খোৱাৰ পাছতে বিধায়ক অতুল বৰাৰ(Dispur MLA Atul Bora) ৰান্ধনীৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল লোকজনক ৷

ফলপ্ৰিয় বিধায়ক অতুল বৰাৰ আম খাই সুভাষ বৰ্মনৰ বাবে জীৱনৰ বাবে আম টেঙা হৈ পৰে যদিও বিষয়টোৱে চৰ্চা লাভ কৰাত লোকজনক আৰক্ষীয়ে মোকোলাই দিয়ে ৷ ইয়াৰ পাছতো বিধায়ক অতুল বৰাৰ আমে চৰ্চা লাভ কৰিয়েই থাকিল ৰাজ্যজুৰি ৷ ফল-মূলৰ প্ৰতি বিধায়কগৰাকীৰ অত্যাধিক দূৰ্বলতাৰ প্ৰতি লক্ষ্য ৰাখি বেলতলাৰ লুইত কুমাৰ বৰ্মন নামৰ এজন ব্যৱসায়ীয়ে নিজ সমষ্টিটোৰ বিধায়কগৰাকীৰ বাবে 5 টা মিঠা আম কুৰিয়াৰ কৰি পঠায় (Luit Kumar Barman sent mango to MLA)৷ কিন্তু বিধায়কগৰাকীয়ে সেই আম গ্ৰহণ নকৰিলে ৷

বিধায়ক অতুল বৰাৰ এনে আমপ্ৰীতিক লৈ বিৰোধী পক্ষ, সংবাদ মাধ্যম, সামাজিক মাধ্যম ব্যস্ত হৈ পৰে । যোৱা ৫ দিন ধৰি অতুল বৰাৰ বিশেষ আমজোপাই চৰ্চা লাভ কৰি থকাৰ পৰত বিধায়কগৰাকী মৌন হৈ আছিল যদিও এই বিষয়ত শুকুৰবাৰে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে ।

বিধায়ক বৰাৰ মতে, ফল-মূলৰ প্ৰতি মোৰ দুৰ্বলতা নথকা নহয় । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সি মোক আম খুজিলে মই তাক আম নিদিয়াকৈ থাকিম । মোৰ গুৱাহাটীৰ হাতীগঁড় চাৰিআলিৰ ঘৰৰ বাৰীখনত বিভিন্ন ফল-মূলৰ গছ আছে । খোৱা মানুহ নাই বাবে কৰদৈ, লিচু ,ক’লা জামু আদি পৰিয়েই থাকে । বহুতে আহি নিজে পাৰি লৈ যায় । কোনো দিনে বাধা দিয়া নাই । কিন্তু চৰকাৰী কেম্পাছত থকা আমৰ প্ৰতি দুৰ্বলতা নাই বাবে মই যোৱা বছৰ মাত্ৰ দুটা আমহে খাইছো ।

ইফালে লুইত কুমাৰ বৰ্মন নামৰ ব্যৱসায়ীজনে নিজ সমষ্টিৰ বিধায়কগৰাকীলৈ কুৰিয়াৰযোগে আম পঠিওৱা সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে ফলপ্ৰিয় বিধায়ক অতুল বৰাই । কুৰিয়াৰযোগে পঠিওৱা আম গ্ৰহণ নকৰাৰ দুটা কাৰণ দৰ্শালে বিধায়কগৰাকীয়ে ৷ প্ৰথম কাৰণটো হ’ল, বিধায়কগৰাকীৰ শুভাকাংশীয়ে সন্দেহ প্ৰকাশ কৰি বিধাকগৰাকীক জনায় যে হয়তো লুইত কুমাৰ বৰ্মনে আমত ইনজেক্শ্বন দি বিধায়কগৰাকীক হত্যাৰ ষড়যন্ত্ৰ কৰিব পাৰে ৷

দ্বিতীয়টো কাৰণ হ’ল- বিধায়কগৰাকীয়ে আগৰে পৰা লুইত কুমাৰ বৰ্মন ভাল মানুহ নহয় বুলি ভাবে ৷ যিহেতু কিছুদিন পূৰ্বে অভিনেত্ৰী তথা মন্ত্ৰীপত্নী আইমী বৰুৱাৰ ক্ষেত্ৰতো লুইত কুমাৰ বৰ্মনে ‘গণ্ডগোল’ লগাইছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

মুঠতে বিধায়কৰ আম খাই ৰঙাঘৰৰ ভাত খোৱাৰ পৰা ফলপ্ৰিয় বিধায়কলৈ, সমষ্টিবাসীৰ আম উপহাৰলৈকে সমস্ত বিষয়টোৱে লাভ কৰি আহিছে সৰৱ চৰ্চা ৷ ইয়াৰ পাছতে সমগ্ৰ বিষয়ৰ সন্দৰ্ভত বিধায়ক অতুল বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাছত ’বিধায়কৰ আম’ বিষয়টোৱে কি ৰূপ লয় সেয়া সময়ত স্পষ্ট হ’ব ৷

লগতে পঢ়ক: এইবাৰ হিমন্ত বিশ্ব শৰ্মায়ো মানহানি গোচৰ তৰিলে মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.