ETV Bharat / state

Dispur Kidnapping Case: ওৰ পৰিল দিছপুৰ অপহৰণ কাণ্ডৰ ৰহস্যৰ

author img

By

Published : May 3, 2023, 9:02 PM IST

সন্ধান ওলাল দিছপুৰ মিনিষ্টাৰ কল'নীৰ পৰা অপহৰণ হোৱা শান্তনু মোহন ৰায়ৰ (Dispur kidnapping case) । অপহৰণ নহয়, কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিছিল শান্তনুক । ঠিকাদাৰ অনুপম শৰ্মাৰ এক গোচৰৰ ভিত্তিত মহানগৰ আৰক্ষীৰ সহযোগত শান্তনুক আটক কৰি পিছত গ্ৰেপ্তাৰ কৰে ।

Dispur Kidnapping Case
Dispur Kidnapping Case
ওৰ পৰিল দিছপুৰ অপহৰণ কাণ্ডৰ ৰহস্যৰ

গুৱাহাটী ৩ মে : অৱশেষত ওৰ পৰিল দিছপুৰৰ ৰহস্যজনক অপহৰণ কাণ্ডৰ (Dispur kidnapping case) । মঙলবাৰে দিছপুৰ মিনিষ্টাৰ কল'নীত এক সন্দেহজনক অপহৰণ কাণ্ড সংঘটিত হৈছিল । পৰৱৰ্তী সময়ত এই অপহৰণ কাণ্ডক লৈ বিভিন্ন বিষয় উত্থাপন হয় (Sensational kidnapping in Dispur Guwahati) । তাৰ মাজতে খবৰ ওলায় যে, ইলেকট্ৰিচিয়ান শান্তনু মোহন ৰায় নামৰ যুৱকজনক অপহৰণ নহয়, আৰক্ষীয়ে আটক কৰি লৈ গৈছে । কিন্তু তাৰ পিচতো ঘটনাৰ প্ৰকৃত ৰহস্যৰ সমাধান হোৱা নাছিল (Kidnapping case in Guwahati) ।

কিয়নো পৰিয়ালৰ লোকে দিছপুৰ থানাকে ধৰি বিভিন্ন থানা তথা সংশ্লিষ্ট বিভাগসমূহত যোগাযোগ কৰিলেও শান্তনুৰ বিষয়ে একো সম্ভোদ উলিয়াব পৰা নাছিল । তাৰ মাজতে শান্তনুৰ মাতৃয়ে কাষ চাপে অধিবক্তাৰ । অৱশেষত সন্ধান ওলাল মিনিষ্টাৰ কল'নীৰ পৰা সন্ধানহীন হোৱা ইলেকট্ৰিচিয়ান শান্তনুৰ মোহন ৰায়ৰ । মহানগৰ আৰক্ষীৰ সহযোগত কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শান্তনুক । প্ৰতিষ্ঠিত ঠিকাদাৰ অনুপম শৰ্মাই দিয়া এক গোচৰৰ ভিত্তিত শান্তনু ৰায়ক আটক কৰে কোকৰাঝাৰ আৰক্ষীয়ে ।

এই গোচৰৰ ভিত্তিতে কোকৰাঝাৰ আৰক্ষীয়ে মঙলবাৰৰ দিনটোত গ্ৰেপ্তাৰ কৰিছিল শান্তনুক মোহন ৰায়ক । তাৰ পিচত তেওঁক গ্ৰেপ্তাৰ কৰি লৈ যায় কোকৰাঝাৰলৈ । প্ৰথম অৱস্থাত দিছপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত জ্ঞাত নহয় বুলি কৈছিল যদিও সাংবাদিকে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক যোগাযোগ কৰাত সকলো কথা স্পষ্ট হয় । অৱশ্যে কি গোচৰৰ ভিত্তিত শান্তনুক গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰলৈ লৈ যোৱা হৈছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ।

উল্লেখ্য যে, মঙলবাৰৰ দিনটোত শান্তনুৱে মিনিষ্টাৰ কল'নীত কাম কৰি আছিল । তেনে সময়তে আৰক্ষীৰ পোছাকত অহা দুজন লোক আৰু সাধাৰণ পোছাকত অহা দুজন লোকে অপহৰণ কৰি নিছিল শান্তনুক । দিলীপ ৰায় আৰু প্ৰণৱ চন্দ্ৰ ৰায় নামৰ দুজন সহকৰ্মীৰ সন্মুখতে অপহৰণ কৰি লৈ গৈছিল শান্তনুক । লগে লগে সহকৰ্মী দুজনে পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে অৱগত কৰিছিল । তাৰ পিচত অপহৃত শান্তনুৰ মাতৃয়ে এসময়ত ঘৰত কাম কৰা জগদীশ গগৈ নামৰ মহানগৰীৰ এগৰাকী অধিবক্তাৰ কাষ চাপে ।

সেই সূত্ৰে পুত্ৰৰ অপহৰণৰ সমগ্ৰ ঘটনা মাতৃয়ে অধিবক্তা জগদীশ গগৈক অৱগত কৰায় । অৱশেষত অধিবক্তা জগদীশ গগৈয়ে বুধবাৰে সমগ্ৰ ঘটনা সংবাদ মাধ্যমৰ আগত বিৱৰি কয় । ইফালে সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে মহানগৰ আৰক্ষী আয়ুক্তই শান্তনুক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিয়ে ।

আনহাতে, আন এক সূত্ৰ মতে, কোকৰাঝাৰ আৰু কচুগাঁও আৰক্ষীয়ে মঙলবাৰে কেএলঅ'ৰ (কে এন) লিংকমেন হিচাপেহে শান্তনু ৰায়ক গুৱাহাটীৰ মিনিষ্টাৰ কল'নীৰ পৰা আটক কৰে । তাৰ পিচত বুধবাৰে তেওঁক কোকৰাঝাৰ আদালতত হাজিৰ কৰোৱা হয় । আদালতত হাজিৰ কৰোৱাৰ পিচত কচুগাঁও আৰক্ষীয়ে শান্তনু ৰায়ক নিজৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ চক্ৰশীলা বনাঞ্চলৰ বাওঁখুংগ্ৰী পাহাৰত যোৱা ২৪ এপ্ৰিলত কোকৰাঝাৰ আৰক্ষীৰ সৈতে সংঘৰ্ষত কেএলঅ'ৰ (কেএন) দুজনকৈ কেডাৰ নিহত হৈছিল আৰু চাৰিজন কেডাৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল ৷ পিচত আটকাধীন কেডাৰকেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা ২৯ এপ্ৰিলত কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁও আৰক্ষীচকীৰ অন্তৰ্গত গুৰুফেলাত অভিযান চলাই আৰক্ষীয়ে উত্তম ৰায় আৰু বিপুল ৰায় নামৰ আন দুগৰাকী কেএলঅ' (কেএন) সদস্যক আৰক্ষীয়ে আটক কৰে ৷

ইয়াৰে উত্তম ৰায়ৰ বাসগৃহৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে আইইডি বোমা, দুটা ৱাকিটকি আৰু নগদ ধন জব্দ কৰিছিল ৷ ধৃত উত্তম ৰায় ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত কেএলঅ'ৰ বোমা বিশেষজ্ঞ আছিল বুলি জানিব পৰা গৈছে ৷

ইপিনে কচুগাঁৱত আটক হোৱা ধৃত উত্তম ৰায় আৰু বিপুল ৰায়ৰ স্বীকাৰোক্তিৰ ভিত্তিতে কচুগাঁও আৰু কোকৰাঝাৰ আৰক্ষীয়ে মঙলবাৰে শান্তনু ৰায়ক গুৱাহাটীৰ মিনিষ্টাৰ কল'নীৰ পৰা আটক কৰি কোকৰাঝাৰলৈ লৈ যায় ৷ ধুবুৰী জিলাৰ গোলোকগঞ্জৰ মাৰাকুৰা গাঁৱৰ শান্তনু ৰায়ে কেএলঅ'ৰ হৈ লিংকমেন হিচাপে ধন সংগ্ৰহ কাৰ্যত জড়িত আছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Srinkhal Chaliha arrested: শৃংখলক চলিহাক মুকলি কৰি নিদিলে শিৱসাগৰ অচল কৰাৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.