ETV Bharat / state

Govt Employees: শিক্ষকৰ দৰে আন কৰ্মচাৰীৰ বাবেও প্ৰযোজ্য হ'ব উপস্থিতিৰ ডিজিটেল ব্যৱস্থা - শিক্ষা বিভাগ

চৰকাৰী কৰ্মচাৰীয়ে ডিজিটেল ব্যৱস্থাৰে দিব লাগিব উপস্থিতিৰ লগতে অন্যান্য তথ্য। ৰাজ্যৰ ২.৩০ লাখ কৰ্মচাৰীৰ বাবেও প্ৰৱৰ্তন হ’ব শিক্ষাসেতু সদৃশ এপ। শিক্ষাসেতু এপৰ সফলতাৰ পাছত সমগ্ৰ ব্যৱস্থাটো কেনেদৰে আৰম্ভ কৰি পৰিচালনা কৰা হৈছে তাৰ সবিশেষ সৰ্বশিক্ষাৰ মিছন সঞ্চালকৰ পৰা জানিব বিচাৰিছে মুখ্য সচিবে।

শিক্ষকৰ দৰে আন কৰ্মচাৰীৰ বাবেও প্ৰযোজ্য হ'ব উপস্থিতিৰ ডিজিটেল ব্যৱস্থা

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 2:14 PM IST

গুৱাহাটী, ১৫ অক্টোবৰ: শিক্ষা বিভাগে শিক্ষক আৰু শিক্ষাৰ্থীৰ উপস্থিতিকে ধৰি শিক্ষকৰ বিভিন্ন তথ্যৰ বাবে প্ৰৱৰ্তন কৰিছে 'শিক্ষা সেতু' এপ। ইতিমধ্যে এই এপৰ যোগেদি শিক্ষা বিভাগে বহুখিনি তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ দ্বাৰা বিদ্যালয়ত উপস্থিতিৰ হাৰ বৃদ্ধি পোৱাৰ লগতে শিক্ষকৰ বিভিন্ন তথ্য লাভ কৰিবলৈ সক্ষম হৈছে শিক্ষা বিভাগে। শিক্ষা বিভাগৰ এই সফলতাৰ পাছত ৰাজ্য চৰকাৰে শিক্ষা সেতু এপক অনুকৰণ কৰিবলৈ সাজু হৈছে।

যাৰ ফলত কামত ফাঁকি দিয়া কৰ্মচাৰীসকল সাৰি যাব নোৱাৰিব। শিক্ষকে বিদ্যালয়ৰ পৰা উপস্থিতি 'শিক্ষা সেতু’ এপত দিয়াৰ দৰে আন চৰকাৰী কৰ্মচাৰীসকলেও ডিজিটেল ব্যৱস্থাৰে চাকৰি কৰা স্থানৰ পৰা ডিজিটেল ব্যৱস্থাৰে উপস্থিতি দিব লাগিব। অসমৰ মুঠ চৰকাৰী কৰ্মচাৰীৰ সংখ্যা প্রায় ৪.৫ লাখ।

‘শিক্ষা সেতু’ এপত দৈনিক উপস্থিতি দিয়াটো বাধ্যতামূলক হোৱাৰ ফলত ইতিমধ্যে ২.১৪ লাখ শিক্ষক-কর্মচাৰী ডিজিটেল ব্যৱস্থাৰ আঁওতাত সোমাই পৰিল। এই ব্যৱস্থাই সফলতা লাভ কৰাৰ পাছত চৰকাৰী বিভাগসমূহৰ প্ৰায় ২.৩০ লাখ কৰ্মচাৰীৰ ক্ষেত্ৰতো ডিজিটেল ব্যৱস্থাৰে উপস্থিতি লোৱাৰ লগতে কৰ্মচাৰীজনৰ অন্য তথ্য-পাতি সংগ্ৰহ কৰাৰ ব্যৱস্থা অৱলম্বন কৰিবলৈ ৰাজ্য চৰকাৰ সাজু হৈছে।

যাৰ ফলত শিক্ষা সেতুৰ দৰে এটা উমৈহতীয়া এপত ৰাজ্য চৰকাৰৰ বাকী থকা কৰ্মচাৰীয়ে ডিজিটেল পদ্ধতিত উপস্থিতি দিবলগীয়া হ’ব। দিছপুৰৰ এটা সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাজ্য চৰকাৰে মুখ্য সচিবক এইক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে। শিক্ষা সেতু এপ প্রযোজ্য কৰি সৰ্বশিক্ষা অভিযানে ৰাজ্যৰ ২.১৪ লাখ শিক্ষকৰ দৈনিক উপস্থিতিৰ তথ্য লাভ কৰাৰ লগতে চাকৰিত কেতিয়া যোগদান কৰিছিল আৰু আৰু অৱসৰ কেতিয়া পাব আদি তথ্য কেন্দ্ৰীয়ভাৱে লাভ কৰিছে।

শিক্ষা সেতু এপৰ সফলতাৰ পাছত সমগ্ৰ ব্যৱস্থাটো কেনেদৰে আৰম্ভ কৰি পৰিচালানা কৰা হৈছে তাৰ সবিশেষ মুখ্য সচিবে সৰ্বশিক্ষাৰ মিছন সঞ্চালকৰ পৰা জানিব বিচাৰিছে। সূত্ৰটোৰ পৰা জানিব পৰা মতে শিক্ষা সেতু এপৰ দৰে ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো কৰ্মচাৰীক এটা স্থানৰ পৰা ৰাজ্য চৰকাৰে নিৰীক্ষণত ৰাখিব পাৰিব। লগতে প্ৰতিটো মাহত কোন বিভাগত কিমান কৰ্মচাৰীয়ে অৱসৰ ল’ব তাৰ তথ্যও কেন্দ্ৰীয়ভাৱে ৰাজ্য চৰকাৰে লাভ কৰিব।

উল্লেখ্য যে, শিক্ষা সেতু এপত শিক্ষকৰ উপস্থিতিৰ লগতে অন্যান্য তথ্য লাভ কৰাৰ ফলত শিক্ষা বিভাগে অহা তিনি মাহৰ পাছত বৰ্তমানে কাম কৰি থকাসকলৰ মাজৰ পৰা চাৰি সহস্ৰাধিক শিক্ষকে অৱসৰ পোৱাৰ তথ্য আগতীয়াকৈ কেন্দ্ৰীয়ভাৱে লাভ কৰিছে। চৰকাৰে এতিয়া বাকী থকা প্ৰায় ২.৩০ লাখ কৰ্মচাৰীক ডিজিটেল ব্যৱস্থাৰে উপস্থিতি দিয়াৰ আঁওতাত আনিবলৈ প্ৰাৰম্ভিক প্রস্তুতি চলোৱা বুলি জানিব পৰা গৈছে।

সেয়েহে শিক্ষা সেতু এপৰ দ্বাৰা উপস্থিতি লোৱাৰ লগতে চাকৰিয়ালৰ তথ্য কেন্দ্ৰীয়ভাৱে উপলব্ধ হোৱাৰ ব্যৱস্থা লৈ সফল হোৱা সৰ্বশিক্ষাৰ পৰা পৰিকল্পনাৰ সবিশেষ মুখ্য সচিবে বুজ লৈছে বুলি জানিব পৰা গৈছে। এই ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ লগে লগে শিক্ষা সেতু এপৰ দৰে বহু তথ্যই পোহৰলৈ আহিব ৷

লগতে পঢ়ক: Attack on BJP MLA car : উত্তৰ প্ৰদেশত বিজেপি বিধায়িকাৰ বাহনত আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.