গুৱাহাটী, ২ জুলাই: শেহতীয়াকৈ গুৱাহাটীৰ ঐতিহ্যময় দীঘলীপুখুৰীক ব্যৱসায়িক উদ্দেশ্যৰে ব্যৱহাৰ কৰাৰ বাবে অসম পৰ্যটন উন্নয়ন নিগমে গুজৰাটৰ এটা প্ৰতিষ্ঠানক গতাই দিয়াৰ খবৰ প্ৰকাশৰ পিচতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইয়াৰ পিচতে এতিয়া সলনি হ’ল দীঘলীপুখুৰীৰ নাম ৷ এণ্টাৰ্টিকা দীঘলীপুখুৰী নামেৰে নামাকৰণ কৰা হ’ল ঐতিহাসিক দীঘলীপুখুৰীৰ ৷
সোমবাৰৰ পৰা দীঘলীপুখুৰীৰ প্ৰৱেশ টিকটত দীঘলীপুখুৰীৰ নাম ‘এণ্টাৰ্টিকা দীঘলীপুখুৰী’ বুলি নামাকৰণ কৰা হ’ল। ৰজা ভগদত্তই খন্দোৱা গুৱাহাটীৰ মাজমজিয়াত থকা ঐতিহাসিক দীঘলীপুখুৰীটোক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ১৫ বছৰ বাবে গুজৰাটৰ আহমেদাবাদৰ ই চি এইচ টি কাংলোমেৰাট প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোক গতাই দিছে অসম পৰ্যটন উন্নয়ন নিগমে । দীঘলীপুখুৰীৰ পাৰত থকা উদ্যান, ৰেষ্টুৰেন্ট আদি সকলো চোৱা- চিতাৰ দায়িত্ব অৰ্পন কৰিছে।
অতি গোপনে বিগত বৰ্ষৰ অক্টোবৰত নিবিদা প্ৰতিক্ৰয়া সম্পন্ন কৰিছিল। পহিলা জুনৰ পৰা পৰিচালনাৰ দায়িত্ব লয় বহিৰাগত কোম্পানীটোৱে । বহিৰাগত প্ৰতিষ্ঠানটোৱে দায়িত্ব লোৱাৰ পিচতে দীঘলীপুখুৰীৰ প্ৰৱেশ টিকটৰ মূল্য দুগুণ বৃদ্ধি কৰাৰ লগতে নামেই সলাই পেলালে দীঘলীপুখুৰীৰ নাম।
বহুতৰে আৱেগ জড়িত হৈ থকা দীঘলীপুখুৰী বহিৰাগত কোম্পানীক লীজত দিয়াৰ লগতে নামটো সলনি কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিয়নো দীঘলীপুখুৰীৰ লগত অসমীয়া জাতিৰ উত্থানৰ ইতিহাস জড়িত হৈ আছে । আহোম ৰাজত্ব কালত যুদ্ধ জাহাজ ৰখা, শৰাইঘাটৰ ৰণৰ সৈতেও দীঘলীপুখুৰীৰ ইতিহাস জড়িত থকা বুলি ইতিহাসৰ পৃষ্ঠাত সমল আছে ।
উল্লেখ্য যে, জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা বিজেপি চৰকাৰে এপদ এপদ কৈ অসমৰ সম্পদ বহিঃৰাজ্যৰ পুঁজিপতি, গুজৰাটৰ ব্যৱসায়ীক প্ৰতিষ্ঠানক গতাই দিয়াৰ অভিযানত নামি পৰিছে । তথাকথিত উন্নয়নৰ নামত চৰকাৰখনে বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক অসমলৈ ৰঙা দলিচাৰে আদৰণি জনাইছে ।
লগতে পঢ়ক: Dighalipukhuri: 15 বছৰলৈ গুজৰাটৰ প্ৰতিষ্ঠানক গতালে দীঘলীপুখুৰী; সৰৱ আম আদমী পাৰ্টী