ETV Bharat / state

নবজিৎ কৈৱৰ্তক সংগীত শিক্ষা আগবঢ়াব দিগন্ত ভাৰতীয়ে

author img

By

Published : Oct 4, 2021, 4:06 PM IST

‘জেৰেঙা পথাৰত কান্দে জয়মতী...’ শীৰ্ষক চ'ছিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰা গীতটি আপুনিও নিশ্চয় উপভোগ কৰিছে ৷ গীতটি পৰিবেশন কৰিছিল এটি কিশোৰে । সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা অবিহনেই সুন্দৰকৈ গীত পৰিবেশন কৰা কিশোৰটিৰ নাম নৱজিৎ কৈৱৰ্ত ৷ আৰ্থিক অনাতনৰ বাবে সংগীতৰ শিক্ষা ল’ব নোৱাৰা নৱজিৎ কৈৱৰ্তক এইবাৰ সংগীত শিক্ষা প্ৰদান কৰিব কণ্ঠশিল্পী দিগন্ত ভাৰতীয়ে ।

child singer viral on social media
নবজিৎ কৈৱৰ্তক সংগীত শিক্ষা আগবঢ়াব দিগন্ত ভাৰতীয়ে

গুৱাহাটী,4 অক্টোবৰ : নৱজিৎ কৈৱৰ্ত, আপোনাৰ বাৰু মনত আছে এই নামটো ? যিয়ে ‘জেৰেঙা পথাৰত কান্দে জয়মতী...’ শীৰ্ষক গীতটিৰে খলকনি তুলিছিল চ'চিয়েল মিডিয়াত ৷ নিজা শৈলীৰে সংগীত পৰিৱেশন কৰি নৱজিৎ কৈৱৰ্ত চ'চিয়েল মিডিয়াত নিশাৰ ভিতৰতে হৈ পৰিছিল ভাইৰেল ৷ যাৰ বাবে বিভিন্ন সময়ত বিভিন্ন জনৰ সমাদৰো লাভ কৰিছিল 12 বছৰীয়া নৱজিতে ৷

উল্লেখ্য যে, কামৰূপ গ্ৰাম্য জিলাৰ নহীৰা কুলডং গাঁৱৰ নৱজিৎ কৈৱৰ্তই নিজস্ব সংগীত শৈলীৰে পৰিবেশন কৰা 'জেৰেঙা পথাৰত কান্দে জয়মতী...' শীৰ্ষক গীতটোৰে নিশাৰ ভিতৰতে সমাদৃত হৈ পৰিছিল সকলোৰে মাজত । পিছে শিশু শিল্পী গৰাকীৰ এই প্ৰতিভাৰ ক্ষেত্ৰত হেঙাৰ হৈ পৰিছে দৰিদ্ৰতা । আৰ্থিক দৈন্যতাৰ বাবে সংগীত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব পৰা নাই ১২ বছৰীয়া কিশোৰ গৰাকীয়ে ৷

যাৰ বাবে শিশুটিৰ ভৱিষ্যতৰ কথা ভাবি বৰ্তমান কিশোৰটিৰ কাষত থিয় সহায়ৰ হাত আগবঢ়াবলৈ এইবাৰ আগবাঢ়ি আহিছে সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ এটা সংগঠন । সংগঠনটোৱে কিশোৰ গৰাকীৰ সংগীতৰ যাত্ৰাত যাতে বাধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে শিশু গৰাকীক মহানগৰীৰ গীতামন্দিৰস্থিত আমাৰ পথৰ নিবাসী বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতীৰ সংগীত বিদ্যালয়ত নামভৰ্তি ব্যৱস্থা কৰে ৷ লগতে 12 বছৰীয়া নৱজিতৰ সংগীত শিক্ষাৰ সমস্ত খৰচ বহন কৰে সংগঠনটোৱে ।

সংগঠনটোৱে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে কিশোৰ গৰাকীৰ পৰিয়াল বৰ্গই কৃতজ্ঞতা জনোৱাৰ লগতে সংগীতৰ ক্ষেত্ৰখনত নৱজিৎ আগবাঢ়ি যোৱাৰ বাবে অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰে ।

লগতে পঢ়ক: প্ৰেমৰ স্বৰ্গীয় অনুভুতিখিনি সজীৱ কৰি ৰাখিবলৈ এগৰাকী শিল্পীৰ ব্যতিক্ৰমী প্ৰয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.