ETV Bharat / state

DIG Case Update: আৰক্ষীৰ জালত DIG বিৱেকৰাজ সিঙৰ মোবাইল চোৰ

বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয় DIG বিৱেকৰাজ সিঙৰ মোবাইল মোবাইল থপিয়াই নিয়া চোৰটোক । হাতীগাঁও আৰক্ষীয়ে নগৰবেৰাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চোৰটোক। ধৃত চোৰটোৰ নাম জাভেদ আলী ৷

DIG Vivekraj Singh's mobile thief arrested
আৰক্ষীৰ জালত DIG বিৱেকৰাজ সিঙৰ মোবাইল চোৰ
author img

By

Published : Jul 27, 2023, 5:37 PM IST

গুৱাহাটী, 27 জুলাই : অৱশেষত গ্ৰেপ্তাৰ হ’ল DIG বিৱেকৰাজ সিঙৰ মোবাইল চোৰ। বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয় DIG বিৱেকৰাজ সিঙৰ মোবাইল থপিয়াই নিয়া চোৰটোক । হাতীগাঁও আৰক্ষীয়ে নগৰবেৰাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চোৰটোক। ধৃত চোৰটোৰ নাম জাভেদ আলী বুলি জানিব পৰা গৈছে ৷ নগৰবেৰা আৰক্ষীয়ে ফোন চুৰিৰ গোচৰৰ সৈতে জড়িত থকাৰ সন্দেহত জাভেদ আলীক গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ হাতীগাঁও আৰক্ষীক গতাই দিয়ে ৷

আনহাতে ইয়াৰ পূৰ্বেও জাভেদে গুৱাহাটীত কেইবাটাও মোবাইল চুৰি কৰাৰ কাৰ্যকলাপৰ বিষয়েও আৰক্ষীক জনাইছে। এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ঘটনাৰ বিৱৰণী অনুসৰি, অসম আৰক্ষীৰ আইন শৃংখলাৰ DIG বিবেকৰাজ সিঙে দেওবাৰে প্ৰাতঃভ্ৰমণলৈ যোৱা সময়ত উলুবাৰীৰ মাজাৰ ৰোডৰ পৰা চিলনী চোৰে কাঢ়ি লৈ যায় মোবাইল । আৰক্ষী বিষয়াজনৰ পৰা মোবাইল কাঢ়ি লৈ যোৱা ঘটনাই মহানগৰ আৰক্ষীৰ নিদ্ৰাহৰণ কৰিছে । চিলনী চোৰ বিচাৰি এতিয়া হাহাকাৰ লাগিছে মহানগৰ আৰক্ষীৰ মাজত ।

দিনক দিনে চিলনী চোৰৰ উপদ্ৰৱ বৃদ্ধি হোৱা গুৱাহাটী মহানগৰীত এতিয়া আৰক্ষীও যে সুৰক্ষিত নহয় সেয়া পৰিলক্ষিত হৈছে । প্ৰশ্ন উত্থাপন হৈছে, গুৱাহাটী মহানগৰীত যদি খোদ আৰক্ষীয়ে সুৰক্ষিত নহয় তেতিয়া হ’লে কিদৰে সুৰক্ষিত সাধাৰণ জনতা ৷

এই ঘটনাৰ পিচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মোবাইল চুৰি গেঙৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছিল অসম আৰক্ষীয়ে । এই অভিযানত 18 টাকৈ চুৰি মোবাইল সহ উবেদুল ইছলাম নামৰ এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । উবেদুলৰ স্বীকাৰোক্তিৰ ভিত্তিত হাতীগাঁও শ্বাহ নগৰৰ পৰা আন এজন যুৱককো গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষী আৰু অপৰাধ শাখাই । গ্ৰেপ্তাৰ কৰা যুৱকজন বৰপেটাৰ চাহিল হুছেইন বুলি জানিব পৰা গৈছিল ।

লগতে পঢ়ক: Thieves Snatch IPS Cell Phone : গুৱাহাটীত অসুৰক্ষিত খোদ শীৰ্ষ আৰক্ষী বিষয়া!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.