গুৱাহাটী, ২৬ ফেব্ৰুৱাৰীঃ শুকুৰবাৰে অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰিলে ধিং এক্সপ্ৰেছ হিমা দাসে ৷ উল্লখ্য যে, শুকুৰবাৰে সৰুসজাইত এক বিশেষ অনুষ্ঠান আয়োজন কৰা হয় ৷ অনুষ্ঠানত উপ-পৰিদৰ্শক হিচাপে ৫৯৭ গৰাকী যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰেৰণ কৰা হয় ৷ এই অনুষ্ঠানতে ধিং এক্সপ্ৰেছ হিমা দাসক উপ-আৰক্ষী অধীক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হয় ৷
এই সভাত উপস্থিত থাকে মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ৷ সভাত হিমা দাসে কয়, সৰুৰে পৰা আৰক্ষী হোৱাৰ সপোন আছিল ৷ মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে হিমা দাসে ৷
লগতে পঢ়ক: নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ গৈ হিমন্তক তুলাধুনা ৰকিবুল হুছেইনৰ