ETV Bharat / state

আৰম্ভ হ'ল স্বাস্থ্য বিভাগৰ অভিলাষী আঁচনি

নিজৰ গাড়ীৰে ঘৰলৈ যাব খোজা লোকৰ পৰা মুঠ ৫১,৪০২ খন আবেদন চৰকাৰে লাভ কৰিছিল যদিও বিভিন্ন আঁসোৱাহৰ বাবে ইয়াৰে ১৯ হাজাৰ আবেদন নাকচ কৰা হৈছে ।

author img

By

Published : Apr 24, 2020, 9:22 PM IST

DHANANTORI SCHEME FOR ASSAM PEOPLE
আৰম্ভ হ'ল স্বাস্থ্য বিভাগৰ অভিলাষী আঁচনি

গুৱাহাটী, ২৪ এপ্ৰিলঃ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে আজিৰে পৰা আৰম্ভ কৰিলে এখন নতুন আঁচনি । এই আঁচনিৰ জড়িয়তে লক ডাউনৰ সময়ত কাৰোবাৰ যদি এনে ঔষধৰ প্ৰয়োজন হয়,যি ঔষধ ১০ কিলোমিটাৰ অঞ্চলৰ ভিতৰত পোৱা নাযায় তেন্তে ১০৪ নম্বৰত ফোন কৰি সেই ঔষধৰ নাম জনালে স্বাস্থ্য বিভাগে সেই ঔষধ ঘৰতেই যোগান ধৰিব । যদি ১০ কিলোমিটাৰ আঁতৰৰ পৰা আনিবলগীয়া হয় তেন্তে ২৪ ঘন্টাৰ ভিতৰত,জিলাৰ বাহিৰৰ পৰা আনিবলগীয়া হ'লে ৪৮ ঘন্টাৰ ভিতৰত আৰু ৰাজ্যৰ বাহিৰৰ পৰা আনিবলগীয়া হ'লে এসপ্তাহৰ ভিতৰত সেই ঔষধ সংশ্লিষ্ট লোকৰ হাতত চৰকাৰে তুলি দিব । আজি এক সংবাদমেলত এই কথা প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । অৱশ্যে ঔষধৰ মূল্য দুশ টকাৰ অধিক হ'লে সেই মূল্য পৰিশোধ কৰিব লাগিব । ইপিনে,স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰি কয় যে,ৰাজস্থানৰ কোটাত অধ্যয়ন কৰি থকা অসমৰ শিক্ষাৰ্থী সকলক মুঠ ১৭ খন বাছেৰে অসমলৈ ঘূৰাই অনা হৈছে । দেওবাৰে পুৱা ৫ বজাত ৩৯১ জনীয়া শিক্ষাৰ্থীৰ দলটো আহি অসমত উপস্থিত হ'ব আৰু তেওঁলোকক পোনে পোনে ১৪ দিনৰ কোৱাৰেণ্টাইনত ৰখা হ'ব ।আনহাতে, ডঃ শৰ্মাই বংগৰ সীমান্তৰ সৈতে লাগি থকা বাবে ধুবুৰী জিলাখনক লৈ চৰকাৰ যথেষ্ঠ চিন্তিত বুলিও মন্তব্য কৰে । সেয়েহে দেওবাৰে ধুবুৰী, চাপৰ আৰু বিলাসীপাৰাত ১৫০ জন লোকৰ ৰেণ্ডম টেষ্ট কৰা হব । একেদৰে ৰাজ্যত ইতিমধ্যে ৰেপিড টেষ্ট আৰম্ভ কৰা হৈছে আৰু কালিৰ দিনটোতে গুৱাহাটীৰ স্পেনিজ গাৰ্ডেনত ৯১ টা ৰেপিড টেষ্ট কৰা হৈছিল যদিও আটাইকেইটাৰে ফলাফল নিগেটিভ পোৱা গৈছে বুলিও তেওঁ জানিবলৈ দিয়ে । ৰাজ্যত বৰ্তমান ২ লাখ ৪৬ হাজাৰটা পি পি ই কিট, ৩৫ হাজাৰ N-95 মাস্ক আৰু ৫০ লাখ ট্ৰিপ'ল লেয়াৰ মাস্ক মজুত আছে বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । অসমত সম্প্ৰতি ১৫ জন ক'ভিড ৰোগী চিকিৎসাধীন হৈ আছে আৰু ১৯ জনক সুস্থ হৈ উঠাৰ বাবে যাবলৈ দিয়া হৈছে । আনহাতে, কাইলৈৰ পৰা তিনিদিনৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা লোকসকল ঘৰলৈ যাব পাৰিব । নিজৰ গাড়ীৰে ঘৰলৈ যাব খোজা লোকৰ পৰা মুঠ ৫১,৪০২ খন আবেদন চৰকাৰে লাভ কৰিছিল যদিও বিভিন্ন আঁসোৱাহৰ বাবে ইয়াৰে ১৯ হাজাৰ আবেদন নাকচ কৰা হৈছে । কাইলৈ যাত্ৰা কৰিবলৈ ইতিমধ্যে ১২,২০৬ খন ই-পাছ প্ৰদান কৰা হৈছে । বাকী ১৯ হাজাৰ লোকক পৰৱৰ্তী দুদিনৰ বাবে পাছ দিয়া হ'ব । একেদৰে পৰিবহণ নিগমৰ বাছৰ দ্বাৰা মুঠ ৪১,৬৯১ গৰাকী লোকক গন্তব্য স্থানলৈ লৈ যোৱা হ'ব । ইপিনে, গুজৰাটত মৃত্যুবৰণ কৰা বাক্সা জিলাৰ ৰাহুল বৰ্মন নামৰ লোকজনৰ নশ্বৰ দেহ এখন এম্বুলেঞ্চৰ জড়িয়তে নিজ গৃহলৈ পঠিয়াই দিয়াৰ বাবে মন্ত্ৰীগৰাকীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু একেৰাহে ৪০ ঘন্টা এম্বুলেঞ্চখন চলাই অনা চালকদ্বয় নিলেছ চাড্ডা আৰু হীৰেন ডাবেকো কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়কঃদৰিদ্ৰ লোকক খাদ্যৰ যোগান সদৌ অসম বন কৰ্মচাৰী সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.