ETV Bharat / state

Crime meeting in Ulubari: দীৰ্ঘদিনে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ নিৰ্দেশ ডিজিপিৰ - Assam Police held crime meeting

অসম আৰক্ষীৰ উলুবাৰীস্থ মুখ্য কাৰ্যালয়ত অপৰাধ সংক্ৰান্তীয় বৈঠকত জিলাসমূহৰ অপৰাধজনিত গোচৰসমূহ বিস্তৃত পৰ্যালোচনা । পাৰদৰ্শিতা নিম্নমানৰ হোৱা জিলাসমূহে ইয়াৰ উপযুক্ত কাৰণসমূহ উপস্থাপন কৰি ব্যাখ্যা আগবঢ়াব লাগিব । প্ৰতি মাহে অনুষ্ঠিত হ’ব পৰ্যালোচনা বৈঠক (Assam Police holds crime meeting)।

Assam Police holds crime meeting in Ulubari Headquarters
অসম আৰক্ষীৰ উলুবাৰীস্থ মুখ্য কাৰ্যালয়ত অপৰাধ সংক্ৰান্তীয় বৈঠক
author img

By

Published : Feb 15, 2023, 10:13 PM IST

গুৱাহাটী,১৫ ফেব্ৰুৱাৰী: দীর্ঘদিনে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তুলিবলৈ আৰক্ষী আয়ুক্তালয়ৰ লগতে ৰাজ্যৰ সকলো জিলাৰ আৰক্ষীক নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (Assam Police held crime meeting) । বুধবাৰে অসম আৰক্ষীৰ উলুবাৰীস্থ মুখ্য কাৰ্যালয়ত অপৰাধ সংক্ৰান্তীয় এক বৈঠকত জিলাসমূহৰ অপৰাধজনিত গোচৰসমূহ বিস্তৃতভাৱে পৰ্যালোচনা কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কেতবোৰ নিৰ্দেশনা দিয়ে (Assam Police crime meeting) ।

সেই অনুসৰি নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ সংখ্যা হ্ৰাস কৰা, গোচৰ পঞ্জীয়ন, বিচাৰ প্ৰক্ৰিয়াত লোক অধিবক্তাক যথাযত সহযোগিতা আগবঢ়াই আদালতত দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি কৰা, সময়মতে সাক্ষীৰ উপস্থিতি নিশ্চিত কৰা আদি বিষয়সমূহত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰে (Assam DGP orders speed up investigation)।

অপৰাধ অনুসন্ধান বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে মাণ্ডলিক আৰক্ষী মহাপৰিদৰ্শক আৰু উপ-আৰক্ষী মহাপৰিদৰ্শকৰ উপৰিও ৰাজ্যৰ জিলাসমূহৰ সকলো অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) আৰু গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত (অপৰাধ) উপস্থিত থকা এই বৈঠকত প্ৰতি মাহে এনে বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ৰাজ্যিক পৰ্যায়ৰ এনে বৈঠক আৰক্ষী মুখ্য কাৰ্যালয় অথবা অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত কৰাৰ বিপৰীতে জিলা পৰ্যায়ৰ বৈঠকসমূহ আৰক্ষী মহা-পৰিদৰ্শক অথবা উপ-আৰক্ষীৰ মহাপৰিদৰ্শকৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব (Assam DGP GP Singh) ।

বৈঠকত আৰক্ষী সঞ্চালক প্ৰধানে কয় যে, যিসমূহ জিলাৰ পাৰদৰ্শিতা নিম্নমানৰ হ’ব তেনে জিলাসমূহে ইয়াৰ উপযুক্ত কাৰণসমূহ উপস্থাপন কৰি ব্যাখ্যা আগবঢ়াব লাগিব । বৈঠকত সঞ্চালক প্ৰধানগৰাকীয়ে লগতে তদন্ত সম্পূৰ্ণ নোহোৱা পুৰণি গোচৰসমূহৰ পুনৰ নীৰিক্ষণ, নিৰুদ্দেশ সম্পৰ্কীয় গোচৰসমূহৰ তদন্ত খৰতকীয়া কৰা, গ্ৰামাঞ্চলৰ অপৰাধজনিত কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত গাঁওৰক্ষী বাহিনীৰ জৰিয়তে তথ্য আদি সংগ্ৰহ কৰাত গুৰুত্ব আৰোপ কৰে ।

তদুপৰি গোচৰৰ তদন্তত বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগ কৰা, থানাসমূহৰ তথ্য পাতি ডিজিটেলাইজ কৰা আদি বিষয়সমূহত গুৰুত্ব আৰোপ কৰি গোচৰসমূহৰ তদন্ত তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰো নিৰ্দেশ দিয়ে । উল্লেখ্য যে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব লোৱাৰ পাচতে জি পি সিঙে অসম আৰক্ষীৰ সংস্কাৰৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে । ইতিমধ্যে আৰক্ষী বিষয়া আৰু জোৱানক তেওঁ কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ।

লগতে পঢ়ক: Anti Child Marriage Drive: ৰাজনৈতিক উদ্দেশ্যেৰে চৰকাৰে সাধাৰণ ৰাইজৰ ওপৰত অত্যাচাৰ চলাইছে; ড৹ অপূৰ্ব কুমাৰ বৰুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.