ETV Bharat / state

First day of 2022: মহানগৰীৰ মঠ মন্দিৰত অজস্ৰ দৰ্শনাৰ্থীৰ ভিৰ - Devotees throng places of worship on New Year day

২০২২ বৰ্ষৰ প্ৰথমটো দিনত ৰাজ্যৰ উপাসনাস্থলী আদিত ভক্তৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয় (Devotees throng places of worship in Guwahati)। সমান্তৰালকৈ বিনোদনস্থলী, বনভোজস্থলী আদিতো অসংখ্য লোকে ভিৰ কৰে ।

First day of 2022
মহানগীৰৰ মঠ মন্দিৰত অজস্ৰ দৰ্শনাৰ্থীৰ ভিৰ
author img

By

Published : Jan 1, 2022, 8:26 PM IST

গুৱাহাটী,১ জানুৱাৰী : নতুন আশা, প্ৰত্যাশা, সংকল্প লৈ ইংৰাজী নতুন বছৰক আদৰিলে বিশ্ববাসীয়ে । বিদায়ী বছৰটোৰ সকলো দুখ- দুৰ্দশা, অপায় অমংগল নাশ হোৱাৰ লগতে নতুন বছৰটো মংগলময় হোৱাৰ কামনা কৰি পুৱাৰেই পৰা মঠ-মন্দিৰ, উপাসনাস্থলীৰ উপৰিও বিনোদনথলীত ভিৰ দেখিবলৈ পোৱা গ'ল (Devotees throng places of worship in Guwahati)। আনন্দ উল্লাসৰ মাজেৰে নৱবৰ্ষৰ প্ৰথম দিনটো অতিবাহিত কৰে সকলোৱে ।

First day of 2022: মহানগৰীৰ মঠ মন্দিৰত অজস্ৰ দৰ্শনাৰ্থীৰ ভিৰ

মহানগৰবাসীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু লোকে মহানগৰীৰ বিনোদনথলীসমূহত ভিৰ কৰে । পুৱাৰে পৰা লতাশিলৰ গণেশ মন্দিৰ, গণেশগুৰিৰ গণেশ মন্দিৰ, উগ্ৰতাৰা দেৱালয়, কামাখ্যা, বশিষ্ঠ মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, লাচিত নগৰৰ হনুমান মন্দিৰ, উমানন্দ মন্দিৰকে ধৰি ধৰ্মীয় স্থানসমূহত ৰাইজে আশীষ বিচাৰি ভিৰ কৰে । উগ্ৰতাৰা দেৱালয় আৰু লতাশিল গণেশ মন্দিৰ কৰ্তৃপক্ষই জনোৱা মতে, বছৰৰ পহিলা দিনটোতে পুৱাৰে পৰা ভক্তৰ যথেষ্ট ভিৰ হয় ।

নতুন বছৰটো যাতে সকলোৰে বাবে সুখ আৰু আনন্দৰে পাৰ হয় তাৰে কামনা কৰিছে সকলোৱে । কৰ'ণা মহামাৰীৰ পৰা সকলোৱে যাতে পৰিত্ৰাণ পায় তাৰ বাবেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে সকলোৱে । ঠায়ে ঠায়ে ভক্তসকলৰ বাবে ভোগৰ ব্যৱস্থা কৰা হৈছে ।

সমান্তৰালকৈ গুৱাহাটীৰ বাকী উপাসনা স্থানবোৰতো পুৱাৰে পৰা ভক্তৰ ভিৰ দেখা যায় । আনহাতে চিৰিয়াখানা, শ্ৰদ্ধাঞ্জলি কানন, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰকে ধৰি গুৱাহাটীৰ বিনোদনৰ স্থানসমূহতো পুৱাৰে পৰা বহুলোকৰ ভিৰ দেখিবলৈ পোৱা যায় ।

লগতে পঢ়ক :বছৰৰ অন্তিমটো দিনত শোণিতপুৰ জিলা পৰিবহণ বিভাগে লাভ কৰিলে বিশেষ সফলতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.