গুৱাহাটী, 18 মাৰ্চ: কংগ্ৰেছ দলত অব্যাহত আছে দলীয় সংঘাট ৷ বুধবাৰে মুকলিকৈ কংগ্ৰেছ দলৰ প্ৰতি ক্ষুভ উজাৰিছে তামুলপুৰৰ কংগ্ৰেছ নেত্ৰী ছাজিয়া বেগমে ।
মহাজোঁট বন্ধনেৰে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা কংগ্ৰেছ দলত প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাত এতিয়াও অব্যাহত আছে । প্ৰাৰ্থীত্ব নাপাই বহু নেতাই ক্ষোভ-অসন্তুষ্টি ব্যক্ত কৰি দলীয় নেতৃত্বৰ প্ৰতি মুকলিকৈ আঙুলি টোৱাইছে । বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত দেখা গ'ল এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ক্ষোভ-অসন্তুষ্টি । তামুলপুৰৰ কংগ্ৰেছ নেত্ৰী ছাজিয়া বেগমে ৰাজীৱ ভৱনত মুকলিকৈ নিজ দলৰ প্ৰতি ক্ষুভ উজাৰিছে । তামুলপুৰ সমষ্টিটো কংগ্ৰেছে মিত্ৰ দল বি পি এফক এৰি দিয়াত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা ছাজিয়া বেগমে গুৱাহাটীৰ ৰাজীৱ ভৱনত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
বি টি এ ডিৰ ১২ টা সমষ্টি বি পি এফক এৰি দিয়াক লৈ কংগ্ৰেছ নেতৃত্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি বেগমে কয়যে, ‘মই টিকটৰ দাবীদাৰ আছিলো যদিও বি পি এফক সমষ্টিটো এৰি দিলে । বি টি এ ডিৰ ৪ টা মান সমষ্টি কংগ্ৰেছে ৰাখিব লাগিছিল । মোৰ লগত থকা কংগ্ৰেছ কৰ্মীসকল আজি অসন্তুষ্ট হৈছে । বিটিএডিত কংগ্ৰেছ উছন হৈ যাব । আমি বি টি এ ডিত তৃণমূল কংগ্ৰেছৰ দৰে দল এটা খুলি ইয়াৰ প্ৰত্যুত্তৰ দিম।'
লগতে পঢ়ক: পুনৰ বিজেপিৰ দখলত টিংখাং সমষ্টি: বিমল বৰা