গুৱাহাটী, ৩ ফেব্ৰুৱাৰী: জি-২০ ৰ অধ্যক্ষতাৰ ফ্ৰেমৱৰ্কৰ(G20 SFWG conference) অধীনত যুৱ পৰিক্ৰমা বিভাগক য়ুথ-২০ সন্মিলন ২০২৩(Y20 Summit 2023) অনুষ্ঠিত কৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে । যুৱ পৰিক্ৰমা বিভাগে ২০২৩ ৰ ৬-৮ ফেব্ৰুৱাৰীত অসমৰ গুৱাহাটীত য়ুথ-২০ ৰ আৰম্ভণি বৈঠকৰ আয়োজন কৰিছে । অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া য়ুথ-২০ সন্মিলনৰ সামৰণি অনুষ্ঠানত কেন্দ্রীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ কেবিনেট মন্ত্রীয়ে শ্বেতপত্র প্রকাশ কৰিব(G20 summit in Guwahati) ।
উল্লেখ্য যে ভাৰতে অধ্যক্ষতা কৰা জি-২০ ৰ বিষয়বস্তু 'বসুধৈৱ কুটুম্বকম' অৰ্থাৎ 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ' । মন কৰিবলগীয়া যে য়ুথ-২০ হৈছে জি-২০ ৰ অন্যতম অফিচিয়েল এংগেজমেন্ট গ্রুপ । এই য়ুথ-২০ (Y-20) এংগেজমেন্ট গ্রুপে সমগ্ৰ ভাৰতত আলোচনা অনুষ্ঠিত কৰিব(Youth 20 Summit inception meeting) । ইয়াত এক উন্নত ভৱিষ্যতৰ ধাৰণা সন্দৰ্ভত ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ পৰামৰ্শ গ্ৰহণ আৰু কাৰ্যৰ খচৰা প্ৰস্তুত কৰা হ'ব ৷ ৱাই-২০ য়ে যুৱক-যুৱতীসকলক জি-২০ ৰ অগ্ৰাধিকাৰসমূহৰ সন্দৰ্ভত নিজ-নিজ দৃষ্টিভংগী আৰু চিন্তা প্ৰকাশৰ এক মঞ্চ প্রদান কৰিব ।
লগতে পঢ়ক: Kaziranga National Park: জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন
উল্লেখ্য যে শুকুৰবাৰে নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি যুৱ পৰিক্ৰমা সচিব মীতা ৰাজীৱলোচনে কয় যে এক উন্নত ভৱিষ্যতৰ ধাৰণা সন্দৰ্ভত ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ সমগ্ৰ ভাৰততে আলোচনা অনুষ্ঠিত কৰা হ'ব । তেওঁ লগতে কয় যে ৱাই-২০ য়ে সমগ্ৰ ৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলক জি-২০ গ্ৰুপৰ দেশসমূহৰ অগ্ৰাধিকাৰ সন্দৰ্ভত নিজ-নিজ দৃষ্টিভংগী আৰু তেওঁলোকৰ চিন্তা প্ৰকাশৰ এখনি মঞ্চ প্ৰদান কৰিব বুলি আশা কৰা হৈছে ।
ৱাই-২০ ৰ পাঁচটা বিষয়বস্তু হ'ল- কৰ্মৰ ভৱিষ্যৎঃ উদ্যোগ, উদ্ভাৱন আৰু একবিংশ শতিকাৰ দক্ষতা, জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোেগৰ বিপদাশংকা হ্রাস বহনক্ষমতাক জীৱনৰ পন্থা হিচাপে গ্ৰহণ কৰা, শান্তি স্থাপন কৰা যুদ্ধবিহীন এটা যুগৰ সূচনা কৰা, গণতন্ত্ৰ আৰু শাসন ব্যৱস্থাত যুৱক-যুৱতীৰ অংশগ্ৰহণ আদি । ইফালে জি-২০ বহনক্ষম বিত্তীয় কাৰ্যকৰী গোটৰ (SFWG) বৈঠকৰ প্ৰথম দিনাৰ কাৰ্যসূচী বৃহস্পতিবাৰে গুৱাহাটীৰ ৰেডিশ্বন ব্লু হোটেলত অনুষ্ঠিত হয় । বৈঠকখন উদ্বোধন কৰে কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal in G20 summit)।
লগতে পঢ়ক: G20 SFWG conference: গুৱাহাটীত জি ২০ বহনক্ষম বিত্ত কাৰ্যকৰী গোটৰ প্ৰথম দিনাৰ বৈঠক সম্পন্ন