ETV Bharat / state

Power Loom textile verification: পাৱাৰলুমৰ বস্ত্ৰ পৰীক্ষাৰ বাবে ৰাজ্যত পৰীক্ষাগাৰ স্থাপনৰ দাবী শুৱালকুছি হস্ততাঁত শিল্প উন্নয়ন সমিতিৰ

author img

By

Published : Mar 10, 2023, 8:44 PM IST

ৰাজ্যৰ থলুৱা শিপিনীসকলক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে পদক্ষেপ ৷ এনে সময়তে যন্ত্ৰ চালিত তাঁত শালৰ বস্ত্ৰ পৰীক্ষাৰ বাবে ৰাজ্যত পৰীক্ষাগাৰ স্থাপন কৰাৰ দাবী শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতিৰ (Shualkuchi Weaving Industry Development Society) ৷

Power Loom textile verification
পাৱাৰলুমৰ বস্ত্ৰ পৰীক্ষাৰ বাবে ৰাজ্যত পৰীক্ষাগাৰ স্থাপনৰ দাবী শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতিৰ

গুৱাহাটী, 10 মাৰ্চ: পাৱাৰলুমৰ বস্ত্ৰ পৰীক্ষাৰ বাবে ৰাজ্যত পৰীক্ষাগাৰ স্থাপনৰ বাবে চৰকাৰক দাবী শুৱালকুছি হস্ততাঁত শিল্প উন্নয়ন সমিতিৰ (Shualkuchi Weaving Industry Development Society) ৷ কিয়নো হস্ততাঁত উন্নয়ন আয়ুক্তৰ অনুমোদিত উত্তৰ- পূবৰ বাবে পৰীক্ষাগাৰ কলকাতাত আছে । পাৱাৰলুমৰ গামোচাবোৰ জব্দ কৰাৰ পাচত পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰা হয় কলকাতালৈ । সঠিক সময়ত সুদূত্তৰ নোপোৱাৰ ফলত অসাধু ব্যৱসায়ীসকল সাৰি যায় (verification of power loom textiles) ৷

সেয়েহে সংবাদমেলযোগে ৰাজ্যত এটা পৰীক্ষাগাৰ স্থাপনৰ বাবে দাবী জনায় শুৱালকুছি হস্ততাঁত শিল্প উন্নয়ন সমিতিয়ে ৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত শুৱালকুছি হস্ততাঁত শিল্প উন্নয়ন সমিতিয়ে শুৱালকুছিৰ হস্ততাঁত বস্ত্ৰ শিল্প আৰু সাম্প্ৰতিক পৰিবেশ সন্দৰ্ভত বৰ্ণনা কৰে । সমিতিৰ সম্পাদক ড৹ নিহাৰ ৰঞ্জন কলিতাই কয়, ‘‘শুৱালকুচিৰ হস্ততাঁত বস্ত্ৰ শিল্প এক বৃহৎ সংকট আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে‌ । বহিঃৰাজ্যৰ নকল বস্ত্ৰই গ্ৰাস কৰিছে এই শিল্পক ।’’

চৰকাৰে শেহতীয়াকৈ পাৱাৰলুমত উৎপাদিত কাপোৰৰ বিৰুদ্ধে লোৱা পদক্ষেপক আদৰণি জনাই সমিতিয়ে চৰকাৰক এই পদক্ষেপত সহায় কৰিবলৈ আগবাঢ়ি আহিব বুলি মন্তব্য কৰে । শুৱালকুছিত উৎপাদিত বস্ত্ৰত ৰেছমৰ বিশুদ্ধতাৰ প্ৰমাণ পত্ৰ, শিপিনীৰ পৰিচয় থকা বাৰক'ড আৰু ট্ৰেডমাৰ্ক পঞ্জীয়নকৃত 3D হলগ্ৰাম এই তিনিটা চিহ্ন সংযোজন কৰা হৈছে কাপোৰবোৰত ।

এই চিহ্নৰ জৰিয়তে অসাধু ব্যৱসায়ীৰ নকল বস্ত্ৰৰ পৰা গ্ৰাহকসকল মুক্ত হ’ব পাৰিব । পাৱাৰলুমৰ কাপোৰ পৰীক্ষা কৰিবৰ বাবে অসমত প্ৰতিখন জিলাতে একোটাকৈ কাপোৰ পৰীক্ষা যন্ত্ৰ স্থাপন কৰিবলৈ দাবী জনায় হস্ততাঁত শিল্প উন্নয়ন সমিতিয়ে । বাজেট অধিবেশনত ইয়াৰ বাবে পুঁজি ধাৰ্য কৰিবলৈও দাবী জনায় ।

মুষ্টিমেয় কেইগৰাকীমান বৈদ্যুতিক যন্ত্ৰচালিত শালৰ উদ্যোগ চলাই থকা বৃহৎ পুঁজিপতি বণিয়াৰ ওচৰত নতশিৰ নহৈ অসমৰ 16 লাখৰো অধিক খিলঞ্জীয়া শিপিনীৰ পক্ষত থিয় দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় । ইফালে, আইনৰ সুৰুঙা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে অধিক মুনাফা লাভৰ আশাত বহিঃৰাজ্যৰ কাপোৰ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰে । শিপিনীসকলৰ এই সমস্যা সম্পৰ্কে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে সমিতিয়ে ।

লগতে পঢ়ক: Assam assembly budget session: মহাৰাষ্ট্ৰ বিধায়ক বাচ্চু কাডুক শাস্তি প্ৰদানৰ দাবীৰে উত্তাল হ’ল সদন; বিৰোধীৰ সদন ত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.