ETV Bharat / state

Diwali 2022 in Guwahati: মহানগৰীত দীপাৱলীৰ বজাৰত কলপুলিৰ চাহিদা বৃদ্ধি

author img

By

Published : Oct 24, 2022, 7:23 PM IST

মহানগৰীৰ বজাৰ ভৰি পৰিছে মাটিৰ চাকি, বিভিন্ন ৰং-বিৰঙৰ লাইটেৰে (Diwali market in Guwahati)। সমানেই বৃদ্ধি পাইছে কল পুলিৰ চাহিদা । বিগত দুটা বছৰ ক’ভিডকালীন সময়ৰ তিক্ততা পাহৰি বজাৰসমূহত বাঢ়িছে ভিৰ ।

Diwali 2022 in Guwahati
মহানগৰীত দীপাৱলীৰ বজাৰত কলপুলিৰ চাহিদা বৃদ্ধি

গুৱাহাটী, ২৪ অক্টোবৰ: আজি পোহৰৰ উৎসৱ দীপাৱলী (Diwali 2022 in Assam) । দীপাৱলীক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে (Festival of Diwali) । ৰং-বিৰঙী আলোক সজ্জাৰে সজোৱা হৈছে ঘৰ, অনুষ্ঠান প্ৰতিষ্ঠান আদি ।

দীপাৱলী উপলক্ষে মহানগৰীৰ গঢ়ি উঠিছে কল পুলিৰ বজাৰ (Demand for Banana tree in Guwahati)। মহানগৰীৰ জালুকবাৰী, মালিগাঁও, ফাঁচী বজাৰপল্টন বজাৰ, গণেশগুৰি, বামুনীমৈদাম আদিকে ধৰি বিভিন্ন স্থান ভৰি পৰিছে কলপুলিৰে । হাজো, ৰঙিয়া আদি স্থানৰ ব্যৱসায়ীসকলে লৈ অহা কলপুলিৰে বজাৰ ভৰি পৰিছে । আনহাতে, পূৰ্বৰ তুলনাত দীপাৱলীৰ সময়ত এইবাৰ মহানগৰীত কলপুলিৰ চাহিদা বৃদ্ধি পাইছে ।

বজাৰত বিক্ৰী হৈছে প্ৰতিজোৰা কলপুলি ১০০-২০০ টকা পৰ্যন্ত । ফাঁচী বজাৰত কলপুলি বিক্ৰী কৰিবলৈ অহা ব্যৱসায়ীসকলে উল্লেখ কৰা মতে, হাজোৰ পৰা ফাঁচী বজাৰলৈ কলপুলি লৈ ২০গৰাকী ব্যৱসায়ী আহিছে । প্ৰতিগৰাকীয়ে ১৫০-২০০ টাকৈ কলপুলি লৈ দেওবাৰে নিশা ফাঁচী বজাৰলৈ আহিছে । সোমবাৰে পুৱাৰে পৰা কলপুলিবোৰ বিক্ৰী কৰিছে (Sale of Banana tree increased in Guwahati)।

কংক্ৰিটৰ মহানগৰত ৰাইজে কলপুলি ক্ৰয় কৰিবলৈ পুৱাৰে পৰা বজাৰত ভিৰ কৰিছেহি । ব্যৱসায়ীসকলে উল্লেখ কৰা মতে, যোৱা বছৰবোৰৰ তুলনাত কলপুলিৰ বিক্ৰী এইবাৰ ভাল হৈছে (Diwali 2022 celebrate in Guwahati) । মহানগৰীৰ বিভিন্ন স্থানৰ পৰা গ্ৰাহকে কলপুলি বিচাৰি ফাঁচী বজাৰলৈ আহিছে । পূৰ্বতে একাংশ গ্ৰাহকেহে কলপুলি ক্ৰয় কৰিছিল যদিও এইবাৰ প্ৰায় সংখ্যক গ্ৰাহকে ক্ৰয় কৰিছে বুলি ব্যৱসায়ীসকলে কয় ।

ইপিনে, এই ব্যৱসায়ীসকলে কয় যে বানৰ বাবে এইবাৰ কলপুলিৰ উৎপাদন হ্ৰাস পাইছে । সেইবাবে কলপুলিৰ দাম বৃদ্ধি পাইছে । এইবাৰ প্ৰতিজোপা কলপুলিত ১০-২০ টকাকৈ বৃদ্ধি পাইছে বুলি ব্যৱসায়ীসকলে উল্লেখ কৰিছে ।

লগতে পঢ়ক:Festival of Diwali: দীপাৱলীৰ বজাৰত চাহিদা বৃদ্ধিবৃ থলুৱা মাটিৰ চাকিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.