ETV Bharat / state

Delimitation of constituencies: সমষ্টি পুনৰ নিৰ্ধাৰণত মুখ্যমন্ত্ৰীৰ তৎপৰতা - Commission for delimitation of constituencies

এখোজ আগুৱালে দুখোজ পিছুৱাইছে ৰাজ্য়ত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া (Delimitation of constituency) ৷ ইয়াৰ মাজতে বিষয়টোক লৈ তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্য়মন্ত্ৰীগৰাকীৰ কাৰ্যকালতে অৰ্থাৎ ২০২৪ ৰ লোকসভা নিৰ্বাচন অথবা ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে ৷

Delimitation of constituency
সমষ্টি পুনৰ নিৰ্ধাৰণত মুখ্যমন্ত্ৰীৰ তৎপৰতা
author img

By

Published : Feb 21, 2022, 9:22 PM IST

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী: অসমৰ ১৪ টা লোকসভা সমষ্টি আৰু ১২৬ টা বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্দ্ধাৰণ (Delimitation of constituency) প্ৰকৃততে কেতিয়া হ’ব ? বিগত ২০০১ চনৰ পৰাই ছেগা-চোৰোকাকৈ এই প্ৰক্ৰিয়া এখোজ আগুৱাই দুখোজ পিছুৱাইছে । কিন্তু আজিকোপতি সমষ্টিসমূহৰ পুণৰনিৰ্দ্ধাৰণৰ কাম সম্পূৰ্ণ হৈ নুঠিল ।

শেহতীয়াকৈ দিছপুৰৰ এক সুত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি ইতিমধ্যে এই বিষয়টোক লৈ যথেষ্ঠ গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে । সুত্ৰটোৱে সদৰী কৰা মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছে যে তেওঁৰ কাৰ্যকালতে অসমৰ সমষ্টিসমূহৰ সীমা পুনঃনিৰ্দ্ধাৰণৰ কাম সম্পূৰ্ণ হওক ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই সমষ্টি পুনঃনিৰ্দ্ধাৰণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰকো মুখ্যমন্ত্ৰীয়ে জনাইছে ৷

যদি কিবা কাৰিকৰী কাৰণত সেয়া সম্ভৱ হৈ নুঠে তেন্তে ৰাজ্যত ২০২৬ ৰ বিধানসভা নিৰ্বাচন যাতে নতুনকৈ গঠন হোৱা সমষ্টিৰ ভিত্তিত অনুষ্ঠিত কৰা হয় তাৰ বাবেও তেওঁ কেন্দ্ৰক আহ্বান জনাইছে ।

উল্লেখযোগ্য যে, অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ সীমা পুনঃনিৰ্দ্ধাৰণৰ বাবে ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাই(Justice Ranjana Prakash Desai)ৰ অধ্যক্ষতাত এখন আয়োগ গঠন কৰি দিছিল (Commission for delimitation of constituencies)। সেই আয়োগে ইতিমধ্যে চৰকাৰৰ হাতত প্ৰতিবেদনো দাখিল কৰি থৈছে ।

গতিকে সমষ্টি পুণৰনিৰ্দ্ধাৰণৰ বিষয়টোত এটা প্ৰক্ৰিয়া ইতিমধ্যে আগবাঢ়িয়ে আছে বুলি ক'লেও হয়তো ভুল কোৱা নহ’ব । কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল, সমষ্টি পুণৰনিৰ্দ্ধাৰণ হ'লেও অসমত নতুনকৈ কোনো সমষ্টিৰ সৃষ্টি নহয় । বৰ্তমানৰ দৰে ১৪ টা লোকসভা আৰু ১২৬ টা বিধানসভা সমষ্টি হৈয়েই থাকিব । কেৱল জনগাঁথনিৰ পৰিবৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টিসমূহৰ সীমাহে নতুনকৈ নিৰ্দ্ধাৰণ কৰা হ’ব ।

কিন্তু ২০০১ চনৰ লোক পিয়লৰ ভিত্তিত সমষ্টি পুণৰগঠন কৰিবলৈ বিচৰা কাৰ্যৰ বিৰোধ কৰি ইতিমধ্যে অসমৰ কেইবাটাও দল-সংগঠনে ন্যায়ালয়ৰ কাষ চাপিছিল । কিয়নো দুই দশক পুৰণি সেই পিয়লৰ সৈতে বৰ্তমানৰ জনগাঁথনি বা জনবিন্যাসৰ কোনো মিল নাই । ইতিমধ্যে আমূল পৰিবৰ্তন ঘটিছে জনগাঁথনিত । যাৰ বাবে উচ্চতম ন্যায়ালয়ে এই সমস্ত প্ৰক্ৰিয়াটো বন্ধ কৰি ৰাখিছিল ।

লগতে পঢ়ক: Manipur Election 2022 : আজি মণিপুৰত সমুখ সমৰত হিমন্ত-ৰাহুল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.