ETV Bharat / state

দিনজোৰা বৈঠকতো নোলাল সমিধান : ওলমি ৰৈছে মুখ্যমন্ত্ৰীৰ প্ৰসংগ

দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ বাসগৃহত আজি পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ২.৩০ বজালৈ ধাৰাবাহিকভাৱে চলে বৈঠক । কিন্তু এই ধাৰাবাহিক বৈঠকতো কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সেই বিষয়ে কোনো স্পষ্ট সিদ্ধান্ত ল’ব নোৱাৰিলে বিজেপিৰ শীৰ্ষ নেতৃত্বই ।

দিনজোৰা বৈঠকতো নোলাল সমিধানঃ দেওবাৰে বিজেপি বিধায়িনী দলৰ বৈঠক

author img

By

Published : May 8, 2021, 7:30 PM IST

Updated : May 8, 2021, 8:17 PM IST

গুৱাহাটী, ৮মে : মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ দুয়োজন নেতাই শনিবাৰে পুৱা ৭.৩০ বজাতে একেখন চাৰ্টাৰ্ড বিমানতে গুৱাহাটীৰ পৰা উৰা মাৰিছিল দিল্লী অভিমুখে । শুকুৰবাৰে নিশা দিল্লীৰ পৰা শীৰ্ষ নেতৃত্বৰ চমন পায়েই শনিবাৰে পুৱাতে এইদৰে ততাতৈয়াকৈ দিল্লীলৈ ৰাওনা হৈছিল সৰ্বানন্দ সোণোৱাল আৰু ড৹ হিমন্তবিশ্ব শৰ্মা । উদ্দেশ্য নিৰ্বাচনী ফলাফল ঘোষণাৰ ছটা দিন উকলি যোৱাৰ পিছতো গেঠেলা মাৰি ৰোৱা মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিতৰ্কৰ এক সমাধানসূত্ৰ উলিওৱা ।

দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ বাসগৃহত আজি পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ২.৩০ বজালৈ ধাৰাবাহিকভাৱে চলে বৈঠক । কিন্তু এই ধাৰাবাহিক বৈঠকতো কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সেই বিষয়ে কোনো স্পষ্ট সিদ্ধান্ত ল’ব নোৱাৰিলে বিজেপিৰ শীৰ্ষ নেতৃত্বই । অৱশেষত সিদ্ধান্ত হয় যে, কাইলৈ অৰ্থাৎ দেওবাৰে গুৱাহাটীত দলৰ এগৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষকৰ উপস্থিতিত অনুষ্ঠিত হ’ব বিজেপি বিধায়িনী দলৰ বৈঠক । সেই বৈঠকতে বিধায়কসকলৰ পৰা মুখ্যমন্ত্ৰী সন্দৰ্ভত মতামত গ্ৰহণ কৰিব পৰ্যবেক্ষকে আৰু তাৰ পিছতে ঘোষণা কৰা হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ।

দিনজোৰা বৈঠকতো নোলাল সমিধানঃ দেওবাৰে বিজেপি বিধায়িনী দলৰ বৈঠক
দিনজোৰা বৈঠকতো নোলাল সমিধানঃ দেওবাৰে বিজেপি বিধায়িনী দলৰ বৈঠক

আনহাতে, শনিবাৰে পুৱাৰে পৰা সভাপতি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত বৈঠকত ড৹ হিমন্তবিশ্ব শৰ্মাক উপ-মুখ্যমন্ত্ৰী পদত অধিস্থিত কৰা বিষয়টোও আলোচনা হয় যদিও ইয়াৰ কোনো সুফল নোলাল । সৰ্বানন্দ সোণোৱাল আৰু ড৹ শৰ্মা দুয়োৰে সৈতে প্ৰথমে সুকীয়া সুকীয়াকৈ আৰু পিচত দুয়োকে একেলগে বহুৱায়ো আলোচনাত মিলিত হয় শীৰ্ষ নেতৃত্ব ‌। বৈঠকত নাড্ডাৰ উপৰিও উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ শীৰ্ষ নেতা বি এল সন্তোষ । সম্প্ৰতি শনিবাৰে নিশা কেন্দ্ৰীয় কেইৱাগৰাকীও শীৰ্ষ নেতা তথা দলৰ প্ৰভাৰীৰ সৈতে ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল চাৰ্টাড বিমান যোগে গুৱাহাটী পাবহি ৷ তাৰ পিচতে দেওবাৰে সমগ্ৰ বিষটো পৰিস্ফুট হৈ পৰিব দৰাচলতে মুখ্যমন্ত্ৰী কোন হ’ব অসমৰ ৷

লগতে পঢ়ক : দেওবাৰে ঘোষণা হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম

Last Updated : May 8, 2021, 8:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.