ETV Bharat / state

অসমৰ মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ জালিয়াতি; কিয় গ্ৰেপ্তাৰ পঞ্চতাৰকা হোটেলৰ মেনেজাৰ - ৰোহিত ছোলাংকী

অসমৰ মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা ঘটনাৰ তদন্ত অব্যাহত থকাৰ মাজতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰাজধানী চহৰখনত থকা এখন পঞ্চতাৰকা হোটেলৰ মেনেজাৰক । মুখ্যমন্ত্ৰীৰ ভুৱা স্বাক্ষৰ কৰা দুজন যুৱকক ধনৰ বিনিময়ত হোটেলত বেলেগ নামত কোঠা বুক কৰি থাকিবলৈ দিছিল মেনেজাৰজনে ।

Delhi police arrested five star hotal manager
দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পঞ্চতাৰকা হোটেলৰ মেনেজাৰক
author img

By

Published : Sep 24, 2021, 2:59 PM IST

Updated : Sep 24, 2021, 3:26 PM IST

নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা স্বাক্ষৰ কৰাৰ দুঃসাহস কৰা দুই যুৱকক আশ্ৰয় দি ৰঙাঘৰৰ আলহী হ'ল দিল্লীৰ এখন পঞ্চতাৰকা হোটেলৰ মেনেজাৰ । মুখ্যমন্ত্ৰীৰ ড০ শৰ্মাৰ ভুৱা স্বাক্ষৰ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছিল কেইজনমান যুৱকে । এই ঘটনা সন্দৰ্ভত তদন্ত চলাই অসম আৰক্ষীয়ে ৭ জন যুৱকক আটক কৰে । আৰক্ষীৰ জেৰাত যুৱককেইজনে স্বীকাৰ কৰে যে, তেওঁলোকৰ মাজৰে দুজন যুৱকক ধনৰ বিনিময়ত দিল্লীৰ এখন হোটেলত বেলেগ নামত কোঠা বুক কৰি থাকিবলৈ দিছিল ৰোহিত ছোলাংকী আৰু অনিল গোৱেল নামৰ দুজন মেনেজাৰে ।

ইয়াৰ পাছতে কন্নৌট প্লেচ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ৰোহিত ছোলাংকীক গ্ৰেপ্তাৰ কৰে । আনহাতে, আনজন মেনেজাৰ এতিয়াও পলাতক অৱস্থাত আছে । জানিব পৰা মতে, কন্নৌট প্লেচ আৰক্ষীক অসমৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিবেক কুমাৰে জনাইছিল যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা স্বাক্ষৰ কৰাৰ অভিযোগ সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে । এই গোচৰটোৰে জড়িত দুজন অভিযুক্তক আৰক্ষীয়ে বিচাৰি আছে । এই অভিযুক্ত দুজন অশোক ৰোডৰ সমীপৰ হোটেলত থকাৰ সন্দেহ কৰিছিল আৰক্ষীয়ে ।

ৰাজীৱ কলিতা আৰু ইমৰান চৌধুৰী দিল্লীৰ হোটেলত আশ্ৰয় লৈ থকাৰ বিষয়েও কন্নৌট প্লেচ আৰক্ষীক অৱগত কৰা হৈছিল । লগতে তেওঁলোকৰ ফটোও প্ৰেৰণ কৰা হৈছিল । আৰক্ষীৰ দলটোৱে যোৱা ১০ ছেপ্টেম্বৰত এখন পঞ্চতাৰকা হোটেললৈ এই বিষয়ে গৈ সোধা-পোছা কৰিছিল ৷

হোটেলখনত ৰোহিত ছোলাংকী উপস্থিত আছিল । আৰক্ষীয়ে ৰোহিতক এখন ফটো দেখুৱাইছিল যদিও তেওঁ ফটোখনত থকা ব্যক্তিজনক চিনি নাপায় বুলি জনাইছিল । ইয়াৰ পাছত আৰক্ষীৰ দলটোৱে তেওঁৰ পৰা হোটেলত উপস্থিত থকা অতিথিৰ তালিকা বিচাৰে । তালিকাখনত ৰাজীৱ কলিতা আৰু ইমৰান চৌধুৰীৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাছিল । পিছদিনা অৰ্থাৎ যোৱা ১১ ছেপ্টেম্বৰত আৰক্ষী বিষয়া বিবেক কুমাৰে পুৱা ফোন কৰি কন্নৌট প্লেচ আৰক্ষীক জনায় যে, নতুন দিল্লীৰ পৰা গুৱাহাটীলৈ অহাৰ সময়ত ৰাজীৱ কলিতাক গ্ৰেপ্তাৰ কৰা হৈছে ।

তেওঁ জনায় যে, ৰাজীৱ অশোক ৰোডৰ পঞ্চতাৰকা হোটেলৰ ৬০৮ নং কোঠাত আছিল । তাৰ পিছত আৰক্ষীৰ দলটো পুনৰ হোটেলত উপস্থিত হয় । তালিকাখনত ৬০৮ নং কোঠাটো ৰাজু নামৰ এজন লোকৰ নামত বুক কৰা আছিল । কিন্তু যেতিয়া তেওঁ হোটেলৰ চিচি টিভিৰ ফুটেজ আৰক্ষীয়ে চাইছিল, তেতিয়া তাত ৬০৮ নং কোঠাত ৰাজু নামৰ লোকজন প্ৰৱেশ কৰাৰ দৃশ্য ৰেকৰ্ড নাছিল । তেতিয়াই আৰক্ষীয়ে জানিব পাৰিছিল যে মেনেজাৰ অনিল গোৱেলে ইচ্ছাকৃতভাৱে নামটো ভুলকৈ অন্তৰ্ভুক্ত কৰিছিল ।

আনহাতে, আৰক্ষীয়ে ৰাজীৱ কলিতাৰ পৰিচয় পত্ৰ আৰু অন্যান্য নথি-পত্ৰও ওচৰৰ এটা ডাষ্টবিনৰ পৰা উদ্ধাৰ কৰে । কন্নৌট প্লেচ আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰে আৰু গোচৰটো সন্দৰ্ভত তদন্ত চলায় । ইফালে, এই ঘটনা পোহৰলৈ অহাৰ পাছতে হোটেল প্ৰশাসনে দুয়োজন মেনেজাৰক বৰ্খাস্ত কৰে । এজাহাৰ দাখিল কৰাৰ পিছৰে পৰা মেনেজাৰ ৰোহিত আৰু অনিল গোৱেল পলাতক হৈ আছিল ।

অৱশেষত আৰক্ষী বিষয়া ৰাজেন্দ্ৰ ডুবেৰ তত্বাৱধানত আৰক্ষীৰ এটা দলে ৰেহিত ছোলাংকীক গ্ৰেপ্তাৰ কৰে । জেৰাৰ সময়ত ৰোহিতে কয় যে, তেওঁ অতিথি দুগৰাকীৰ পৰা ৫,০০০ টকা লাভ কৰিছে । তেওঁ আৰক্ষীক জনায় যে, তেওঁ ২০১৯ চনৰ পৰা এই হোটেলখনত কাম কৰি আছে । শেহতীয়াকৈ তেওঁ এই অপৰাধৰ সৈতে জড়িত হৈ পৰিছে ।

নগদ ধন পৰিশোধ কৰি থকা অতিথিক হোটেলত প্ৰৱেশ কৰাৰ ব্যৱস্থা কৰি দিয়ে দুয়োজন মেনেজাৰে আৰু অতিথি যোৱাৰ পিছত এই ধনৰাশি দুয়োজন মেনেজাৰে নিজৰ মাজতে ভগাই লয় । আৰক্ষীয়ে ৰোহিতক গ্ৰেপ্তাৰ কৰিছে যদিও অনিল গোৱেল এতিয়াও পলাতক হৈ আছে । উল্লেখ্য যে, ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা স্বাক্ষৰ কৰা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ ভিতৰত দুজন লোক দিল্লীৰ হোটেলত বাহৰ পাতি আছিল । ভুৱা স্বাক্ষৰ সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত ইতিমধ্যে এখন এজাহাৰ দাখিল কৰা হৈছে ।

লগতে পঢ়ক:ভূমিকম্পৰ ক্ষয়ক্ষতি হ্ৰাস কৰাৰ উদ্দেশ্যে ত্ৰিপুৰাত আৰম্ভ বিশেষ আঁচনি

Last Updated : Sep 24, 2021, 3:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.