গুৱাহাটী,19মেঃ ধ্বংসৰ পথত দিহিং পাটকাই অভয়াৰণ্য দিহিঙৰ বুকুত কয়লা খননৰ অনুমতি প্ৰদান কৰিছে নেচনেল বোৰ্ড অফ ৱাইল্ডলাইফ চমুকৈ NBWLয়ে। ৯৮.৫৯ হেক্টৰ ভূমিত চলিব কয়লা খনন কাৰ্য।
![as_ghy_02_dehing patkai campaign story_as10002](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-dehingpatkaicampaignstory-as10002_19052020162730_1905f_1589885850_866.jpg)
দেশত লক ডাউন চলি থকাৰ মাজতে পৰিৱেশ মন্ত্ৰালয়ে লৈছে অসম বৰ্ষাৰণ্য দিহিং পাটকাই ধ্বংস কৰাৰ এই সিন্ধান্ত। চৰকাৰৰ এনে চক্ৰান্তত ক্ষুন্ন হৈ পৰিছে অসমৰ ৰাইজ। জৈৱ বৈচিত্ৰৰে ভৰপূৰ দিহিং পাটকাই ৰক্ষা কৰাৰ বাবে আগবাঢ়ি আহিছে অসমৰ ছাত্ৰসমাজ ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইক' ক্লাৱে আৰম্ভ কৰিছে এক অনলাইন প্ৰতিবাদী কাৰ্যসূচী। সামাজিক মাধ্যমত ইতিমধ্যেই #SaveDehingPatkai শীৰ্ষক এক ব্যাপক অভিযান আৰম্ভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজে।
![as_ghy_02_dehing patkai campaign story_as10002](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7264969_.jpg)
চৰকাৰে কয়লা খননত জনোৱা বৈধ্যতাৰ বিৰুদ্ধে এতিয়া এনেদৰেই অনলাইন প্ৰতিবাদ কৰি গৈছে ছাত্ৰসমাজে। বণ্য হস্তীৰ বাবে সংৰক্ষিত এই স্থানত খনন কাৰ্য চলোৱা চৰকাৰৰ সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত এই অনলাইন আন্দোলন চলাই নিব বুলি জানিবলৈ দিয়ে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উপ সভাপতি লক্ষ্যজিৎ দাস আৰু সামাজিক সেৱা বিভাগৰ সম্পাদিকা ফাৰ্নি আহমেদে।
![as_ghy_02_dehing patkai campaign story_as10002](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-dehingpatkaicampaignstory-as10002_19052020162730_1905f_1589885850_976.jpg)
উল্লেখযোগ্য যে দিহিং পাটকাই বৰ্ষাৰণ্যত খনন চলালে বহু জীৱ-জন্তু বিলুপ্ত হৈ পৰিব হেৰাই যাব ২৯৩টা প্ৰজাতিৰ চৰাই, ৫৭টা প্ৰজাতিৰ উভচৰ প্ৰাণী, ৪৭ টা স্তনপায়ী প্ৰাণী, ১০০ বিধ দুস্প্ৰাপ্য অৰ্কিড, হলৌ বান্দৰ ।
![as_ghy_02_dehing patkai campaign story_as10002](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-dehingpatkaicampaignstory-as10002_19052020162730_1905f_1589885850_920.jpg)
লগতে পঢ়কঃ চৰাইডেউত লক ডাউনৰ গইনা লৈ বন ধ্বংস