ETV Bharat / state

ঐতিহাসিক দীপৰ বিলত পৰম্পৰাগত মাছ মৰা উৎসৱ

আজি দীপৰ বিলত অনুষ্ঠিত উদযাপিত হ'ল পৰম্পৰাগত মাছ মৰা উৎসৱ ৷ পূৰ্বৰে পৰা চলি অহা এই উৎসৱত দেখিবলৈ পোৱা সহস্ৰাধিক লোকৰ ভিৰ ৷

author img

By

Published : Jan 5, 2020, 3:15 PM IST

পৰম্পৰাগত মাছ মৰা উৎসৱ
পৰম্পৰাগত মাছ মৰা উৎসৱ

গুৱাহাটী, 5 জানুৱাৰী: দেওবাৰে পুৱাৰে পৰা দীপৰ বিলত এক উখল-মাখল পৰিৱেশ ৷ সকলোৰে হাতে হাতে কেৱল মাছ আৰু মাছ ৷ কিয়নো দীপৰ বিলত আজি একেলগে মাছ মাৰিছে সহস্ৰাধিক মাছমৰীয়াই ৷ ঐতিহাসিক দীপৰ বিলৰ আজি মাছ মৰা উৎসৱ ৷ দীপৰ বিলৰ দাতিকাষৰীয়া লোকসলকে পূৰ্বৰে পৰা পৰম্পৰাগতভৱে পালন কৰি আহিছে এই সমূহীয়া মাছ মৰা উৎসৱ ৷ স্থানীয় লোকসকলে প্ৰায় মাহজোৰা প্ৰস্তুতিৰে নাওঁ সমূহ নতুনকৈ মেৰামতি কৰি, ৰং বুলাই সাজি তুলিছে ন ৰূপত, সাজু কৰিছে মাছ মৰা সজুলি সমূহো ৷

দীপৰ বিলত এক উখল-মাখল পৰিৱেশ
দীপৰ বিলত এক উখল-মাখল পৰিৱেশ

আজি ঐতিহাসিক বিলখনত মাছ মাৰিবলৈ নামিল প্ৰায় 300 খন নাও, প্ৰত্যেকখন নাৱত দুজন-তিনিজনকৈ মাছমৰীয়া ৷ দীপৰ বিলৰ দাতিকাষৰীয়া এই মাছমৰীয়া সকলে এনেদৰে মাছ মাৰিয়েই জীৱিকা নিৰ্বাহ কৰি আছে ৷ প্ৰাপ্ত তথ্য অনুসৰি এইবাৰ দীপৰ বিলত ৰৌ, ভকুৱা, চিতলকে ধৰি মেলি দিয়া হৈছিল প্ৰায় আঢ়ৈ কুইন্টল মাছৰ পোনা ৷ এই পোনাবোৰ দীপৰ বিলত এৰি দিয়াৰে পৰা প্ৰায় 4 মাহ পৰ্যন্ত দীপৰ বিলত কোনো মাছমৰীয়াই মাছ মৰা নাছিল ৷

পৰম্পৰাগত মাছ মৰা উৎসৱ ঐতিহাসিক দীপৰ বিলত

এনেদৰে পৰম্পৰাগতভাৱে ধৰা মাছবোৰ বিভিন্ন বজাৰত মুকলাই দিয়ে যদিও দীপৰ বিলৰ পাৰত কোনো ওজন নকৰাকৈয়ে আনুমানিক হিচাপত বিক্ৰী কৰে ৷ যাৰ বাবে এই বজাৰত সমাগম ঘটে অসংখ্য গ্ৰাহকৰ ৷ ভোগালী বিহুৰ প্ৰাক ক্ষণত এই মাছ ধৰা উৎসৱে সকলোৰে মাজত এক উলাহৰ উন্মেষ ঘটাইছে ৷ কিন্তু গ্ৰাহকৰ মতে, পূৰ্বতকৈ এইবেলি তুলনামূলকভাৱে বৃদ্ধি পাইছে মাছৰ দাম ৷ প্ৰতিকূল বতৰকো নেওচি অধিক দৰত হ'লেও গ্ৰাহকে ক্ৰয় কৰিলে দীপৰ বিলৰ তৃপ্তি ভৰা মাছ ৷

লগতে পঢ়ক: মৰাণত 8 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 'দ্বিতীয় মৰাণ গ্ৰন্থমেলা'

Intro:ঐতিসাহিক দ্বীপৰ বিলত 'বিল মাৰা' উৎসৱ । ৰাতিপুৱাৰে পৰা একেলগে বিলত মাছ ধৰিলে প্ৰায় হাজাৰৰো অধিক মাছমৰীয়াই । দ্বীপৰ বিলত নামিল প্ৰায় ৩০০ৰো অধিক নাও ।
Body:Vo...ঐতিসাহিক দ্বীপৰ বিলত কাহিলিপুৱাৰে পৰা উখল মাখল পৰিৱেশ । কিয়ণো দ্বীপৰ বিলত কাহিলিপুৱাৰে পৰা অাৰম্ভ হৈছে 'বিল মাৰা' উৎসৱ । কোনোবাই যদি ৩হাজাৰত কোনোবাই আকৌ ৫ হাজাৰত ক্ৰয় কৰিছে এটা মাছ । মুঠৰ ওপৰত ক্ৰেটাৰ ব্যাপক ভিৰ দ্বীপৰ বিলৰ পাৰত । দ্বীপৰ বিলৰ দাতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়া লোকসকলে পুৰ্বৰে পৰা পৰম্পৰাগতভাৱে পালন কৰি আহিছে 'বিল মাৰা' উৎসৱ । দ্বীপৰ বিলৰ দাতিকাষৰীয়া লোকসকলে প্ৰায় মাহযোৰা প্ৰস্তুতিৰে নাও ৰংকৰাকে ধৰি নাও মেৰামতি,বিভিন্ন প্ৰকাৰ মাছ মৰা জাল-জাঙোৰ আদি সকলো সাজু কৰি উলিয়াই আজি বিলত মাৰিলে মাছ
এইবাৰ বিলত একেলগে নামিল প্ৰায় ৩০০ খন নাও আৰু প্ৰত্যকখন নাওতে দুজন-তিনিজনকৈ মাছমৰীয়া । দ্বীপৰ বিলৰ দাতীকাষৰীয়া এই মাছমৰীয়া সকলে এনেদৰে মাছ ধৰিয়ে জীৱিকা নিৰ্বাহ কৰি আছে । জানিব পৰা ম'তে এইবাৰ দ্বীপৰ বিলত ৰৌ,ভকুৱা,চিতলকে ধৰি প্ৰায় আঢ়ৈ কুইন্টল মাছৰ পোনা মেলি দিছিল । সেই পোনাবোৰ এতিয়া ডাঙৰ হোৱাত এনেদৰে বিলৰ বুকুত মাছ ধৰে । উল্লেখ্য যে পোনা দ্বীপৰ বিলত মেলি দিয়াৰ পিছৰে পৰা প্ৰায় ৮ মাহ দ্বীপৰ বিলত কোনো মাছমৰীয়াই মাছ ধৰা নাই ।
পৰম্পৰাগতভাৱে ধৰা এনে মাছবোৰ বিভিন্ন বজাৰত মুকলাই দিয়ে যদিও দ্বীপৰ বিলৰ পাৰত কোনো ওজন নোহোৱাকৈ আনুমানিক হিচাপে বিক্ৰি কৰে । যাৰ বাবে এই বজাৰত অসংখ্যা গ্ৰাহকৰ সমাগম ঘটে । এয়া দ্বীপৰ বিলৰ পাৰত এনেদৰে অসংখ্যা লোকে মাছ ক্ৰয় কৰিলে । সকলোৰে হাতে কেৱল মাছ আৰু মাছ ।

Bite1..

ভোগালী বিহুৰ আগত এনেদৰে মাছ ধৰা উৎসৱে সকলোৰে মাজত এক উৎসাহৰো সৃষ্টি কৰিলে । কিন্তু গ্ৰাহকৰ ম'তে এইবাৰ পুৰ্বতকৈ বহু বৃদ্ধি হৈছে মাছৰ দাম । অধিক দামত ক্ৰয় কৰিবলগীয়া মাছ ।

Bite2..
Conclusion:সেয়া যি কি নহওক অধিক দৰত হলেও বহুতে এনেদৰে ক্ৰয় কৰিলে দ্বীপৰ বিলৰ তৃপ্তি ভৰা মাছ । প্ৰতিকুল বতৰকো নেওচি দ্বীপৰ বিলৰ পাৰত সমাগম হ'ল অজস্ৰ লোকৰ ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.