ETV Bharat / state

Deeplina Deka:সামাজিক মাধ্যমত ফটো ভাইৰেল হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কণ্ঠশিল্পী দীপলিনা ডেকাৰ

প্ৰকৃতে কণ্ঠশিল্পী দীপলিনা ডেকাৰ সৈতে হৈছিল কি? কোনে ভাইৰেল কৰিছিল শিল্পীগৰাকীৰ ফটো ? ফে’চবুক লাইভ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ দীপলিনা ডেকাৰ ।

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 9:33 PM IST

Deeplina Deka reacts on being trolled
দীপলিনা ডেকা

গুৱাহাটী, 24 আগষ্ট : কণ্ঠশিল্পী দীপলিনা ডেকাৰ সামাজিক মাধ্যমত ফটো ভাইৰেল হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ । ফেচবুক লাইভ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কণ্ঠশিল্পী গৰাকীৰ । দীপলিনা ডেকাই মন্তব্য কৰি কয়- ‘ধেমালি কৰাৰ এটা সীমা থকা উচিত, ধেমালিৰ সীমা অতিক্ৰম কৰাৰ বাবে আমি এনেকুৱা এটা পদক্ষেপ ল'বলৈ বাধ্য হৈছোঁ । এগৰাকী অসমীয়া হিচাপে কিছু কথাত লাজো লাগে । কাৰণ অসমীয়া সংস্কৃতিৰ, অসমীয়া ৰুচিবোধ কেতিয়াও এনেকুৱা নাছিল’ ।

  • " class="align-text-top noRightClick twitterSection" data="">

‘মহিলা এগৰাকীক যেতিয়া ব্যক্তিগতভাৱে আক্ৰমণ কৰা হয়, সেইটো কোনো কাৰণত সহ্য কৰিব নোৱাৰি । বিগত ২২ আগষ্ট তাৰিখে নগাঁৱৰ এটা নৰাধমে এ আই পদ্ধতি ব্যৱহাৰ কৰি কণ্ঠশিল্পী দীপলিনা ডেকাৰ এখন ফটো সামাজিক মাধ্যমত বিকৃত ৰূপত উপস্থাপন কৰা সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় - নগাঁৱৰ যুৱক অনুপল দত্তই তেওঁৰ সীমা অতিক্ৰম কৰিলে’ ৷

বিকৃত মস্তিকৰ অনুপল দত্তক ইতিমধ্যে আটক কৰা হৈছে । যাৰ বাবে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে কন্ঠশিল্পী গৰাকীয়ে । ইয়াৰ লগতে দীপলিনা ডেকাই উল্লেখ কৰি কয়- ‘এই ঘটনাৰ সন্দৰ্ভত মই কিয় মাত নাই মতা, তাক লৈ বহুতে প্ৰশ্ন কৰি আছিল । আচলতে মই এটা সঠিক সময়ৰ বাবে বাট চাই আছিলো । প্ৰথম অৱস্থাত মই যেতিয়া ফটোখন দেখিছিলো তেতিয়া মই অকমান মানসিকভাৱে ভাগি পৰিছিলো । মই তৎক্ষণাত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীক জনাইছিলো’ ।

বহু চিন্তাচৰ্চাৰ অন্তত দীপলিনা ডেকাই নিজৰ স্থিতি প্ৰকাশ কৰিলে ৷ তেওঁ লগতে আৰু কয়, ‘বহুত ছোৱালীৰ ইতিমধ্যে এ আই পদ্ধতিৰ জৰিয়তে ফটো বিকৃত কৰা হৈছে । সেয়ে মই সকলোবোৰ চালি-জাৰি চাই গোচৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলো । গোচৰটো মই নিজৰ হৈ নাই দিয়া, সকলো ছোৱালীৰ হৈ মই এই গোচৰ দিছো’ । এনেধৰণৰ ঘটনাৰ সন্দৰ্ভত নাৰী সকলকো সজাগ হ’বলৈ আহ্বান জনায় কণ্ঠশিল্পী গৰাকীয়ে ।

লগতে পঢ়ক : মোহময়ী কণ্ঠশিল্পী দীপলিনা ডেকাৰ বিষয়ে জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.