ETV Bharat / state

মহানগৰীত শ্বহীদ দীপাঞ্জল দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ - শ্বহীদ দীপাঞ্জল দাস

প্ৰতিবাদত নিহত প্ৰথমজন শ্বহীদ দীপাঞ্জল দাসৰ মৃত্যুত দেওবাৰে গুৱাহাটীৰ লাচিত নগৰত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰে আদ্যশ্ৰাদ্ধ ৷

গুৱাহাটী
মহানগৰীত শ্বহীদ দীপাঞ্জল দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ
author img

By

Published : Dec 23, 2019, 3:10 AM IST

Updated : Dec 23, 2019, 7:31 AM IST

গুৱাহাটী, 22 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত আৰক্ষীৰ গুলীত নিহত হৈছিল ছয়গাঁৱৰ যুৱক দীপাঞ্জল দাস। প্ৰতিবাদত নিহত প্ৰথমজন শ্বহীদ দীপাঞ্জল দাসৰ মৃত্যুত দেওবাৰে গুৱাহাটীৰ লাচিত নগৰত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰে আদ্যশ্ৰাদ্ধ। স্থানীয় বাসিন্দাৰ লগতে আদ্যশ্ৰাদ্ধত উপস্থিত থাকে দীপাঞ্জলৰ পিতৃ-মাতৃ ৷

মহানগৰীত শ্বহীদ দীপাঞ্জল দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ

প্ৰতিবাদলৈ যোৱাৰ আগমুহূৰ্তত দীপাঞ্জলক বাধা দিছিল বুলি মন্তব্য কৰে মাতৃয়ে ৷

আৰু পঢ়কঃ অখিল গগৈ আৰু জীতেন দত্তৰ মুক্তিৰ দাবীত বিশেষ সংবাদমেল

Intro:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ওলাই আহিল অসমৰ জনতা। কোনো সংগঠনৰ আঁৰত নহয় স্বতঃস্ফূৰ্ত ভাবে ওলাই আহিল অসমৰ ৰাইজ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবে। কিন্তু প্ৰতিবাদৰ ভাষা বুজি নোপোৱা চৰকাৰৰ প্ৰতি বিদ্ৰোহ হৈ উঠিল অসমৰ ৰাইজ। প্ৰশাসনৰ সান্ধ্য আইন নামনি ওলাই আহিল লাখ লাখ জনতা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে । কি উজনি কি নামনি সকলোতে চলিল প্ৰতিবাদ। অসমৰ বিদ্ৰোহী ৰাইজৰ প্ৰতিবাদ ক্ৰমাৎ হৈ উঠিল হিংসাত্মক। নাগৰিকত্ব সংশোধনী আইনৰ বিপক্ষে লাখ লাখ জনতাৰ সৈতে ওলাই আহিছিল ছয়গাঁৱৰ যুৱক দীপাঞ্জল দাস।
Body:আৰক্ষীৰ গুলীত নিহত হৈছিল ছয়গাঁৱৰ যুৱক দীপাঞ্জল দাস। নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনত শ্বহীদ হৈছিল দীপাঞ্জল। আজি গুৱাহাটীৰ লাচিত নগৰত ৰাজহুৱাভাৱে অনুষ্ঠিত হ’ল আদ্যশ্ৰাদ্ধ। এতিয়া পিতৃ মাতৃৰ চকুত যেন চকুপানী শুকাই গৈছে। পুত্ৰক উভতাই আনিবলৈ যে এতিয়া সময় নাই সেয়া বুজি উঠিছে পিতৃ মাতৃয়ে। পিতৃয়ে কয় চৰকাৰে যিমান যি কৰিলেও জানো মোৰ সন্তান উভতি আহিব।
Bite:- পিতৃ
মাতৃৰ উকা বুকু উমাল কৰিবলৈ পুত্ৰ উভতি নাহে। প্ৰতিবাদলৈ যোৱাৰ আগমুহূৰ্তত মাতৃয়ে বাধা দিছিল দিপাঞ্জলক।
Bite:- মাতৃ।Conclusion:ক্ষমতাবলীয়া চৰকাৰ এতিয়া পঙ্গু। নিৰহৰ তেজেৰে ৰাজনীতি কৰা এই বদনৰূপী মন্ত্ৰী সকলে অকণো আহৰি পোৱা নাই পাচঁজন শ্বহীদৰ খৱৰ লবলৈ।
Last Updated : Dec 23, 2019, 7:31 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.