ETV Bharat / state

দীপ বায়নক প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ কাৰ্যকৰী মুখ্য সংগঠক পদত নিযুক্তি - congress

দীপ বায়ন(Deep Bayan)ক অসম প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ কাৰ্যকৰী মুখ্য সংগঠক হিচাপে নিযুক্তি প্ৰদান সৰ্বভাৰতীয় কংগ্ৰেছ সেৱা দলৰ মুখ্য সংগঠক লালজী দেশাইৰ ৷ অসম প্ৰদেশ কংগ্ৰেছ(Assam Pradesh Congress) সেৱা দল(Seva Dal)ৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ আছিল বায়নে ৷ একাংশ কংগ্ৰেছী বিধায়ক আৰু দলীয় কৰ্মীৰ মাজত প্ৰকট হৈ উঠা নীতি-আদৰ্শৰ সংকটৰ মাজতে সেৱা দলৰ মুখ্য সংগঠক হিচাপে দীপ বায়নৰ এই নিযুক্তি যথেষ্ঠ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

deep-bayan-appointed-as-the-acting-chief-organiser-for-the-seva-dal-of-congress
দীপ বায়নক প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ কাৰ্যকৰী মুখ্য সংগঠক পদত নিযুক্তি
author img

By

Published : Nov 3, 2021, 2:05 PM IST

গুৱাহাটী, 3 নৱেম্বৰ : অসম প্ৰদেশ কংগ্ৰেছ(Assam Pradesh Congress)ৰ সেৱা দল(Seva Dal)ৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দীপ বায়ন(Deep Bayan)ক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ কাৰ্যকৰী মুখ্য সংগঠক হিচাপে নিযুক্তি প্ৰদান ৷ নিৰ্বাচনী বিপৰ্যয়ৰ পাচত ৰাজ্যজুৰি 33 লাখ সদস্যভৰ্তি অভিযানেৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে নিজৰ সাংগঠনিক বিস্তৃতিত গুৰুত্ব দিয়াৰ সমান্তৰালকৈ দলীয় দায়িত্ববাহী সকলৰ ক্ষেত্ৰতো পৰিৱৰ্তন অনাৰ ইংগিত বহন কৰিছে ৷

সৰ্বভাৰতীয় কংগ্ৰেছ সেৱা দলৰ মুখ্য সংগঠক লালজী দেশায়ে বৰ্তমানৰ ইয়ং ব্ৰিগেড(Young Brigade)ৰ সভাপতি দীপ বায়নক প্ৰদান কৰিছে এই দায়িত্ব ৷ লক্ষণীয় বিষয় যে, দলীয় টিকটত নিৰ্বাচিত হৈও ক্ষমতাত অধিষ্ঠিত হ’ব নোৱৰাৰ বাবেই কংগ্ৰেছ দল ত্যাগ কৰি শাসক দলৰ অংশ হ’বলৈ ঢাপলি মেলিছে দলটোৰ একাংশ বিধায়ক আৰু দলীয় কৰ্মী ৷ তেওঁলোকৰ মাজত প্ৰকট হৈ উঠা নীতি-আদৰ্শৰ সংকটৰ এনে অশুভ ৰাজনৈতিক বাতাবৰণৰ ক্ষণত সেৱা দলৰ মুখ্য সংগঠক হিচাপে বায়নৰ এই নিযুক্তি যথেষ্ঠ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

কিয়নো কংগ্ৰেছ দল তথা দলীয় সদস্যসকলৰ মাজত দলীয় আদৰ্শৰ বীজ ৰোপণৰ মূল ভেটি সেৱা দলৰ গুৰুত্ব দলীয় মঞ্চত লাঘৱ হোৱাৰ পৰাই দলটোৰ একাংশ নেতা-কৰ্মীৰ মাজত আদৰ্শগত সংকট ঘনীভূত হোৱা পৰিলক্ষিত হয় ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি 2018 বৰ্ষত ৰাহুল গান্ধী(Rahul Gandhi)ৰ তৎপৰতাত সেৱা দলৰ যুৱ শাখাৰ ৰূপত ইয়ং ব্ৰিগেডৰ সৃষ্টিৰে যুৱ প্ৰজন্মক কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ সৈতে সংযুক্ত কৰাৰ প্ৰয়াস চলোৱা হৈছিল । অসমতো দীপ বায়নৰ নেতৃতত অতি কম সময়ৰ ভিতৰতে ইয়ং ব্ৰিগেডে সমগ্ৰ দেশৰ ভিতৰতে উল্লেখনীয় সফলতা লাভ কৰিছে ৷

সেইমৰ্মে এইবাৰ অসমত কংগ্ৰেছ সেৱা দলক অধিক শক্তিশালী কৰি তোলাৰ বাবে বায়নক এনেদৰে সেৱা দলৰ মুখ্য সংগঠকৰ গধুৰ দায়িত্ব অৰ্পণ কৰা বুলি আলোচিত হৈছে । 1992 চনতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰা বায়নে NSUI, যুৱ কংগ্ৰেছকে(Yuva Congress) ধৰি দলৰ বিভিন্ন পৰ্যায়ত বিভিন্ন পদত দায়িত্ব পালন কৰি সমগ্ৰ অসমতে এগৰাকী বলিষ্ঠ যুৱ নেতা হিচাপে পৰিচয় লাভ কৰিছে ।

গুৱাহাটীস্থিত বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উপ-সভাপতি(Vice President) হিচাপে নিৰ্বাচিত হোৱাৰ পাচৰে পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগত নিবিড়ভাৱে জড়িত হৈ পৰা বায়নে 2004 চনৰ পৰা 2007 চনলৈ গুৱাহাটী মহানগৰ জিলা যুৱ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল ।

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতি থকা আস্থা তথা বিগত বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাচত দলীয় কৰ্মীৰ মনোবল পুনৰ শক্তিশালী ৰূপত ঘূৰাই অনাত বায়নে সেৱা দলৰ জৰিয়তে শক্তিশালী আৰু ইতিবাচক ভূমিকা পালন কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : প্ৰবীণ ৰাজনীতিক আব্দুল মুহিব মজুমদাৰৰ শেষ নিশ্বাস ত্যাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.