ETV Bharat / state

বিকল্প মূল্যায়ন ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰিছে বুলি কোনে ক’লে ?

author img

By

Published : Jul 2, 2021, 9:29 PM IST

বিকল্প মূল্যায়ন ব্যৱস্থাৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰাৰ বাবে ৰাজ্যৰ বিজেপি দল আৰু চৰকাৰকেই জগৰীয়া‌ কৰিছে বিৰোধী দলপতি দ্ৰেৱব্ৰত শইকীয়াই । এনে কাৰ্যৰ বাবে তেওঁ ধিক্কাৰ দিছে চৰকাৰক ।

চৰকাৰে বিকল্প মূল্যায়ন ব্যৱস্থাৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰিছে বুলি কোনে কলে ?

গুৱাহাটী, ২ জুলাই : হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰিবৰ্তে চৰকাৰে গঠন কৰি দিয়া উচ্চ ক্ষমতা সম্পন্ন সমিতি দুখনে ইতিমধ্যে দাখিল কৰা বিকল্প মূল্যায়নৰ ব্যৱস্থাই অসমৰ শিক্ষাৰ্থীৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব । এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । এনে বিকল্প মূল্যায়ন ব্যৱস্থাৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংস কৰাৰ বাবে ৰাজ্যৰ বিজেপি দল আৰু চৰকাৰকেই জগৰীয়া‌ কৰিছে বিৰোধী দলপতি গৰাকীয়ে ।

এনে কাৰ্যৰ বাবে তেওঁ ধিক্কাৰ দিছে চৰকাৰক । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শুকুৰবাৰে বিৰোধী দলপতি গৰাকীয়ে কয় যে, বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেতিয়াৰ শিক্ষা মন্ত্ৰীয়ে টুইট যোগে ঘোষণা কৰিছিল যে, অসমত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত হ’ব । জানুৱাৰী মাহত পৰীক্ষা অনুষ্ঠিত কৰাৰ সুন্দৰ পৰিবেশ আছিল যদিও বিজেপি দল আৰু চৰকাৰে নিজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অসমত নিৰ্বাচনৰ দিন আগুৱাই আনিছিল আৰু পৰীক্ষা অনুষ্ঠিত কৰাৰ পৰা বিৰত আছিল ।

আনকি সেই সময়ত পৰীক্ষা পাতিব পৰাকৈ দুয়োখন ব'ৰ্ড সাজু বুলি ঘোষণা কৰাৰ পিছতো সেই সময়ৰ শিক্ষা মন্ত্ৰী তথা আজিৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কোনো সদিচ্ছা নেদেখুৱাই অসমৰ লাখ লাখ শিক্ষাৰ্থীৰ জীৱন বিপদলৈ ঠেলি দিলে । এতিয়া চৰকাৰে পৰীক্ষা নাপাতি যি ব্যৱস্থা হাতত লৈছে সিয়ে সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে ঘোৰ অন্ধকাৰ নমাই আনিব পাৰে বুলি আশংকা প্ৰকাশ কৰি দেৱব্ৰত শইকীয়াই আৰু কয় যে, আৰ্থিক অভাৱৰ বাবে এতিয়াও মেট্ৰিকৰ পূৰ্বে বা মেট্ৰিক পৰীক্ষাৰ পিছত বহু দৰিদ্ৰ পৰিয়ালৰ সন্তানে বিদ্যালয় এৰিবলৈ বাধ্য হয় ।

চাহ বাগিচা আৰু চৰ অঞ্চলৰ শিক্ষাৰ্থীৰ ‌সংখ্যাই এই ক্ষেত্ৰত অধিক । তাতোকৈ ডাঙৰ কথা এতিয়া প্ৰৱৰ্তন কৰিব খোজা বিকল্প মূল্যায়নৰ যিখন চাৰ্টিফিকেট সেইখন ভৱিষ্যতলৈ চৰকাৰী কোনো কামত গ্ৰহণযোগ্য নহ’ব বুলি কোৱা হৈছে । ইয়ে যে, এক বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰিব সেয়া নিশ্চিত ।

লগতে পঢ়কঃ APSC-ৰ মৌখিক পৰীক্ষাৰ বিতং তথ্য বিচাৰিছে ন্যায়াধীশ শৰ্মা আয়োগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.