ETV Bharat / state

অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল পৰিভ্ৰমণ দেৱব্ৰত শইকীয়াৰ - দেৱব্ৰত শইকীয়া

সীমান্তবৰ্তী অঞ্চলত স্থানীয় লোকসকলে কৰা চাহ গছ পৰ্যন্ত নগাসকলে কাটি পেলোৱাৰ অঞ্চলটোত বসবাস কৰি থকা অসমীয়া ৰাইজৰ নিয়মীয়া উপাৰ্জন বন্ধ হৈ গৈছে ।

Debabrat saikia visit assam nagaland border area
অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল পৰিভ্ৰমণ দেৱব্ৰত শইকীয়াৰ
author img

By

Published : Jun 16, 2020, 7:47 PM IST

গুৱাহাটী, 16 জুন: বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই মঙলবাৰে নাজিৰাৰ গেলেকী অঞ্চলত অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল পৰিভ্ৰমণ কৰে। নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলটোত ৰাইজৰ নিৰাপত্তাৰ বাবে পূৰ্বে অসম আৰক্ষীয়ে তহল দিয়াৰ ব্যৱস্থা আছিল যদিও জুন মাহৰ পৰা নগা আৰক্ষীয়ে এই অঞ্চলত দৈনন্দিন তহল দিয়া আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে দেৱব্ৰত শইকীয়াই। যাৰবাবে সীমান্তৱৰ্তী অঞ্চলটোত বসবাস কৰি থকা অসমৰ ৰাইজে সন্দেহ আৰু আতংকৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ।

অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল পৰিভ্ৰমণ দেৱব্ৰত শইকীয়াৰ

দেৱব্ৰত শইকীয়াই জানিবলৈ দিয়া অনুসৰি সীমান্তৱৰ্তী অঞ্চলত স্থানীয় লোকসকলে কৰা চাহ গছ পৰ্যন্ত নগাসকলে কাটি পেলোৱাৰ অঞ্চলটোত বসবাস কৰি থকা অসমীয়া ৰাইজৰ নিয়মীয়া উপাৰ্জন বন্ধ হৈ গৈছে । নগাসকলে সীমা সন্দৰ্ভত থকা পূৰ্বৰ নিয়ম উলংঘা কৰা কাৰ্যই অসম চৰকাৰ তথা অসমীয়াৰ প্ৰতি তেওঁলোকৰ অপমানক সূচক মনোভাৱক উদঙাই দিছে । শইকীয়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক নাগালেণ্ডৰ লগত আলোচনাৰ যোগেদি এই স্পৰ্শকাতৰ বিষয়টো অতি শীঘ্ৰে সমাধান কৰি অঞ্চলত বসবাস কৰি থকা ৰাইজৰ সাধাৰণ জীৱন যাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৈতেন্দ্ৰ জৈনৰ কোভিড-১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.