ETV Bharat / state

অসম ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক প্ৰতিশ্ৰুতি সোঁৱৰালে দেৱব্ৰত শইকীয়াই

author img

By

Published : Jan 22, 2021, 7:59 PM IST

"যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ জনসমবেশত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ৰজাঘৰীয়াৰ প্ৰতিজন মন্ত্ৰী উপস্থিত থাকিব, গতিকে মই তেখেতসকলে পূৰ্বৰ নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুত সমূহ ৰূপায়ন কিয় কৰিব পৰা নাই বা কেতিয়ালৈ সেই সমূহ ৰূপায়ন কৰিব তাৰ এক ৰোড্ মেপ এই জনসভাখনতে বিস্তৃত ভাবে জনাবলৈ অনুৰোধ জনালোঁ ।"-দেৱব্ৰত শইকীয়া ৷

as_ghy_debabrat-saikia-reaction-on-narendra-modis-assam-visit_vis_7206058
অসম ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক প্ৰতিশ্ৰুতি সোঁৱৰালে দেৱব্ৰত শইকীয়াই

গুৱাহাটী,22 জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰাকমুহূৰ্তত মুখ খুলিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । শুকুৰবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাত বিৰোধী দলপতিগৰাকীয়ে কয় - "যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাইলৈৰ জনসমবেশত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ৰজাঘৰীয়াৰ প্ৰতিজন মন্ত্ৰী উপস্থিত থাকিব, গতিকে মই তেখেতসকলে পূৰ্বৰ নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি সমূহ ৰূপায়ন কিয় কৰিব পৰা নাই, বা কেতিয়ালৈ সেই সমূহ ৰূপায়ন কৰিব তাৰ এক ৰোড্ মেপ এই জনসভাখনতে বিস্তৃত ভাবে জনাবলৈ অনুৰোধ জনালোঁ ।" ইয়াৰ উপৰিও বিজেপিৰ ভিজন ডকুমেন্টত থকা প্ৰতিশ্ৰুতিসমূহো উল্লেখ কৰে বিৰধী দলপতি গৰাকীয়ে ৷

দেৱব্ৰত শইকীয়াই কয়, ১৫৩০ জন শিক্ষকক নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী কৰা নাই বিজেপি চৰকাৰে । চাহ জনগোষ্ঠীয় এলেকা, সীমান্তৱৰ্তী এলেকা তথা অন্যান্য পিছপৰা এলেকাত থকা বহুতো বিদ্যালয় প্ৰাদেশীকৰণ আইন অনুসৰি যোগ্য হোৱাৰ পিছতো আজিও প্ৰাদেশিকৰণ কৰা হোৱা নাই । ইউ পি এ চৰকাৰৰ সময়ত বিজয় সন্দিকৈ যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন বিভাগৰ মন্ত্ৰী আছিল, তেতিয়া সতী জেৰেঙা পথাৰত "সতী জয়মতী কলাক্ষেত্ৰ" নিৰ্মাণ কৰাৰ পদক্ষেপ লৈছিল । কিন্তু পৰৱৰ্তীকালত চৰকাৰ সলনি হোৱাৰ পিছত আজিলৈ ভাৰত চৰকাৰে এই কলাক্ষেত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই । সেয়েহে এই কলাক্ষেত্ৰ নিৰ্মানৰ বাবে বাবে প্ৰয়োজনীয় পুঁজি শনিবাৰৰ সভাখনতে আৱন্টনৰ কথো ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনায় বিৰোধী দলপতি গৰাকীয়ে ।

ইয়াৰ উপৰিও ইউ পি এ চৰকাৰৰ সময়ত উত্তৰ-পূৰ্ৱাঞ্চলৰ যুৱক-যুৱতী সকলক দক্ষতা প্ৰদান কৰাৰ লগতে সংস্থাপন দিয়াৰ বাবে "ৰাজীৱ গান্ধী পেট্ৰোলিয়াম ইনষ্টিটিউট" নামৰ এটা অনুষ্ঠান প্ৰায় ৮-৯ বছৰ পূৰ্বে স্থাপন কৰা হৈছিল । বৰ্তমান যদিও তাত পাঠদান চলি আছে কিন্তু এই শিক্ষানুষ্ঠানখন আন্তঃগাথঁনিৰ ক্ষেত্ৰত একেবাৰে পিছপৰি আছে । এই বিষয়ত ২০১৮ চনতেই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা বুলি জনায় দেৱব্ৰত শইকীয়াই ৷ কিন্তু এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰধানমন্ত্ৰী মোদীয়ে ৷ যাৰ বাবে তেখেতে পুনৰ পত্ৰ প্ৰেৰণ কৰি তেখেতক এই বিষয়ে মনত পেলাই দিয়া বুলি কয় । সেয়েহে শনিবাৰৰ সভাতেই সভাখনতে তেওঁ ইয়াৰ বাবে লাগতীয়াল পুঁজিৰ ঘোষণা কৰিব বুলি আশাবাদী বুলি কয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । দ্ধ হৈ আছে । যদিও আমি ইয়াৰ বাবে বহুবাৰ চৰকাৰক আবেদন নিবেদন জনালো, তাৰ বাবে চৰকাৰৰ পৰা কোনো সহাঁৰি নাপালোঁ । আশা কৰোঁ ইয়াৰ ওপৰত দুয়োখন ডাবল ইঞ্জিনৰ চৰকাৰে পুঁজি ঘোষণা কৰি যাব ।

প্ৰধানমন্ত্ৰীয়ে মোদীয়ে অসমৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ ঘোষণা কৰিছিল ৷ সেয়েহে এই বছৰতে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাত প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ ব্যৱস্থা কৰি দিয়াৰ বাবেও আহ্বান জনায় । ইয়াৰ লগতে সমগ্ৰ অসমবাসীক যোৱা নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি সমূহ যেনে, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, চাহ শ্ৰমিক সকলৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, ৫ লাখ‌ নিবনুৱাক প্ৰতিবছৰে সংস্থাপন দিয়া, বানপানীক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰাৰ লগতে অন্যান্য প্ৰতিশ্ৰুতি সমূহ নিৰ্বাচনৰ পূৰ্বে ৰূপায়ন কৰিলোঁ বুলি শ্বেতপত্ৰ প্ৰকাশ কৰি জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আহ্বান জনায় দেৱব্ৰত শইকীয়াই ৷

লগতে পঢ়ক-ৰাইজৰ দলে উন্মোচন কৰিলে বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.