ETV Bharat / state

এমনেষ্টিক নিষিদ্ধ কৰাৰ কথা কিয় কলে মুখ্যমন্ত্ৰীয়ে: প্ৰশ্ন বিৰোধী দলপতিৰ - বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ দীঘলীয়া ইতিহাসৰ বাবে কুখ্যাত এমেনষ্টি ইণ্টাৰনেশ্যনেল । এমেনষ্টি ইণ্টাৰনেশ্যনেলৰ দৰে সংস্থাক ভাৰতবৰ্ষত নিষিদ্ধ কৰিবলৈ দাবী উত্থাপন কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু পেগাছাছৰ কথা নকৈ এমনেষ্টিক নিষিদ্ধ কৰাৰ কথা কিয় কলে মুখ্যমন্ত্ৰীয়ে বুলি প্ৰশ্ন কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

এমনেষ্টিক নিষিদ্ধ কৰাৰ কথা কিয় কলে মুখ্যমন্ত্ৰীয়ে ?

author img

By

Published : Jul 21, 2021, 8:33 PM IST

গুৱাহাটী, 21 জুলাই : পেগাছাছ কাণ্ডই দেশত ধুমুহাৰ সৃষ্টি কৰাৰ সময়তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এমনেষ্টি ইন্টাৰনেছনেলক নিষিদ্ধ কৰিব লাগে বুলি মন্তব্য কৰাৰ পিছতে বুধবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিৰোধী দলপতি গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে ভাৰতত এমনেষ্টিৰ কামকাজ নিষিদ্ধ কৰিব লাগে বুলি মন্তব্য কৰাতো দুৰ্ভাগ্যজনক । কিয়নো নাগৰিকৰ মৌলিক অধিকাৰ উলংঘা কৰা পেগাছাছ স্পাইৱেৰক নিষিদ্ধ কৰাৰ কথা নকৈ এমনেষ্টি ইন্টাৰনেছনেলৰ দৰে সংস্থা, যিয়ে সমগ্ৰ বিশ্বজুৰি নাগৰিকৰ মৌলিক অধিকাৰ, মানৱ অধিকাৰ ৰক্ষাৰ হকে কাম কৰি আহিছে সেই সংস্থাকহে ভাৰতত নিষিদ্ধ কৰাৰ কথা কলে মুখ্যমন্ত্ৰীয়ে ।

বিৰোধী দলপতি গৰাকীয়ে তাৎপৰ্যপূৰ্ণ ভাৱে এই বুলিও মন্তব্য কৰে যে অসমত যেতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলিছিল আৰু সেই প্ৰতিবাদ মষিমূৰ কৰিবলৈ চৰকাৰে অসমৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত যি আক্ৰমণ চলাইছিল, সেই বিষয়ে এমনেষ্টি ইন্টাৰনেছনেলে বিশ্বজুৰি প্ৰচাৰ চলাইছিল । সেয়েহে হয়তো বিজেপি চৰকাৰৰ আচল স্বৰূপ বিশ্ববাসীৰ ওচৰত ওলাই পৰাৰ বাবেই মুখ্যমন্ত্ৰীয়ে এমনেষ্টি ইন্টাৰনেছনেলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । বিৰোধী দলপতি গৰাকীয়ে আৰু কয় যে যদিহে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই সমস্ত ঘটনা এক আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ হয়, তেন্তে সেই ষড়যন্ত্ৰকাৰীক চৰকাৰে বিচাৰি উলিওৱাৰহে চেষ্টা কৰা উচিত ।

এমনেষ্টিক নিষিদ্ধ কৰাৰ কথা কিয় কলে মুখ্যমন্ত্ৰীয়ে ?

উল্লেখ্য যে, মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি ড৹ শৰ্মাই কয় যে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰাৰ দীঘলীয়া ইতিহাসৰ বাবে কুখ্যাত এমেনষ্টি ইণ্টাৰনেশ্যনেল ।

তেওঁ কয়, এনে সংগঠনসমূহে দেশক বদনাম আৰু ক্ষতি কৰাৰ বাবে অহৰহ চেষ্টা চলাই আছে ৷ ইজৰাইলী প্ৰতিষ্ঠান NSO ই ভাৰতবৰ্ষৰ মন্ত্ৰী, অধিবক্তা, সাংবাদিক, শীৰ্ষ নেতা তথা মানৱাধিকাৰ কর্মীকে আদি কৰি দেশৰ আগশাৰীৰ ব্যক্তিৰ ফোনৰ পৰা তথ্য সংগ্ৰহ কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰৰ হাতত বিক্ৰী কৰা বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰাৰ পাছতেই এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেওঁ লগতে কয় যে এমেনষ্টি ইণ্টাৰনেশ্যনেল বাওঁ উগ্ৰপন্থাক সহায় কৰে ৷ এই মন্তব্যৰ পাছতেই বুধবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীয়ে ভাৰতত এমনেষ্টিৰ কাম-কাজ নিষিদ্ধ কৰিব লাগে বুলি মন্তব্য কৰাতো দূৰ্ভাগ্যজনক বুলি প্ৰকাশ কৰে ৷

লগতে পঢ়ক: এমেনষ্টি ইণ্টাৰনেশ্যনেলক ভাৰতত নিষিদ্ধ কৰাৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.