ETV Bharat / state

বিজেপিৰ বিৰুদ্ধে সৰৱ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া - debabrat-saikia-organised-pressmeet-against-cab

কেন্দ্ৰীয় চৰকাৰে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত নিৰ্যাতিত হিন্দু লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ চেষ্টা কৰিছে ৷ সেই সন্দৰ্ভত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত আছে প্ৰতিবাদ,নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছ দলে নিজৰ স্থিতি প্ৰকাশ কৰে ৷ বিৰোধী দলটোৰ দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতা দেৱব্ৰত শইকীয়াই এক সংবাদমেল যোগে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিক তীব্ৰ আক্ৰমণ কৰে ৷

বিধেয়কখন সংবিধান বিৰোধী বুলি মন্তব্য কৰে বিৰোধী দলপতি গৰাকীয়ে
বিজেপিৰ বিৰুদ্ধে কেব সম্পৰ্কত সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
author img

By

Published : Dec 7, 2019, 6:24 PM IST

গুৱাহাটী,7 ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে যিসকল লোকক নাগৰিকত্ব প্ৰদানৰ চেষ্টা কৰিছে তাক লৈ ৰাজ্যজুৰি চলিছে প্ৰতিবাদ ৷ কেন্দ্ৰীয় চৰকাৰে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত নিৰ্যাতিত হিন্দু লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ চেষ্টা কৰিছে ৷ সেই সন্দৰ্ভত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত আছে প্ৰতিবাদ ৷ বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বৰ্তমান ৰাজপথত দেখা গৈছে ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ ছাত্ৰ সমাজকে ধৰি সকলো শ্ৰেণীৰ নাগৰিকক ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছ দলে নিজৰ স্থিতি প্ৰকাশ কৰে ৷ বিৰোধী দলটোৰ দলপতি তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতা দেৱব্ৰত শইকীয়াই এক সংবাদমেল যোগে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিক তীব্ৰ আক্ৰমণ কৰে । শইকীয়াই সংবাদমেলখনৰ জৰিয়তে বিজেপিক প্ৰশ্ন কৰি থকাসৰকা কৰে ৷ সংবাদমেলখনত তিনিখন দেশৰ হিন্দুৰ কথা চিন্তা কৰা বিজেপিয়ে শ্ৰীলংকাত নিৰ্যাতিত হোৱা তামিল হিন্দুসকলক কিয় পাহৰিলে বুলি শইকীয়াই প্ৰশ্ন কৰে ৷ অকল শ্ৰীলংকা নহয় ম্যানমাৰতো হিন্দু নাগৰিক নিৰ্যাতিত হৈছে ৷ কিন্তু বিধেয়কখনত সেই সকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ কোনো উল্লেখ নাই ।

স্মৰ্তব্য যে, বিধেয়কখন ধৰ্মৰ ভিত্তিত কৰা হৈছে ৷ তদুপৰি এই বিধেয়কখন সংবিধান বিৰোধী ৷ গতিকে ইয়াক কোনো কাৰণতে মানি ল'ব নোৱাৰি বুলিও মন্তব্য কৰে বিৰোধী দলপতি গৰাকীয়ে ৷ শইকীয়াই লগতে কয় যে, বিজেপিৰ মন্ত্ৰীসকলে বিভিন্ন সময়ত সদনত ভুল তথ্য দাঙি ধৰে । জাগীৰোড আৰু কাছাৰকাগজ কল দুটা পুনৰ উজ্জীৱিত কৰাৰ কথা কোৱা বিজেপিয়ে উদ্যোগ দুটাক লৈ বিভিন্ন সময়ত ভুল তথ্য প্ৰদান কৰি আহিছে ।

বিজেপিৰ বিৰুদ্ধে কেব সম্পৰ্কত সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

লগতে চাওকঃপিঁয়াজে কন্দুৱাইছে

Intro:হিন্দুত্বৰ কথা কোৱা বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দু সকলক সুৰক্ষা প্ৰদানৰ কথা কয় কিন্তু শ্ৰীলংকাত নিৰ্যাতিত হোৱা তামিল হিন্দু সকলক কিয় কেব'ত অন্তৰ্ভুক্ত নকৰিলে প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ।

Body:কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত নিৰ্যাতিত হোৱা হিন্দু লোক সকলক ভাৰতৰ নাগৰিকত্ব প্ৰদানৰ চেষ্টাৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল এতিয়া অগ্নিগৰ্ভ। বিজেপিৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথত এতিয়া ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ ছাত্ৰ সমাজ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছ দল নিজৰ স্থিতি অটুট থাকি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এক সংবাদমেল অনুষ্ঠিত কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিক তীব্ৰ আক্ৰমণ কৰে। শইকীয়াই সংবাদমেলত বিজেপিক প্ৰশ্ন কৰে যে তিনিখন দেশৰ হিন্দুৰ কথা চিন্তা কৰা বিজেপি দলে শ্ৰীলংকাত নিৰ্যাতিত হোৱা তামিল হিন্দু সকলক কিয় পাহৰিলে? অকল শ্ৰীলংকাই নহয় ম্যানমাৰতো হিন্দু নাগৰিক নিৰ্যাতিত হৈছে কিন্তু কেব'ত তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ কোনো উল্লেখ্য নাই। নাগৰিকত্ব সংশোধনী বিধেয়কখন ধৰ্মৰভিত্তিত কৰা হৈছে, এই বিধয়েকখন সংবিধান বিৰোধী গতিকে এই বিধেয়কখনৰ কোনো কাৰণতে মানি ল'ব নোৱাৰি বুলিও মন্তব্য কৰে দেৱব্ৰত শইকীয়াই।

বাইট : দেৱব্ৰত শইকীয়া, বিৰোধী দলপতি

Conclusion:শইকীয়াই বিজেপি দলক আক্ৰমন কৰি লগত কয় যে বিজেপিৰ মন্ত্ৰী সকলে বিভিন্ন সময়ত সদনত ভুল তথ্য দাঙি ধৰে। জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰ উজ্জীৱিত কৰাৰ কথা কোৱা বিজেপি দলে কল দুটাক লৈ বিভিন্ন সময়ত ভুল তথ্য প্ৰদান কৰি আহিছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.