নিউজ ডেস্ক, 29 নৱেম্বৰ : ‘‘তেওঁ এবাৰ মোক কৈছিল যে, তেওঁ তেওঁৰ লিখনিক এক উপাসনাৰ কাম হিচাপে গণ্য কৰে’’- অসমৰ সাহিত্য সমালোচক হীৰেন গোঁহায়ে ইন্দিৰা গোস্বামী অৰ্থাৎ মামণি ৰয়ছম গোস্বামী সন্দৰ্ভত এইদৰে ব্যক্ত কৰিছিল ৷ আজি জ্ঞানপীঠ বঁটা বিজয়ী প্ৰয়াত সাহিত্যিক ড৹ মামণি ৰয়ছম গোস্বামীৰ 10 সংখ্যক মৃত্যু তিথি(Death Anniversary of Mamoni Raisom Goswami) ৷
প্ৰতিখন উপন্যাসতেই জীয়া ঘটনা পৰিস্ফুট কৰা সাহিত্যিকগৰাকীৰ মৃত্যু তিথিত সমগ্ৰ অসমবাসীয়ে যাঁচে গভীৰ শ্ৰদ্ধাঞ্জলি ৷
1942 চনৰ 14 নৱেম্বৰত দক্ষিণ কামৰূপৰ আমৰাংগাত এক সমৃদ্ধ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মামণি বাইদেৱে । 1963 চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷ ইয়াৰ এবছৰ পূৰ্বে তেওঁৰ প্ৰথম চুটি গল্প সংকলন ‘চিনাকি মৰম’ প্ৰকাশ পাইছিল ৷ 1973 চনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল এইগৰাকী অসমৰ অন্যতম জ্ঞানপীঠ বঁটা বিজয়ীয়ে ৷
প্ৰসিদ্ধ লেখিকা তথা দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ মামণি ৰয়ছম গোস্বামীয়ে সৰুৰে পৰাই হতাশাত ভুগি আছিল । 1965 চনত তেওঁৰ বিবাহপাশত আৱদ্ধ হৈছিল যদিও একেটা বছৰতে বিবাহ বিচ্ছেদ ঘটে ৷ ইয়াৰ পাচত তেওঁ দ্বিতীয়বাৰৰ বাবে 1966 চনত দক্ষিণৰ মাধৱেন ৰায়ছম আয়েংগাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷
কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস ! বিবাহৰ 18 মাহ পাচতে এক বাহন দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি লয় মামণি বাইদেউৰ স্বামী মাধৱেন ৰায়ছম আয়েংগাৰে ৷ এই ঘটনাবোৰে সম্পূৰ্ণৰূপে হতাশ কৰি তুলিছিল মামণি ৰয়ছমক ৷ সেয়েহে তেওঁ আত্মজীৱনীত ‘আত্মহত্যা’ৰ দৰে চিন্তাও মনলৈ অনাৰ কথা ব্যক্ত কৰে ৷
তেওঁ এবাৰ কৈছিল, ‘‘লিখাতো কেতিয়াও মোৰ কেৰিয়াৰ নাছিল । এইটো মোৰ আবেগ আছিল... মই মোৰ জীৱন উপভোগ কৰিবলৈ লিখিছো । লিখা অবিহনে, মই এগৰাকী মৃত ব্যক্তি হ’লোহেতেন’’ ৷
সাহিত্যিক মামণি ৰয়ছম গোস্বামীয়ে নিজৰ লিখনিৰে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল, যাৰ ভিতৰত আছে- সাহিত্য অকাডেমি বঁটা, জ্ঞানপীঠ বঁটা, পদ্মশ্ৰী বঁটা (যিটো তেওঁ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল), অসম ৰত্ন বঁটা, কথা ৰাষ্ট্ৰীয় বঁটা, নেডাৰলেণ্ডৰ পৰা প্ৰিন্স ক্লজ বঁটা আৰু কেইবাটাও সন্মানীয় ডক্টৰেট । আনকি বিদ্ৰোহী সংগঠন আলফা(ULFA) আৰু চৰকাৰৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকাও পালন কৰিছিল মামণি ৰয়ছম গোস্বামীয়ে ৷
মাতৃভাষা অসমীয়াৰ উপৰিও মামণি বাইদেৱে ইংৰাজী ভাষা-সাহিত্যতো অৱদান আগবঢ়াই থৈ গৈছে ৷ ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড৹ মামণি ৰয়ছম গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকাস্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল । অসমীয়া ভাষাৰ লগতে ইংৰাজী ভাষাত অনেক নান্দনিক আৰু গৱেষণামূলক সৃষ্টিৰে সাহিত্য, শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰতো অৰিহণা আগবঢ়াই গৈছে এইগৰাকী প্ৰতিভাৱান লেখিকাই ৷
নাৰীবাদী অসমীয়া সাহিত্য(Feminist Assamese literature)ৰ পথ প্ৰদৰ্শক গোস্বামীয়ে নিজৰ আপেক্ষিক বিশেষ অধিকাৰ থকা স্বত্বেও সুবিধাৰ পৰা বঞ্চিত সম্প্ৰদায়ৰ ওপৰত পিতৃতান্ত্ৰিকতা আৰু আৰ্থসামাজিক উৎপীড়নৰ প্ৰভাৱ গভীৰভাৱে অনুভৱ কৰিছিল ৷ তেওঁ উপন্যাসৰ জৰিয়তে এই বাস্তৱিক বিষয়টোৰ বিস্তৃত ৰূপ দাঙি ধৰিছিল ৷
মামণি বাইদেউৰ সাহিত্য-কৰ্মৰাজীসমূহে সাধাৰণ মানুহৰ বাস্তৱ জীৱনৰ কঠোৰ সত্য প্ৰতীয়মান কৰিলেও তেওঁৰ প্ৰকাশভংগী আছিল অত্যন্ত সংবেদনশীল । সৰ্বসাধাৰণ মানুহৰ অভিজ্ঞতাসমূহৰ জীৱন্ত ৰূপ দি লিখনিত ফুটাই তোলা মামণি ৰয়ছম গোস্বামী এগৰাকী অসাধাৰণ প্ৰতিভাসম্পন্ন লেখিকা । তেওঁৰ লিখনি ইমানেই গাঢ় আছিল যে, তেওঁ কলম আৰু কাগজেৰে মানুহৰ কাৰ্যকলাপ, জীৱনধাৰা, শাৰীৰিক অস্তিত্ব, দৰিদ্ৰতা, সংঘাত, বয়স, আদি স্পষ্টভাৱে পৰিস্ফুট কৰি তুলিবলৈ সক্ষম হয় ৷
গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা ড৹ মামণি ৰয়ছম গোস্বামীৰ সৃষ্টিৰাজীৰ ভিতৰত অন্যতম হৈছে- দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, অহিৰণ, আধা লেখা দস্তাবেজ, যাত্ৰা, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, চেনাবৰ স্ৰোত, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, উদয়ভানুৰ চৰিত্ৰ, সংস্কাৰ আদি ।
প্ৰায় 8 মাহ ধৰি হৃদৰোগত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে ৷ 2011 চনৰ 29 নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GMCH)ত আমাৰ মাজৰ পৰা চিৰ বিদায় মাগে মামণি বাইদেৱে ৷ প্ৰতিখন উপন্যাসতেই জীয়া ঘটনা পৰিস্ফুট কৰা ড৹ মামণি ৰয়ছম গোস্বামী অসমবাসীৰ মাজত সদায় এটি উজ্বল ভোটাতৰা হিচাপে জিলিকি থাকিব ৷
লগতে পঢ়ক : Urmila Mahanta ক বিয়া কৰাবলৈ দৰা সাজি আহিল দাক্ষিণাত্যৰ অভিনেতা আৰ বদ্ৰী