গুৱাহাটী, 17মে': অম্বুবাচী মেলা উপলক্ষে শুকুৰবাৰে মহানগৰীৰ আৱৰ্ত ভৱনত অনুষ্ঠিত হয় জিলা প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ সভা । আৰক্ষী,পৰ্যটন,গুৱাহাটী পৌৰ নিগম,গড়কাপ্তানি,এপিডিচিএল,স্বাস্থ্য,জনস্বাস্থ্য আৰু কাৰিকৰী,পৰিবহন আদি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ লগত মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুই আলোচনাত মিলিত হয়। ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে বিভিন্ন পৰিকল্পনা হাতত লোৱাৰ বিষয়ে আলোচনা কৰা হয় সভাখনত। ইফালে অম্বুবাচী মেলা উপলক্ষে কামাখ্যা ধামত চিচি টিভি কেমেৰা,অধিক সংখ্যক স্বেচ্ছাসেৱক আৰু পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰে প্ৰশাসনে। তাৰোপৰি এই সভাত সংশ্লিষ্ট বিভাগসমূহক নিজৰ নিজৰ দায়িত্ব সমূহৰ বিষয়ে বুজাই দিয়ে জিলা উপায়ুক্তগৰাকীয়ে। উল্লেখযোগ্য যে কামাখ্যা মন্দিৰৰ হৈ দলৈ কবীন্দ্ৰ শৰ্মা আৰু মোহিত চন্দ্ৰ শৰ্মা উপস্থিত থাকে।
অম্বুবাচী উপলক্ষে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা
আৰক্ষী,পৰ্যটন,গুৱাহাটী পৌৰ নিগম,গড়কাপ্তানি,এপিডিচিএল,স্বাস্থ্য,জনস্বাস্থ্য আৰু কাৰিকৰী,পৰিবহন আদি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ লগত মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আলোচনাত মিলিত হয়
গুৱাহাটী, 17মে': অম্বুবাচী মেলা উপলক্ষে শুকুৰবাৰে মহানগৰীৰ আৱৰ্ত ভৱনত অনুষ্ঠিত হয় জিলা প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ সভা । আৰক্ষী,পৰ্যটন,গুৱাহাটী পৌৰ নিগম,গড়কাপ্তানি,এপিডিচিএল,স্বাস্থ্য,জনস্বাস্থ্য আৰু কাৰিকৰী,পৰিবহন আদি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ লগত মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুই আলোচনাত মিলিত হয়। ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে বিভিন্ন পৰিকল্পনা হাতত লোৱাৰ বিষয়ে আলোচনা কৰা হয় সভাখনত। ইফালে অম্বুবাচী মেলা উপলক্ষে কামাখ্যা ধামত চিচি টিভি কেমেৰা,অধিক সংখ্যক স্বেচ্ছাসেৱক আৰু পৰ্যাপ্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰে প্ৰশাসনে। তাৰোপৰি এই সভাত সংশ্লিষ্ট বিভাগসমূহক নিজৰ নিজৰ দায়িত্ব সমূহৰ বিষয়ে বুজাই দিয়ে জিলা উপায়ুক্তগৰাকীয়ে। উল্লেখযোগ্য যে কামাখ্যা মন্দিৰৰ হৈ দলৈ কবীন্দ্ৰ শৰ্মা আৰু মোহিত চন্দ্ৰ শৰ্মা উপস্থিত থাকে।
(Hirul Haque/Guwahati)
Phone no- 8876195899, 7002668932