ETV Bharat / state

গুৱাহাটীত চিকিৎসালয়, শ্বপিং মলৰ স্বত্বাধিকাৰীলৈ জাননী

author img

By

Published : Mar 7, 2022, 10:29 PM IST

কামৰূপ মহানগৰ জিলাৰ ব্যক্তিগত চিকিৎসালয়, শ্বপিং মল, বাৰ, ৰেষ্টুৰেণ্ট, চিনেপ্লেক্স আদিলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জাননী(DC issued notice regarding hospital and shopping mall ) ৷

dc-issued-notice-regarding-commercial-places-of-guwahati
গুৱাহাটীত চিকিৎসালয়, শ্বপিং মলৰ স্বত্বাধিকাৰীলৈ জাননী

গুৱাহাটী, 7 মাৰ্চ : কামৰূপ মহানগৰ জিলাৰ ব্যক্তিগত চিকিৎসালয়, শ্বপিং মল, বাৰ, ৰেষ্টুৰেণ্ট, চিনেপ্লেক্স আদিলৈ কামৰূপ মহানগৰ জিলা উপায়ুক্তই সোমবাৰে জাৰী কৰিছে জাননী(Hospital and shopping mall of Guwahati ) । কামৰূপ মহানগৰ জিলাৰ ব্যক্তিগত চিকিৎসালয়, শ্বপিং মল, বাৰ, ৰেষ্টুৰেণ্ট, চিনেপ্লেক্স আদিত জুই, বিজুলী আৰু অনান্য জৰুৰী ব্যৱস্থাপনা নথকা তথা ৰোগী, পৰিচাৰক, অতিথি আৰু পৰিদৰ্শনকাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত স্বত্বাধিকাৰীসকলে গুৰুত্ব প্ৰদান নকৰাৰ প্ৰতি লক্ষ্য ৰাখি ,লগতে খাদ্যৰ ক্ষেত্ৰত খাদ্য সুৰক্ষাৰ চৰ্তসমূহ প্ৰতিষ্ঠানসমূহে মানি নচলাৰ বাবে কামৰূপ মহানগৰ জিলা উপায়ুক্তই সোমবাৰে এই জাননী জাৰী কৰে(DC issued notice regarding Commercial Places of Guwahati) ।

dc issued notice regarding Commercial Places of Guwahati

মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সকলো প্ৰতিষ্ঠানক আগন্তুক ৩০ দিনৰ ভিতৰত আৱশ্যকীয় সকলো সুৰক্ষা ব্যৱস্থা উপলব্ধ কৰাৰ লগতে উপযুক্ত পৰীক্ষণৰ পিছত সংশ্লিষ্ট বিভাগসমূহৰ পৰা এই বিষয়ত প্ৰমাণপত্ৰ সংগ্ৰহ কৰি প্ৰতিষ্ঠানসমূহে উপায়ুক্তক দাখিল কৰাৰ বাবে ৩০ দিনৰ সময়-সীমা ধাৰ্য্য কৰে ৷

এই নিৰ্দেশনা অনুসৰি, প্ৰতিষ্ঠানসমূহত সক্ৰিয় ইনবিল্ট ফায়াৰ ইনষ্টলেশ্বন, অগ্নি নিৰ্বাপন ব্যৱস্থা, জুই লাগিলে প্ৰস্থান কৰাৰ পথ চিহ্নিত আৰু এই ক্ষেত্ৰত অগ্নি আৰু জৰুৰীকালীন সেৱাৰ আপডেটেড প্ৰমাণপত্ৰ থাকিব লাগিব । বিজুলী সংক্ৰান্তীয় সুৰক্ষা ব্যৱস্থা যাৱতীয়. ব্যৱস্থা আৰু এইক্ষেত্ৰত মুখ্য ইলেকট্ৰিকেল ইন্সপেক্টৰ তথা উপদেষ্টাৰ প্ৰমাণপত্ৰ, আপডেটেত ফুড চেফটি অডিট আৰু স্বাস্থ্য আৰু এই ক্ষেত্ৰত পৰিয়াল কল্যাণ বিভাগৰ প্ৰমাণপত্ৰ, জৰুৰী দুৰ্যোগ ব্যৱস্থাপনা তথা জৰুৰী দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ প্ৰদান আৰু এই ক্ষেত্ৰত সবিশেষ প্ৰতিবেদন থাকিব লাগিব বুলি জাননীযোগে স্পষ্টভাৱে উল্লেখ কৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তই ।

লগতে পঢ়ক : স্থায়ী নিযুক্তিৰ দাবী জ্যোতিকেন্দ্ৰ শিক্ষাকর্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.