ETV Bharat / state

ৰাঘৱ জুয়ালৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ : ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Nov 16, 2021, 12:34 PM IST

কালাৰ্চ টিভি(Colours TV)ত সম্প্ৰচাৰিত হোৱা ৰিয়েলিটি শ্ব’ "Dance Diwane"ৰ এংকৰ ৰাঘৱে অসম তথা অসমীয়াক অপমান কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ অসমৰ প্ৰতিযোগীক চাইনীজ বুলি কোৱাৰ অভিযোগ উঠিছে এংকৰগৰাকীৰ বিৰুদ্ধে ৷ ঘটনা সংক্ৰান্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Dr Himanta Biswa Sarma)ৰ টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ ৷

dance-diwane-anchor-raghav-juyal-amid-controversy-etv-bharat-news
বিতৰ্কৰ মাজত Dance Diwane ৰ এংকৰ ৰাঘৱ জুৱেল

গুৱাহাটী, ১৬ নৱেম্বৰ : ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ আন এক বৰ্ণবৈষম্যৰ প্ৰসংগ চৰ্চিত হৈছে ৷ এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত বৰ্ণবৈষম্যমূলক আচৰণক লৈ সৃষ্টি হৈছে বিতৰ্ক ৷ অসমীয়াক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে জনপ্ৰিয় নৃত্যশিল্পী তথা এংকৰ ৰাঘৱ জুয়াল(Raghav juyal)ৰ বিৰুদ্ধে ৷ কালাৰ্চ টিভি(Colours TV)ত সম্প্ৰচাৰিত হোৱা ৰিয়েলিটি শ্ব’ Dance Diwane ৰ এংকৰ ৰাঘৱে অসম তথা অসমীয়াক অপমান কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷

শেহতীয়াকৈ সৃষ্টি হোৱা এই বিতৰ্কক কেন্দ্ৰ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Dr. Himanta Biswa Sarma) টুইটৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, ৰিয়েলিটি শ্ব’টোত অংশগ্ৰহণ কৰা অসমৰ প্ৰতিযোগী গুঞ্জনক চাইনীজ বুলি কোৱাৰ অভিযোগ উত্থাপিত হৈছে এংকৰগৰাকীৰ বিৰুদ্ধে ৷ লগতে এই বিষয়টোক লৈ সামাজিক মাধ্যমত সম্প্ৰতি চৰ্চা অব্যাহত আছে ৷ এই প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিছিল অসমৰ প্ৰতিভাৱান নৃত্য শিল্পী গুঞ্জনে ৷

লগতে চাওক: Goalpara Murder : আকৌ ওলাইছে পৰশুৰাম ! মাতৃহন্তাক কৰায়ত্ত আৰক্ষীৰ

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি গুঞ্জনে কৈছিল যে, তেওঁৰ চাইনীজ ভাষাত দখল আছে ৷ ইয়াৰ পিছতে এংকৰ ৰাঘৱে ধেমালিৰ চলেৰে গুঞ্জনক চীনা নাগৰিক হিচাপে পৰিচয় কৰাই দিছিল ৷ শেহতীয়াকৈ সৃষ্টি হোৱা এই বিতৰ্কৰ পিছতে মুখ খুলিছে শ্ব’টোৰ এংকৰ ৰাঘৱে ৷ ৰাঘৱে অসমীয়া ভাষাক লৈ ঠাট্টা নকৰা বুলি স্বীকাৰ কৰে ৷ অসমৰ দৰ্শকসকলে তেওঁক ভুল বুজিছে বুলিও সদৰী কৰে ৰাঘৱে ৷ ৰাঘৱে দাবী কৰা অনুসৰি, তেওঁ গুঞ্জনক কি টেলেণ্ট আছে সুধিছিল আৰু উত্তৰত গুঞ্জনে চাইনীজ ভাষা ক’বলৈ জানে বুলি কৈছিল ৷

লক্ষণীয় বিষয় যে, ৰাষ্ট্ৰীয় পৰ্যায়ত সততে অসমৰ কলা-সংস্কৃতি বিকৃত কৰি উপস্থাপন কৰাৰ লগতে বহু সময়ত দেশৰ বিভিন্ন প্ৰান্তত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল বৰ্ণ বৈষম্য(Racism)ৰ বলি হৈ অহাৰ বাবেই ৰাঘৱে গুঞ্জনৰ সৈতে কৰা এটা ধেমালিক এতিয়া বৰ্ণ বৈষম্যৰ পৰ্যায়লৈ লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

  • It has come to my notice that a popular reality show host has used racist rhetoric against a young participant from Guwahati. This is shameful and totally unacceptable. Racism has no place in our country and we should all condem it unequivocally.

    — Himanta Biswa Sarma (@himantabiswa) November 16, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে উক্ত ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে মন্তব্য প্ৰকাশ কৰিছে ৷ শৰ্মাই টুইটাৰত "এয়া মোৰ দৃষ্টিগোচৰ হৈছে যে, এগৰাকী জনপ্ৰিয় ৰিয়েলিটি শ্ব’ হোষ্টে গুৱাহাটীৰ এগৰাকী তৰুণ অংশগ্ৰহণকাৰীৰ বিৰুদ্ধে বৰ্ণবাদী ভাষ্য ব্যৱহাৰ কৰিছে ৷ এইটো লজ্জাজনক আৰু সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয় ৷ আমাৰ দেশত বৰ্ণবাদৰ কোনো স্থান নাই ৷ আমি সকলোৱে ইয়াক পৰিহাৰ কৰা উচিত" বুলি প্ৰকাশ কৰে ৷

লগতে চাওক: National Press Day : কোকৰাঝাৰত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.