ETV Bharat / state

কামত নাহিল গুণোৎসৱ, ডাইচৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য

author img

By

Published : Aug 20, 2019, 4:49 PM IST

ৰাজ্যৰ ৰাজহুৱা শিক্ষাক লৈ ডাইচৰ প্ৰতিবেদনত প্ৰকাশ পাইছে বিস্ফোৰক তথ্য ৷ যোৱা চাৰি বছৰত চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পালে ৭ লাখলৈ ৷ আনহাতে ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পালে 5 লাখলৈ ৷

DAIS report on Assam school education

গুৱাহাটী,20 আগষ্টঃ 2016 চনত ৰাজ্যৰ শাসনভাৰ লৈয়ে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিদ্যালয়ে বিদ্যালয়ে গুণোৎসৱ অনুষ্ঠিত কৰিছিল ৷ কিন্তু ৰাজ্যৰ শিক্ষাখণ্ডক লৈ ডাইচৰ প্ৰতিবেদনত প্ৰকাশ পাইছে বিস্ফোৰক তথ্য ৷ তথ্য অনুসৰি, যোৱা চাৰি বছৰত চৰকাৰী বিদ্যালয়ত কমিল ৭ লাখ শিক্ষাৰ্থী আৰু ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পালে 5 লাখলৈ ৷ ২০১৪-২০১৫ বর্ষত ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা আছিল ৫৪,৬৬,৬২৭, কিন্তু ২০১৭-২০১৮ বৰ্ষত এই সংখ্যা হ্ৰাস পালে ৪৭,৪৪,২১৭ জনলৈ ৷ আনহাতে চাৰি বছৰ পূৰ্বে ৰাজ্যৰ ব্যক্তিগত শিক্ষাখণ্ডত শিক্ষাৰ্থীৰ সংখ্যা ৬,৯১,১৭৩ থকাৰ বিপৰীতে ২০১৭-২০১৮ বৰ্ষত এই সংখ্যা বৃদ্ধি পালে ১১,৪১,৭৭৬ জনলৈ ৷ একে সময়তে ৰাজ্যৰ ২২,৮৫২ খন বিদ্যালয়ত মুঠ ৫,৬০৩ টা শিক্ষকৰ পদ খালী হৈ আছে বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে ৷ এতিয়া চৰকাৰী বিদ্যালয় সমূহৰ এনে উদ্বেগজনক তথ্যত চিন্তিত হৈ পৰিছে ৰাজ্যৰ সচেতন মহল ৷

Intro:ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ মানদণ্ড উন্নত কৰাৰ লগতে চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱক সকলৰ দৃষ্ঠি আকৰ্ষণ কৰিবলৈ গুণোৎসৱ পাতি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিক্ষাৰ্থীসকলক শিক্ষাদান দিয়াৰ লগত আহাৰ গ্ৰহণ কৰিও বিফল। ডাইচৰ প্ৰতিবেদনে উদঙালে চৰকাৰী শিক্ষা বিভাগৰ ফোঁপোলাস্বৰূপ।

Body:২০১৬ চনত ৰাজ্যৰ শাসনভাৰ নিজৰ হাতলৈ আনি এবছৰ পিছতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে আৰম্ভ কৰিছিল গুণোৎসৱ।ৰাজ্যৰ বিদ্যালয়ে বিদ্যালয়ে গুণোৎসৱ সময়ত চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে শিক্ষকৰ দায়িত্বও গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল বহু চৰকাৰী বিষয়া আৰু নেতা-মন্ত্ৰীক, আনকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালও কেইবাখোখনো বিদ্যালয়ত শিক্ষাদান কৰাৰ লগতে শিক্ষাৰ্থী সকলৰ লগত গ্ৰহণ কৰিছিল আহাৰ। ইমানৰ পিছতো চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নত সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল চৰকাৰখন। গুণোৎসৱৰ সফলতাক লৈ ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰখনৰ ফোঁপোলাস্বৰূপ উদঙালে ডাইচৰ প্ৰতিবেদনে। ৰাজ্যৰ শিক্ষাখণ্ডকলৈ ডাইচৰ প্ৰতিবেদনত প্ৰকাশ পাইছে বিস্ফোৰক তথ্য। যোৱা চাৰি বছৰত চৰকাৰী বিদয়ালয়ত কমিল ৭ লাখ শিক্ষাৰ্থী, একে সময়তে ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত বৃদ্ধি পালে ৫ লাখ শিক্ষাৰ্থী। ইউ ডাইচে ৰাজ্যৰ জিলা সমূহত শিক্ষক আৰু শিক্ষাৰ্থী সকলৰ সৈতে চলোৱা এক সমীক্ষাত চৰকাৰী শিক্ষাখণ্ডৰ এক পঁয়ালগা ছবি পোহৰলৈ আহিছে। ২০১৪-২০১৫ বর্ষত ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ সংখ্যা আছিল ৫৪,৬৬,৬২৭ কিন্ত ২০১৭-২০১৮ বৰ্ষত এই সংখ্যা হ্ৰাস পাই ৪৭,৪৪,২১৭ হয়। চৰকাৰী বিদ্যালয়ৰ বিপৰীতে যোৱা চাৰি বছৰত ব্যক্তিগত শিক্ষাখণ্ডত অভাৱনীয় হাৰত বৃদ্ধি পাইছে শিক্ষাৰ্থীৰ সংখ্যা। চাৰি বছৰ পূৰ্বে ৰাজ্যৰ ব্যক্তিগত শিক্ষাখণ্ডত শিক্ষাৰ্থীৰ সংখ্যা আছিল ৬,৯১,১৭৩ কিন্ত এই সংখ্যা ২০১৭-২০১৮ বৰ্ষত বৃদ্ধি পাই হৈছে ১১,৪১,৭৭৬। চৰকাৰী বিদ্যালয় সমূহৰ এনে উদ্বেগজনক তথ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট শিক্ষাবিধ ডঃ অমৰজ্যোতি চৌধুৰীয়ে।

বাইট : ডঃ অমৰজ্যোতি চৌধুৰী

Conclusion:চৰকাৰী বিদ্যালয় সমূহত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে উইচৰ প্রতিবেদনত পোহৰলৈ আহিছে ৰাজ্যৰ ২২,৮৫২খন বিদ্যালয়ত খালি হৈ আছে ৫,৬০৩টা শিক্ষকৰ পদ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.