ETV Bharat / state

কৃত্ৰিম বানত ডুবাৰ আশংকা পাথৰকুঁৱেৰীৰ VIP Road

author img

By

Published : Aug 28, 2021, 11:12 AM IST

গুৱাহাটীৰ নাৰেংগী-ছয়মাইল সংযোগী পথত কালভাৰ্ট নিৰ্মাণৰ কামত ৰাইজৰ বাধা । বিজ্ঞানসন্মতভাৱে কালভাৰ্ট নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে সংশ্লিষ্ট ঠিকাদাৰৰ বিৰুদ্ধে । পুনৰ কৃত্ৰিম বানৰ কবলত পৰাৰ আশংকাত স্থানীয় ৰাইজে বন্ধ কৰালে নিৰ্মাণকাৰ্য ।

কৃত্ৰিম বানত ডুবাৰ আশংকা পাথৰকুঁৱেৰীৰ VIP Road
কৃত্ৰিম বানত ডুবাৰ আশংকা পাথৰকুঁৱেৰীৰ VIP Road

গুৱাহাটী, ২৮ আগষ্ট : গুৱাহাটী মহানগৰীক কৃত্ৰিম বানৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ কিন্তু বিজ্ঞানসন্মত পৰিকল্পনাৰ অভাৱত প্ৰতি বছৰে বাৰিষা এজাক বৰষুণতে মহানগৰীৰ অধিকাংশ অঞ্চল জলমগ্ন হৈ পৰে । বাৰিষা মহানগৰীৰ নাৰেংগী-ছয়মাইল সংযোগী মহাপুৰুষ মাধৱদেৱ পথ(ভিআইপি ৰোড)ৰ একে অৱস্থা হয় ।

বিশেষকৈ পাথৰকুঁৱেৰীৰ পৰা মেগজিনলৈ যোৱা পথচোৱাৰ দুয়োকাষে বৰষুণৰ পানী ওলাই যাব পৰাকৈ নলাৰ ব্যৱস্থা নথকাৰ বাবে বাৰিষা পথটোত একঁকাল পৰ্যন্ত পানী জমা হয় । শেহতীয়াকৈ চৰকাৰৰ সংশিষ্ট বিভাগে মহাপুৰুষ মাধৱদেৱ পথৰ এই সমস্যা সমাধান কৰাৰ প্ৰতি লক্ষ্য ৰাখি পথটোৰ এটা মূৰে পানী ওলাই যাব পৰাকৈ এটা কালভাৰ্টৰ ব্যৱস্থা কৰে ।

লগতে পথৰ আনটো মূৰে অনুৰূপ ধৰণে আন এটা কালভাৰ্টৰ ব্যৱস্থা কৰাৰ কাম হাতত লয় পৌৰ নিগমে । গুৱাহাটী পৌৰ নিগমৰ এজন ঠিকাদাৰে কালভাৰ্ট নিৰ্মাণ কাম আৰম্ভ কৰে । কিন্তু কালভাৰ্টটো নিৰ্মাণ কৰা স্থানত আছে গেমন ইণ্ডিয়াৰ পানী যোগান আঁচনিৰ এডাল বৃহৎ পানীৰ পাইপ । পানীৰ পাইপডাল আঁতৰ নকৰাকৈ কালভাৰ্টটো নিৰ্মাণ কৰিছে ঠিকাদাৰে ।

সেয়ে, তেওঁৰ কামত স্থানীয় ৰাইজে আপত্তি দৰ্শায় । পানী পাইপডাল আঁতৰ নকৰাকৈ কালভাৰ্টটো নিৰ্মাণ কৰিলে বৰষুণৰ পানী ওলাই যাব নোৱাৰি পুনৰ ভিআইপি ৰোডত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ আশংকা কৰি স্থানীয় ৰাইজে ঠিকাদাৰজনক কাম বন্ধ কৰিবলৈ বাধ্য কৰে ।

নিম্নমানৰ কাম সম্পন্নৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে

পানীৰ পাইপডাল আঁতৰ নকৰাকৈ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিলে ইয়াৰ পৰিণাম বেয়া হ'ব বুলিও স্থানীয় ৰাইজে সকীয়নি দিয়ে । উল্লেখ্য যে, পথটো মেৰামতিৰ সময়ত লোক নিৰ্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগমে নীলাচল এপাৰ্টমেণ্টৰ সম্মুখত পথৰ মাজত এটা কালভাৰ্টৰ নিৰ্মাণ কৰি পানীখিনি শিলসাঁকো বিলত পেলোৱাৰ ব্যৱস্থা কৰিছিল । কিন্তু কালভাৰ্টৰ মাজত থকা পানীৰ পাইপডাল আঁতৰ নকৰাৰ বাবে পুনৰ এজাক বৰষুণতে অঞ্চলটোত কৃত্ৰিম বান সৃষ্টি হোৱাৰ সম্ভাৱনা পুনৰ প্ৰকট হৈছে ।

সেয়ে, স্থানীয় ৰাইজে কালভাৰ্টটো সম্পূৰ্ণ কৰাৰ পূৰ্বে পানীৰ পাইপডাল আঁতৰোৱাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে । উল্লেখ্য যে, বাৰিষা কৃত্ৰিম বানৰ ফলত পথটোৰে যাতায়াত ব্যাহত হৈ পৰে । তদুপৰি স্থানীয় বাসিন্দাৰ ঘৰৰ চৌহদত নলাৰ পানী, জাৱৰ আদি সোমাই এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি হয় ।

লগতে পঢ়ক: উত্তৰ পূৰ্বাঞ্চলক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.