ETV Bharat / state

চলচ্চিত্র নীতি কাৰ্যকৰীকৰণ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রীৰে আলোচনা প্ৰডিউচাৰ কাউঞ্চিলৰ - Sankaradeva Kalakshetra

ৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগটো বৰ্তি থকাৰ বাবে দুখনকৈ স্ক্ৰিন থকা দুটা চলচ্চিত্ৰ গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীৰ প্ৰতি আহ্বান । চলচ্চিত্ৰ নীতিৰ ৰূপায়ণে ৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগটোৰ বিকাশত সহায় কৰিব ।

চলচ্চিত্র নীতি কাৰ্যকৰীকৰণ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রীৰে আলোচনা

author img

By

Published : Jul 6, 2022, 10:21 PM IST

গুৱাহাটী, ৬ জুলাই: অসমৰ চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত প্ৰডিউচাৰ কাউঞ্চিল, অসমৰ(Assam Producers Council) এটা সজাতি দলে বুধবাৰে জনতা ভৱনত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াক সাক্ষাৎ কৰি ৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগৰ উন্নয়ন সন্দৰ্ভত এক আলোচনাত মিলিত হয় ।

Assam Producers Council
লচ্চিত্র নীতি কাৰ্যকৰীকৰণ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রীৰে আলোচনা

আন্তর্জাতিক খ্যাতি সম্পন্ন চলচ্চিত্ৰ পৰিচালিকা তথা প্ৰযোজিকা মঞ্জু বৰা, ৰঞ্জিত দাস, চন্দ্ৰ মুদৈ, প্ৰদীপ হাজৰিকা আদি প্ৰযোজক আৰু পৰিচালকৰে গঠিত দলটোৱে সাংস্কৃতিক মন্ত্ৰী বড়াৰ(Minister Bimal Bora) সৈতে ৰাজ্যিক চলচ্চিত্ৰ নীতি -২০১৯ ৰ(State Film Policy 2019) কাৰ্যকৰীকৰণৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে । এই চলচ্চিত্ৰ নীতিৰ ৰূপায়ণে ৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগটোৰ বিকাশত কিদৰে সহায় কৰিব এই সন্দৰ্ভতো কাউঞ্চিলৰ তৰফৰ পৰা মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয় ।

আনহাতে চলচ্চিত্ৰ সংস্থাটোৰ তৰফৰ পৰা গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ(Sankaradeva Kalakshetra) বা তেনে কোনো অন্য স্থানত অহৰহ অসমীয়া, জনগোষ্ঠীয় অথবা ভাল ভাৰতীয় ভাষাৰ চলচ্চিত্ৰ স্থানীয় দৰ্শকে চোৱাৰ সুবিধা হোৱাকৈ তথা ৰাজ্যৰ চলচ্চিত্ৰ উদ্যোগটো বৰ্তি থকাৰ বাবে দুখনকৈ স্ক্ৰিন থকা দুটা চলচ্চিত্ৰ গৃহ অথবা ছবিঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈও মন্ত্ৰী বড়াক অনুৰোধ জনায় ।

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে প্ৰডিউচাৰ কাউঞ্চিলৰ দলটোক ইতিবাচক সঁহাৰি জনাই পুনৰ আলোচনাত মিলিত হোৱাৰ পোষকতা কৰে ।

লগতে পঢ়ক: চৰকাৰী কাম-কাজ কৰাৰ সূচলতা সন্দৰ্ভত পর্যালোচনা মন্ত্রী বিমল বড়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.