ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱনতি - Critical situation of Tarun Gogoi etv bharat assam

প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈ
প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈ
author img

By

Published : Nov 21, 2020, 6:43 PM IST

Updated : Nov 21, 2020, 7:43 PM IST

18:36 November 21

গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ মেকানিকেল ভেণ্টিলেশ্যনত ৰখা হৈছে গগৈক ৷ অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৷

প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈ
প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈ

নিউড ডেস্ক,21 নৱেম্বৰ: বিগত আগষ্ট মাহত COVID-19 ত আক্ৰান্ত হৈছিল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তৰুণ গগৈ ৷ এই বিষয়ে গগৈয়ে সকলোকে অৱগত কৰিছিল টুইটাৰৰ জৰিয়তে ৷ স্বাব পৰীক্ষাৰ ফলাফলত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ দেহত ধৰা পৰিছিল COVID-19 ৰ অৱস্থিতি ৷ ৯০ বছৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দিশপুৰস্থিত চৰকাৰী বাসগৃহতে চিকিৎসা গ্ৰহণ কৰে কোভিড 19 ৰ ৷ এক বিশেষজ্ঞ চিকিৎসকৰ দলে গগৈৰ চিকিৎসা অব্যাহত ৰাখে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গগৈক প্ৰেৰণ কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ পৰৱৰ্তী সময়ত বৰ্ষীয়ান নেতা গগৈৰ অক্সিজেন লেভেল হ্ৰাস পোৱাৰ কথা জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে চিকিৎসকৰ এটা দলে অহৰহ গগৈৰ চিকিৎসা কৰি থকাৰ কথা জানিবলৈ দিয়াৰ লগতে গগৈক প্লাজমা আৰু দুই লিটাৰ অক্সিজেন প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে ৷ প্ৰায় 88 শতাংশলৈ তৰুণ গগৈৰ অক্সিজেনৰ লেভেল হ্ৰাস পাইছিল ৷ ইয়াৰ পিছতে পুনৰ অসুস্থ হৈ পৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছতে পুনৰ ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ দেহত অক্সিজেনৰ পৰিমাণ কমি যোৱাত আইচিইউত ভৰ্তি কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক অচ্যুত বৈশ্যই চিকিৎসকৰ এটা বিশেষ দলে অনবৰতে নিৰীক্ষণত গগৈক ৰখাৰ কথা ব্যক্ত কৰিছিল ৷

গগৈৰ স্বাস্থ্যৰ কিছু উন্নতি ঘটাত বিগত 25 অক্টোবৰত চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয় ৷ তাৰ পিছৰ এটা এসপ্তাহত গগৈয়ে দিছপুৰস্থিত চৰকাৰী বাসগৃহত বিশ্ৰাম গ্ৰহণ কৰে ৷ গগৈৰ স্বাস্থ্যৰ প্ৰতি অহৰ্নিশে নজৰ ৰাখিবলৈ চৰকাৰৰ তৰফৰ দুগৰাকী চিকিৎসক আৰু নাৰ্চৰ ব্যৱস্থা কৰি দিয়ে ৷ কিন্তু পুনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰাত ততাতৈয়াকৈ লৈ যোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই পৰৱৰ্তী সময় তৰুণ গগৈৰ স্বাস্থ্য সুস্থিৰ বুলি সদৰী কৰে ৷ তদুপৰি গগৈয়ে হাতৰ ইংগিতেৰে চিকিৎসকৰ সৈতে কথা বতৰা পতাৰ কথাও জানিব পৰা গৈছিল ৷ আইন’টপিক চাপৰ্টৰে চিকিৎসা প্ৰদান কৰি থকা গগৈৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটিছে ৷ 94-95 ত মাস্কৰ সহায়ত 20 লিটাৰ অক্সিজেন দি থকাৰ পিছত পুনৰ অল্টাৰনেটিভ NIB ৰ পৰা মাস্কলৈ কনভাৰ্ট কৰা হৈছে বৰ্ষীয়ান নেতাগৰাকীক ৷ সম্প্ৰতি মেকানিকেল ভেণ্টিলেশ্যনত ৰখা হৈছে গগৈক ৷ গগৈৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ কথা জানিব পাৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি পৰৱৰ্তী 48-72 ঘণ্টা যথেষ্ঠ প্ৰত্যাহ্বানমূলক হ’ব গগৈৰ বাবে ৷

লগতে চাওকঃ পূৰ্বতকৈ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

Last Updated : Nov 21, 2020, 7:43 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.