গুৱাহাটী, ৩১ ডিচেম্বৰ : চাওতে চাওতে বছৰটো বাগৰিবৰে হ’ল (New year 2023)। ২০২২ বৰ্ষটোত হিংসা, হত্যা, ধৰ্ষণ, অপহৰণকে ধৰি কেইবাটাও অপৰাধজনিত ঘটনাই ৰাজ্যখন জোঁকাৰি গ’ল ৷ বিশেষকৈ বিদায়ী বৰ্ষটোৰ শেষৰ ফালে গুৱাহাটী মহানগৰীত বন্দুকধাৰী ডকাইত, চিলনী চোৰে চলোৱা সন্ত্ৰাসৰ ফলত চৰম নিৰাপত্তাহীনতাত দিন কটালে সাধাৰণ জনতাই ।
আনহাতে চাইবাৰ অপৰাধীৰ কবলত পৰি বহু লোকে গাঁঠিৰ ধন হেৰুৱাবলগীয়া হ’ল 2022 বৰ্ষত ৷ হত্যা, হিংসা, নাৰীজনিত অপৰাধ, ধৰ্ষণকে ধৰি বহু অপৰাধৰ ঘটনাই বছৰটো জোঁকাৰি গ’ল ৷ গৃহ বিভাগৰ তথ্য অনুসৰি বিদায়ী বৰ্ষটোত 30 নৱেম্বৰলৈ ৰাজ্যত ৩১,৪৪২ টা অপৰাধমূলক ঘটনা সংঘটিত হয় ৷ তাৰ ভিতৰত 30 নৱেম্বৰ পৰ্যন্ত ৰাজ্যত 994 টা হত্যাকাণ্ড আৰু 1245 টা ধৰ্ষণৰ ঘটনা সংঘটিত হয় (Crime Report 2022 in Assam)।
একে সময়চোৱাত ৰাজ্যত 2381 টা আত্মহত্যা, 5174 টা নাৰী নিৰ্যাতন, 9784 টা চুৰি, 3407 টা অপহৰণ, 4074 টা ঠগ প্ৰৱঞ্চনাৰ ঘটনাই জোঁকাৰি গ’ল । ইয়াৰ উপৰি POCSO আইনৰ অধীনত 1553টা, ডাইনী হত্যা 10 টা, 81 টা ডকাইতি, 164 টা বাল্য বিবাহ, 64 টা নাৰী সৰবৰাহ, 40 টা শিশু সৰবৰাহ আৰু গাড়ী জ্বলোৱা ঘটনা 26 টা বিদায়ী বৰ্ষটোৰ 11 টা মাহত সংঘটিত হয় ।
বিশেষকৈ গুৱাহাটী মহানগৰীত বিদায়ী বৰ্ষটোত কেইবাটাও চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় । আনহাতে 2019 বৰ্ষত ৰাজ্যত 53971 টা, 2020 বৰ্ষত 47892 টা আৰু 20-21 বৰ্ষত 56517 টা অপৰাধমূলক ঘটনা সংঘটিত হয় (Crime in Guwahati 2022)৷
এইসমূহ তথ্যৰ পৰা দেখা যায় যে, ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অপৰাধ নিৰ্মূলৰ বাবে আৰক্ষী প্ৰশাসনৰ সষ্টম কৰিলেই ফলপ্ৰসূ নহ’ল 2022 বৰ্ষত ৷
লগতে পঢ়ক: New Year Celebration : সাৱধান ! আজি নিশা গোলাপী হৈ ৰাস্তালৈ নোলাব