ETV Bharat / state

Diwali in Assam: সেউজ দীপাৱলী পালনৰ আহ্বান বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ - Burn Care Foundation of Namecare

বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত দীপাৱলীত সংঘটিত হ'ব পৰা দুৰ্ঘটনাৰ সম্পৰ্কে সংবাদমেল । সংবাদমেল যোগে দীপাৱলীৰ সময়ত অগ্নিদগ্ধ হোৱা লোকৰ সংখ্যাৰ লগতে হোৱাৰ কাৰণ বিশ্লেষণো কৰা হয় ।

Burn Care Foundation of Namecare
নেমকেয়াৰৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যন
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 9:29 PM IST

নেমকেয়াৰৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যন

গুৱাহাটী, ১১ নৱেম্বৰ : নেমকেয়াৰ হাস্পতালৰ সামাজিক গোট বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত শনিবাৰে দীপাৱলীৰ সময়ত লব'লগীয়া সাৱধানতা সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত হয় । এই সংবাদমেলত হাস্পতালখনৰ বাৰ্ণ ইউনিটত চিকিৎসাধীন হোৱা ৰোগী সকলৰ তথ্য হাস্পতালৰ কৰ্তৃপক্ষই উল্লেখ কৰে । দীপাৱলীৰ সময়ত অগ্নিদগ্ধ হোৱা লোকৰ সংখ্যাৰ লগতে অগ্নিদগ্ধ হোৱাৰ কাৰণ বিশ্লেষণ কৰে নেমকেয়াৰ হাস্পতালৰ মুখ্য় পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই । ৰাইজক ফটকা বিহীন দীপাৱলী পালন কৰাৰ লগতে সামাজিক সজাগতাৰ আহ্বান জনায় ডাঃ হিতেশ বৰুৱাই।

তেওঁ কয় যে ফটকা, আতচবাজীৰ বাবে বহুতো লোক দুৰ্ঘটনাত পতিত হয় । তথ্য অনুসৰি জুয়ে পোৰা দুৰ্ঘটনাৰ ভিতৰত শতকৰা ১০-১২ % হ'ল দীপাৱলীত সংঘটিত হোৱা দুৰ্ঘটনা । আনহাতে, এই দুৰ্ঘটনাৰ বলি হোৱা সৰহভাগেই শিশু আৰু কিশোৰ বুলি তেওঁ কয় যে ২০২২ বৰ্ষ ৩৪ গৰাকী লোক দীপাৱলীৰ সময়ত অগ্নিদগ্ধ হৈ নেমকেয়াৰ হাস্পাতালত চিকিৎসাধীন হৈছে । ফটকাৰ অসাৱধান ব্যৱহাৰৰ বাবে বহুতো লোকৰ হাত, মুখমণ্ডল জ্বলে, জীৱনলৈ ভয়াবহতা নামি আহে। গতিকে পৰাপক্ষত আতচবাজী ব্যৱহাৰ নকৰিবলৈ তেওঁ আহ্বান জনায় ।

উক্ত সংবাদমেল যোগে বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ সম্পাদক ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই শ্ৰৱ্য-দৃশ্য মাধ্যমেৰে দীপাৱলীত হ'ব পৰা জুয়ে পোৰা দুৰ্ঘটনা, বায়ু আৰু শব্দ প্ৰদূষণৰ বিষয়ে সকলোকে অৱগত কৰে । ৰাইজক ফটকাবিহীন দীপাৱলী পালন কৰি নিজকে আৰু বিশ্বক প্ৰদূষণৰ পৰা মুক্ত কৰিবলৈ আহ্বান জনাই কয় যে আতচবাজীৰ বাবে দীপাৱলীৰ আনন্দৰ মাজতে বহুতো লোক অগ্নিদগ্ধ হয় ৷ জুয়ে পোৰা দুৰ্ঘটনাৰ ভিতৰত প্ৰায় ১০ শতাংশ দীপাৱলীত সংঘটিত হোৱা দুৰ্ঘটনা বুলি উল্লেখ কৰে বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্যনৰ সম্পাদক ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই ৷

তেওঁ পুনৰ কয় যে দীপাৱলীৰ সময়ত ফুটোৱা ফটকাৰ ফলত বায়ুমণ্ডল প্ৰদূষণ আৰু শব্দ প্ৰদূষণ হয় অস্বাভাৱিকভাৱে ৷ দীপাৱলীৰ ফটকাৰ উচ্চ শব্দ, অতিমাত্ৰা ধোঁৱা, পোহৰ আৰু ৰাসায়নিক পদাৰ্থই বায়ুমণ্ডল প্ৰদূষিত কৰি পৰিৱেশৰ ভাৰসাম্য় বিনষ্ট কৰে বুলি ডাঃভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই কয় ।

লগতে পঢ়ক:Women Entry Ban in Satra : সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰাক লৈ বৰপেটাৰ সত্ৰলৈ ন্যায়ালয়ৰ জাননী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.