ETV Bharat / state

Assam Tea Worker: চাহ শ্রমিকৰ নূন্যতম মজুৰি ৩৫১.৩৩ টকা আদায় দিয়াৰ দাবীত ৰাজ্যপালক স্মাৰকপত্ৰ চি পি আই এম এলৰ - Tea Worker minimum wage

চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীৰে বৃহস্পতিবাৰে ৰাজ্যপালক ওচৰত স্মাৰক পত্ৰ দাখিল কৰিলে চি পি আই এম এলে ৷ চাহ শ্ৰমিকৰ নূন্যতম মজুৰি ৩৫১.৩৩ টকা নিৰ্ধাৰণ কৰাৰ দাবী ৷

Assam Tea Worker
Assam Tea Worker
author img

By

Published : Aug 3, 2023, 5:22 PM IST

গুৱাহাটী, ৩ আগষ্ট: অসমৰ চাহ শ্ৰমিকৰ নূন্যতম মজুৰি ৩৫১.৩৩ টকা নিৰ্ধাৰণ কৰি শীঘ্ৰে আদায় দিয়াৰ দাবীত বৃহস্পতিবাৰে চি পি আই এম এলে ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান কৰে । চি পি আই এম এলৰ ৰাজ্যিক সম্পাদক বিবেক দাসৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি এই স্মাৰকপত্ৰ প্ৰদান কৰে ।

স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিচত সাংবাদিকৰ আগত চি পি আই এম এলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে কয় যে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ আৰু চিপিআই (এম এল) দলৰ তৰফৰ পৰা অসমৰ এক ষষ্ঠাংশ লোকৰ জীৱন জীৱিকাৰ লগত জড়িত এটা অতি গুৰুত্বপূৰ্ণ আৰু জলন্ত সমস্যাৰ প্ৰতি মাত মাতি আহিছে ।

তেওঁ কয় যে অসমৰ প্ৰায় ৯৩২ খন পঞ্জীয়নভুক্ত চাহ বাগিচাত চাহ বাগিচা শ্ৰম আইনে সামৰি লোৱা প্ৰায় ১১ লাখ চাহ শ্ৰমিক আছে ৷ আনহাতে আইনে সামৰি নোলোৱা শ্ৰমিকৰ সংখ্যাও ৫ লাখৰ কম নহ’ব । এই চাহ শ্ৰমিকসকল দেশৰ একো একোজন নাগৰিক হোৱাৰ লগতে ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অনন্য অৱদান আগবঢ়াই আহিছে । কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে এই চাহ শ্ৰমিকসকলক তেওঁলোকৰ এটা মৌলিক ন্যায্য প্ৰাপ্যৰ পৰা বছৰ বছৰ ধৰি বঞ্চিত কৰি ৰখা হৈছে আৰু সেইটো হৈছে যে অসমৰ চাহ শ্ৰমিক সকলৰ বাবে আজিৰ তাৰিখলৈকে নূন্যতম মজুৰি নিৰ্ধাৰণ কৰা হোৱা নাই ।

তেওঁ উল্লেখ কৰে যে ২০১৮ চনত অসমৰ শ্ৰম আ‌য়ুক্তই দাখিল কৰা ৩৫১.৩৩ টকাৰ প্ৰস্তাৱক ভিত্তি কৰি আৰু এই ৫ বছৰৰ VDA যোগ কৰি চাহ শ্ৰমিকৰ দৈনিক নূন্যতম মজুৰি নিৰ্ধাৰণ কৰি ঘোষণা কৰিব লাগে ৷ এয়া তৎকালীনভাৱে কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব লাগে বুলি বিবেক দাসে দাবী জনায় ।

উল্লেখ্য যে চি পি আই এম এলে ৰাজ্যপালক প্ৰদান কৰা স্মাৰকপত্ৰত উল্লেখ কৰে যে ২০১৮ চনত চাহ শ্ৰমিকৰ নূন্যতম মজুৰি নিৰ্ধাৰণ কৰাৰ বাবে তদানীন্তন অসম চৰকাৰে এখন মজুৰি উপদেষ্টা বৰ্ড গঠন কৰি দিছিল । সেই উপদেষ্টা বৰ্ডৰ বৈঠকত অসমৰ শ্ৰম আ‌য়ুক্তই চাহ শ্ৰমিকৰ নূন্যতম মজুৰি ৩৫১.৩৩ টকা হ'ব লাগে বুলি প্ৰস্তাৱ দাখিল কৰিছিল । অসম চৰকাৰে সেই প্ৰস্তাৱ গ্ৰহণ কৰি চাহ শ্ৰমিকৰ নূন্যতম মজুৰি নিৰ্ধাৰণ কৰিব বুলি সকলোৱে আশা কৰিছিল ।

কিন্তু ইয়াৰ বিপৰীতে চৰকাৰে ৩ আগষ্ট, ২০১৮ তাৰিখে অন্তৰ্ৱৰ্তীকালীন মজুৰি বৃদ্ধিৰহে সিদ্ধান্ত গ্ৰহণ কৰে । ২০১৮ চনৰ জুলাইৰ পৰা ২০২৩ চনৰ আজিৰ তাৰিখলৈকে কোনো এখন চৰকাৰেই চাহ শ্ৰমিকৰ নূন্যতম মজুৰি নিৰ্ধাৰণ নকৰিলে । আনকি বহু প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা বৰ্তমানৰ চৰকাৰখনেও একেটাই নীতি গ্ৰহণ কৰে আৰু ফলত চাহ শ্ৰমিক সকল বহু প্ৰতীক্ষিত আইনসংগত নূন্যতম মজুৰিৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হ’ল ৷

এইখন চৰকাৰ ক্ষমতাত আহি ২০২১ চনৰ জুন মাহত চাহ শ্ৰমিকৰ অন্তৰ্ৱৰ্তীকালীন মজুৰি ৩৮ টকা বৃদ্ধি কৰে । ইয়াৰ পাচত এই চৰকাৰে চাহ শ্ৰমিকৰ নূন্যতম মজুৰি নিৰ্ধাৰণ নকৰি পুনৰ ২০২২ চনৰ ২২ আগষ্ট তাৰিখে ২৭ টকা অন্তৰ্ৱৰ্তীকালীন বৃদ্ধি কৰি মুঠ ২৩২ টকা নিৰ্ধাৰণ কৰে । বৰ্তমান এই মজুৰি চাহ শ্ৰমিকসকলে লাভ কৰি আহিছে ।

১৯৪৮ চনৰ নূন্যতম মজুৰি আইনমতে ২০১৮ চনতে চাহ শ্ৰমিকৰ নূন্যতম মজুৰি ৩৫১.৩৩ টকা হ'ব লাগিছিল যিটো অসম চৰকাৰৰ শ্ৰম আ‌য়ুক্তই তদানীন্তন মজুৰি উপদেষ্টা বৰ্ডৰ বৈঠকত দাখিল কৰিছিল । তেনে ক্ষেত্ৰত আজি ৫ বছৰৰ পাছতো দৈনিক মজুৰি ২৩২ টকা প্ৰদান কৰি চৰকাৰে চাহ শ্ৰমিকসকলক চৰম প্ৰতাৰণা আৰু বঞ্চনা কৰা নাইনে বুলি স্মাৰক পত্ৰত উল্লেখ কৰে ।

লগতে পঢ়ক: Assam Cabinet Meeting: 150 ৰ অধিক শিক্ষাৰ্থী থকা প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিয়া হ’ব প্ৰধান শিক্ষক; কেবিনেটৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.