ETV Bharat / state

চৰকাৰী উচ্ছেদ অভিযানৰ বিৰুদ্ধে CPI(M)ৰ প্ৰতিবাদ

author img

By

Published : Jun 10, 2021, 9:36 PM IST

বৃহস্পতবাৰে গুৱাহাটী মহানগৰীত CPI(M)ৰ প্ৰতিবাদ ৷ সাম্প্ৰদায়িক উদ্দেশ্যৰে চলোৱা উচ্ছেদ (eviction) অভিযান বন্ধ কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ ৷

cpim protest
চিপিআইএমৰ প্ৰতিবাদ

গুৱাহাটী,10 জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বৃহস্পতবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে CPI(M)য়ে ৷ বিকল্প সংস্থাপন অবিহনে আৰু সাম্প্ৰদায়িক উদ্দেশ্যৰে চলোৱা উচ্ছেদ (eviction) অভিযান বন্ধ কৰাৰ দাবীৰে ৰাজ্যজুৰি প্ৰতিবাদ দিৱস পালন কৰিছে CPI(M)য়ে । ক’ভিড বিধি (covid rules) পালন কৰি ৰাজ্যজুৰি এই প্ৰতিবাদ দিৱস পালন কৰা হয় ।

গুৱাহাটী ক্লাৱত আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত CPI(M)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্য, কেন্দ্ৰীয় কমিটিৰ সদস্য সুপ্ৰকাশ তালুকদাৰ, জ্যেষ্ঠ নেতা উদ্ধৱ বৰ্মনকে ধৰি ৰাজ্যিক নেতৃবৃন্দই অংশগ্ৰহণ কৰে । প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, ‘‘নতুন চৰকাৰখনে দায়িত্বভাৰ লোৱাৰে পৰা ৰাজ্যখনৰ বিভিন্ন স্থানত নিৰ্মম উচ্ছেদ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে ।

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে শপত গ্ৰহণ কৰাৰ এসপ্তাহৰ ভিতৰতে 17 মে’ত চতিয়া সমষ্টিৰ জামুগুৰিহাট অঞ্চলত 25 টা পৰিয়ালক উচ্ছেদ কৰাৰ পাচতে এই অভিযানৰ সূচনা কৰে CPI(M)য়ে । পৰৱৰ্তী সময়ত চিৰাং জিলাৰ কৰাইবাৰী বনগাঁও, ৰুণিখাতাৰ ওদালগুৰিৰ 5নং বনাঞ্চল, কৰিমগঞ্জ জিলাৰ লোৱাইপোৱা লংগাই সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলাই ঘৰ-দুৱাৰ আৰু খেতি-বাতি ধ্বংস কৰা হয় ।

চিপিআইএমৰ প্ৰতিবাদ

শেহতীয়াকৈ 6 জুনত হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ তাৰালাংছু কাকী টিলা বজাৰত 74 টা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি পেলায় আৰু 100 বিঘাৰো অধিক মাটিৰ কুঁহিয়াৰ আৰু হালধি খেতি ধ্বংস কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ে ক’ভিড (covid) অতিমাৰীৰ সময়ত সকলো ধৰণৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ দিয়া সত্বেও অসম চৰকাৰে এই অন্যায় অভিযান চলাই আছে ।

প্ৰতিবাদকাৰীসকলে এই উচ্ছেদ অভিযানক সাম্প্ৰদায়িক আখ্যা দি কয়, ‘‘চিৰাং জিলাৰ কৰাইবাৰীক বাদ দি সকলো ক্ষেত্ৰতে মুছলমান নাগৰিকসকলক উচ্ছেদ অভিযানৰ লক্ষ্য কৰি লোৱা হৈছে ৷ উচ্ছেদিত লোকসকল ‘সন্দেহযুক্ত’ নাগৰিক, তেওঁলোকে অবৈধভাৱে বনাঞ্চল অথবা চৰকাৰী মাটি দখল কৰিছে, এই প্ৰচাৰ চলাই অমানৱীয় উচ্ছেদ অভিযানক ন্যায্যতা প্ৰদান কৰিব বিচৰা হৈছে । অথচ উচ্ছেদিত লোক এজনো বিদেশী বুলি প্ৰমাণিত হোৱা নাই । তেওঁলোকে বহু বছৰ ধৰি এই অঞ্চলবোৰত বসবাস কৰি আহিছে । কৰাইবাৰী অঞ্চলত গোৰ্খা, সূত্ৰধৰ, ৰাজবংশী, আদিবাসী সম্প্ৰদায়ৰ দুখীয়া পৰিয়ালক উচ্ছেদ কৰি নিঠৰুৱা কৰা হৈছে’’ । উল্লেখ্য যে, কোনো বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কৰা উচ্ছেদ অভিযানৰ তীব্ৰ বিৰোধিতা কৰি এই উচ্ছেদ বন্ধ কৰাৰ দাবী জনাইছে CPI(M)ৰ অসম ৰাজ্যিক কমিটীয়ে ।

লগতে পঢ়ক : অসম আৰক্ষীয়ে খেনোক দেখি ৰান্ধে বাঢ়ে খেনোক দেখি দুৱাৰ মাৰে : কমল মেধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.