ETV Bharat / state

Protest Against Price Hike : পুঁজিপতিৰ দ্বাৰা নিৰ্ধাৰণ হৈছে বজাৰৰ দাম

author img

By

Published : Nov 16, 2021, 10:04 PM IST

গুৱাহাটীত মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত উত্তাল প্ৰতিবাদ চিপিআইএমৰ ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়, পুঁজিপতিয়ে বজাৰৰ দাম নিৰ্ধাৰণ কৰিছে । যাৰ ফলত দেশৰ অৱস্থা এই পৰ্যায় পাইছে ।

CPIM Protest Against Price Hike in Guwahati
পুঁজিপতিৰ দ্বাৰা নিধাৰণ হৈছে বজাৰৰ দাম

গুৱাহাটী, ১৬ নৱেম্বৰ: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত শনিবাৰে মহানগৰীত বিক্ষোভ প্ৰদৰ্শন কৰে চিপিআইএমে । পানবজাৰস্থিত বি এছ এন এল ভৱনৰ সন্মুখৰ পৰা ৰেলীৰে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰে প্ৰতিবাদকাৰীয়ে ।

হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷ অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি হ্ৰাস, চাউল, আটা, মিঠাতেল, চেনী, চাবোন, দালি সহ ১৪ বিধ নিত্য প্ৰয়োজনীয় সামগ্ৰী সুলভ মূল্যত যোগান ধৰা, পেট্ৰল-ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰা, আয়কৰৰ আওতাত নপৰা প্ৰতিটো পৰিয়ালক মাহে ৭৫০০ টকাকৈ প্ৰদান কৰা, কৃষকৰ উৎপাদিত ফচল ন্যাৰ্য দামত চৰকাৰৰ উদ্যোগত ক্ৰয় কৰা, নিৰ্মাণ সামগ্ৰীৰ দাম হ্ৰাস কৰা আদি বিভিন্ন দাবীৰে ৰূপায়ন কৰে এই বিক্ষোভ কাৰ্যসূচী ৷

পুঁজিপতিৰ দ্বাৰা নিধাৰণ হৈছে বজাৰৰ দাম

কাৰ্যসূচীৰ অন্তত তেওঁলোকৰ দাবীৰ সম্বলিত এক স্মাৰক পত্ৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে । বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে, মূল্যবৃদ্ধিয়ে মানুহক যেনেদৰে জৰ্জৰিত কৰিছে, মানুহৰ পাকঘৰত জুই নজ্বলা অৱস্থা হৈছে ।

লগতে পঢ়ক: ফেব্ৰুৱাৰীত নাহৰকটীয়াত শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশন : ব্যাপক প্ৰস্তুতি আৰম্ভ

অতি দুৰ্ভাগ্যজনক কথা যে, মূল্যবৃদ্ধিৰ সমস্যা সমাধান কৰিব নোৱাৰি মুখ্যমন্ত্ৰীয়ে হাত দাঙি দিছে । গণতান্ত্ৰিক মাধ্যমেৰে প্ৰতিবাদ কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ দিব বিচাৰিছিলোঁ, তাকো ভেটা দি প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছে । কণ্ঠ ৰুদ্ধ কৰাৰ যি ব্যৱস্থা কৰিছে তাৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ বুলি মন্তব্য প্ৰকাশ কৰে মনোৰঞ্জন তালুকদাৰে ৷

লগতে তেওঁ কয়, বিজেপি চৰকাৰে সমগ্ৰ বজাৰ পুঁজিপতিক গতাই দিয়াৰ ব্যৱস্থা কৰিছে । পুঁজিপতিয়ে বজাৰৰ দাম নিৰ্ধাৰণ কৰিছে । তাৰ ফলত দেশৰ অৱস্থা এই পৰ্যায় পাইছে । ৰাজহুৱা বিতৰণ ব্যৱস্থা বিজেপিয়ে ধ্বংস কৰিছে । চাউল দিয়াৰ বাহিৰে কোনো দায়িত্ব গ্ৰহণ কৰা নাই বুলি চৰকাৰক সমালোচনা কৰে বিধায়ক গৰাকীয়ে ।

লগতে পঢ়ক: শিৱসাগৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.